Rupaliparda.com
তিনি দিনত ১ লাখৰ শাৰীত নিখিল জ্যোতি শৰ্মাৰ "তুমি সুবাস"- 1

তিনি দিনত ১ লাখৰ শাৰীত নিখিল জ্যোতি শৰ্মাৰ “তুমি সুবাস”-

সংগীতেই হওঁক অথবা অভিনয় ক্ষেত্ৰতেই হওঁক; ক্ৰমান্বয়ে নিজ খুঁতি মজবুত কৰিছে একাংশ নৱপ্ৰজন্মৰ শিল্পী, কলা-কুশলীয়ে। এওঁলোকৰ ব্যতিক্ৰমী বিষয়বস্তুৱেও আকৰ্ষণ কৰিছে জনসাধাৰণক। এওঁলোকৰ একোটা সৃষ্টিয়ে অতি কম সময়ৰ ভিতৰতেই লাভ কৰিবলৈ সক্ষম হয় জনসাধাৰণৰ সমাদৰ। এনে বহু শিল্পী, কলা-কুশলীৰ কথা আপোনালোকক ইতিমধ্যে ৰূপালীপৰ্দা যোগে জনোৱা হৈছে। আকৌ এবাৰ আন এজন নৱপ্ৰজন্মৰ কন্ঠশিল্পী নিখিল জ্যোতি শৰ্মাৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত গীত “তুমি সুবাস” লাভ কৰিছে জনপ্ৰিয়তা। কেৱল মাত্ৰ তিনি দিনৰ ভিতৰতেই উক্ত গীতটিৰ উপভোগ কৰা দৰ্শকৰ সংখ্যা পাইছেগৈ লাখৰ ওচৰ। ১লাখ ভিউৱাৰচ অতিক্ৰম কৰা উক্ত গীতটিৰ সফলতাৰ আঁৰত থকা নিখিল জ্যোতি শৰ্মাৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল সৰুকালৰ পৰাই।


“লক-ডাউন” ৰ মাজতেই শ্ৰোতাক কিছু সময়ৰ প্ৰশান্তি প্ৰদান কৰাৰ অৰ্থে মুক্তি কৰি দিয়া গীতটিয়ে সঁচা অৰ্থত শ্ৰোতাৰ হৃদয় জুৰাবলৈ সক্ষম হৈছে। পঞ্চম শ্ৰেণীৰ পৰা ক্লাচিকেল সংগীতৰ শিক্ষা অৰ্জন কৰা নিখিলে ২০১৭ চনত তেওঁৰ প্ৰথমটো গীত “এধানি মৰম” ক মুক্তি কৰিছিল। সদ্যমুক্তিপ্ৰাপ্ত নিখিলৰ “তুমি সুবাস” শীৰ্ষক গীতটিত শ্ৰোতাৰ কমেন্ট দেখিলেই আচলতে গীতটিৰ উপভোগ্যতা থিৰাং কৰিব পৰা যায়।

তিনি দিনত ১ লাখৰ শাৰীত নিখিল জ্যোতি শৰ্মাৰ "তুমি সুবাস"- 2


নিখিল জ্যোতি শৰ্মা তথা সান্নিধ্য ভূঞাৰ যুঁটীয়া কন্ঠৰে নিৰ্মিত গীতটিৰ সংগীত পৰিচালনা প্ৰশান্ত দাস আৰু সান্নিধ্য ভূঞাৰ। গীতটিৰ কথা প্ৰশান্ত দাসৰ। লগতে, শব্দ সংমিশ্ৰণ নিবিড় এক্সৰ। গীতটিৰ এনিমেশ্বন প্ৰদানৰ দায়িত্বত আছিল সমীৰণ বুঢ়াগোঁহাই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.