বলীউডৰ জনপ্ৰিয় লেখক, গীতিকাৰ আৰু সংগীত পৰিচালক গুলজাৰে সামাজিক বিবাদক লৈ নিজৰ মতৰ স্পষ্টতা দাঙি ধৰা দেখিবলৈ পোৱা যায়। সম্প্ৰতি ক’ভিড ১৯ য়ে মাধমাৰ সোধোৱাৰ ফলত দেশত হোৱা “লক-ডাউন”য়ে অধিক ঋণাত্মক প্ৰভাৱ পেলাইছে মজদুৰৰ ওপৰত। দেশৰ ভিন্ন ঠাইৰ পৰা মজদুৰ ওলাই আহি খোজকাঢ়িয়ে নিজ নিজ ঘৰলৈ উভতিব ধৰিছে। এনে ঘটনাক কেন্দ্ৰ কৰিয়েই গুলজাৰে এওঁলোকৰ ওপৰত কবিতা ৰচনা কৰে। তেওঁ কবিতাটিক নিজ চচিয়েল মিডিয়া পেজত আপলোড কৰে আৰু কয় যে, “ঘৰ যাবলৈ বিচৰা তথা মানসিক ভাৱে ভাগি পৰা মজদুৰ সকলৰ দূৰ্দশা আৰু তেওঁলোকৰ উদাস মনোভাৱ লৈয়ে মই মোৰ কবিতা “মৰেংগে তো ৱহী যাকৰ; যহা জিন্দেগী হে” লিখাৰ প্ৰয়াস কৰিছো।” উক্ত কবিতাটিত মজদুৰ সকলৰ বেদনা প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে, “লক-ডাউন” আৰম্ভণিৰ পৰাই সংবাদ মাধ্যমত এনে বহু বাতৰিৰ প্ৰকাশ পাইছে য’ত একাংশ মজদুৰে খোজকাঢ়িয়ে দীঘল বাট পোনাইছে। দৈনিক শ্ৰম কৰি খোৱা এইসকল মজদুৰৰ এইখিনি সময়ত হোৱা অভাৱ-অনাটনে কন্দোৱাইছে এতিয়া প্ৰত্যেকজন নাগৰিকক। ইয়াৰ ফলতেই বহুতেই অনুদান অথবা খোৱা বস্তুৰ যোগান ধৰিছিল এওঁলোকক। বৰ্তমান কেন্দ্ৰ তথা ৰাজ্য চৰকাৰেও এওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক নিজ নিজ ঘৰলৈ এৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।
Add comment