বিগত কেইবাবছৰৰ অন্তত ভূমুকি মাৰিলেও অসমীয়া ছবি ক্ষেত্ৰখনত কেইবাটাও ন-পৰিকল্পনাৰে আহিবলৈ সাজু হৈছে এন.কে প্ৰডাকচন। “জানমণি ২০২০” ৰ সমান্তৰালকৈ আন বহু প্ৰকল্পৰ সৈতে জনসাধাৰণৰ মাজলৈ আহিছে এন.কে.প্ৰডাকচন। অসমীয়া চলচিত্ৰ প্ৰেমী ৰাইজৰ মাজত এন.কে প্ৰডাকচন হাউচটোৱে এক আৱেগ ৰূপে স্বীকৃতি লাভ কৰিছিল। তেওঁলোকৰ প্ৰতিটো বিষয়বস্তুৰ মানদণ্ড আছিল লেখত ল’বলগীয়া; “জানমণি” ৰ পিছতেই এন.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত আন এখন ছবি হৈছে “দা শ্লেম বুক”।

নৱপ্ৰজন্মৰ প্ৰতিভাক আদৰি নতুনত্বক সুযোগ দিয়া এনে.কে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ বৰ্তমান পোষ্ট-প্ৰডাকচনৰ কাম কৰি থকা হৈছে। প্ৰাঞ্জল গৈয়াৰীৰ কাহিনী তথা পৰিচালনাৰে নিৰ্মিত ছবিখনৰ প্ৰযোজনা দেৱ বৰকটকীৰ। গুৱাহাটীৰ কেইবাটাও ঠাইৰ লগতে মেঘালয়ত দৃশ্যগ্ৰহণ কৰা এই ছবিখনত পুনৰ বাৰ দৰ্শকে পাব এক ব্যতিক্ৰমী প্ৰেম কাহিনীৰ সোঁৱাদ। প্ৰেমে সদায় নিজৰ সৈতে প্ৰাপ্তি নকঢ়িয়ায়; ইয়াৰ মাজত বিষাদৰ কাইঁটীয়া বেদনাও থাকে। প্ৰেম, প্ৰাপ্তি-অপ্ৰাপ্তিৰ অমিল সমীকৰণ তথা উন্মাদনা ও ভয় লগতে শংকাৰ গভীৰ আচ্ছাদনেই হৈছে পৰিচালক প্ৰাঞ্জলৰ উক্ত ছবিখনৰ কাহিনীভাগ।

“দা শ্লেম বুক” ৰ চিত্ৰনাট্য-সংলাপ ৰচনা বিষ্ণুজ্যোতি সন্দিকৈৰ। এই ছবিখনৰ সংগীত পৰিচালনা হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ। জ্ঞান গৌতমৰ দৃশ্যগ্ৰহণেৰে ছবিখনৰ মূখ্য সহঃ পৰিচালকৰ দায়িত্বত আছে সপ্তৰ্ষি গগৈ। দীপক দে’ আৰু উদয় শংকৰৰ কৰিঅ’গ্ৰাফীৰে ছবিখনৰ ৰূপসজ্জা কৰিছিল কামছীয়ে। উক্ত ছবিখনত কেইবাগৰাকীও ন-পূৰণি শিল্পীৰ সমাহাৰ ঘটিছে।

ছবিখনত অভিনয় কৰিছে নিৰূপম শইকীয়া, বিভূতি ভূষণ হাজৰিকা, ৰূপম বৰুৱা, পুনম লহকৰ, শ্ৰেষ্ঠা চৌধুৰী, সিদ্ধাৰ্থ মূখাৰ্জী, কাকলি সন্দিকৈ, প্ৰিয়ংকা বৰুৱা, ৰাজ দত্ত আৰু চিন্ময় বৰগোঁহাইয়ে। ছবিখনৰ প্ৰচাৰ পৰিকল্পনাৰ দায়িত্বত আছে হেমন্ত শৰ্মা। ছবিখনক লৈ বৰ্তমান উৎসাহী হৈ থকা দেখিবলৈ পোৱা গৈছে একাংশক। দেশত “কভিড ১৯” য়ে ভয়াৱহতা কঢ়িয়াইছে যদিও এয়া চিৰস্থায়ী নহয়; গতিকে পৰৱৰ্তী সময়ত নিশ্চয়তাৰে দৰ্শকে উপভোগ কৰিব পাৰিব এখন সুন্দৰ ছবি।
Add comment