দেশত সংঘটিত এনে ত্ৰাসৰ সময়ত প্ৰত্যেকেই এক বিভীষিকাময় পৰিস্থিতিৰ সন্মুখীন হৈছে। ভাৰতবৰ্ষ এক মাহতকৈ অধিক সময় “লক-ডাউন” ত বৰ্তি আছে। পৰৱৰ্তী সময়ত এই “লক-ডাউনে” কেনে ৰূপ ধাৰণ কৰিব সেয়া এক প্ৰশ্ন হৈ পৰিছে বৰ্তমান। কিছু সংখ্যক লোকে য’ত অনাহাৰে দিন কটাইছে তাতেই আকৌ একাংশই নিজৰ ঘৰৰ পৰা দূৰৈত আৱদ্ধ হৈ পৰিছে।

এনেক্ষেত্ৰত এইসকল লোকক সহায়ৰ বাবে আগবাঢ়িছে বিভিন্ন জন চিলেব্ৰেটী। বিগত দিনত ইয়াৰ বহু উদাহৰণ আমি দেখিবলৈ পাইছো। এনে চিলেব্ৰেটী সমূহৰ মাজত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতা সনু সোদে। মজদুৰৰ সকলৰ বাবে হোটেল খোলাৰ উপৰিও তেওঁ প্ৰায় ১.৫ লাখ মজদুৰক বিভিন্ন ধৰণে সহায় আগবঢ়াইছে। খোৱা-বোৱাৰ পৰা আদি কৰি তেওঁ যাৱতীয় সা-সামগ্ৰী যোগান ধৰালৈ সেৱা আগবঢ়াইছে মজদুৰক।

কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সৈতে লগ হৈ যেনেদৰে বাহিৰত থকা লোক সকলক নিজ নিজ ঘৰলৈ অনা ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে। ঠিক তেনেদৰে সনু সোদেও এই ব্যৱস্থাত চৰকাৰক সহায় আগবঢ়াইছে। উল্লেখ্য যে, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটক চৰকাৰেও ইয়াৰ অনুমতি প্ৰদান কৰে। সনু সোদে নিজাববীয়াকৈ ১০ খন বাছৰ ব্যৱস্থা কৰি মজদুৰ সকলক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।
Add comment