“ক’ভিড ১৯” নহয়; বৰ্তমান ২০২০ চনটোৱেহে যেন আতংকিত কৰি তুলিছে দৰ্শকক। সাধাৰণজনৰ স্বাভাৱিক জীৱনযাত্ৰাৰ পৰা আৰম্ভ কৰি মনোৰঞ্জন ক্ষেত্ৰৰ পৰা অহা কিছু দুঃখবৰে বৰ্তমান সন্ত্ৰাসগ্ৰস্ত কৰি তুলিছে দৰ্শক। এটাৰ পিছত এটাকৈ বেয়া খবৰে বৰ্তমান দৰ্শকক মৰ্মাহত কৰি তুলিছে। ইৰফান খানৰ মৃত্যুৰ শোক গ্ৰহণ কৰিবলৈ নৌপাওঁতেই বলীউড অভিনেতা ঋষি কাপুৰেও কৰিলে ইহলীলা সম্বৰণ। যোৱাকালি ৰাতি হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক; এচ.এন ৰিলায়েন্স হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল ঋষি কাপুৰক। অভিনেতা গৰাকীক হাস্পাতালত ভৰ্তি কৰোৱাৰ খবৰ দিছিল তেওঁৰেই জ্যেষ্ঠ ভাতৃ ৰণধীৰ কাপুৰে।

কেঞ্চাৰত ভুক্তভোগী অভিনেতা গৰাকীয়ে শ্বাস-প্ৰশ্বাসত অসুবিধা পোৱাৰ বাবেই তেওঁক ভৰ্তি কৰোৱা হৈছিল হাস্পাতালত। বিগত বৰ্ষত চেপ্তেম্বৰ মাহত আমেৰিকাৰ পৰা ভাৰত উভতি আহে; ২০১৮ চনত ঋষি কাপুৰৰ গাত কেঞ্চাৰৰ অৱস্থিতিৰ কথা গম পোৱা পিছতেই তেওঁক নিউয়ৰ্কলৈ লৈ যোৱা হয় আৰু তাত প্ৰায় এবছৰ ধৰি কেঞ্চাৰৰ চিকিৎসা কৰে। অভিনেতা গৰাকীৰ সৈতে সেইটো সময়তো তেওঁৰ পত্নীয়ে থাকে।

এক সাক্ষাৎকাৰত ঋষি কাপুৰে তেওঁৰ পত্নীক ধন্যবাদ জনায় কয় যে, নিতু নাথাকিলে হয়টো তেওঁৰ বাবে এইবোৰ সম্ভৱ নাছিল।
Add comment