অমিতাভ বচ্চনৰ জনপ্ৰিয় ছবি “অমৰ অকবৰ এন্থনী” য়ে ইতিমধ্যে সম্পূৰ্ণ কৰিলে নিজ ৪৩ টা বৰ্ষ। এই বৰ্ষপূৰ্তিত অমিতাভে চচিয়েল মিডিয়াত এটি পোষ্ট দি ছবিখনৰ বিষয়ে দৰ্শকক জানিবলৈ দিয়ে। ছবিখনত অন্তৰ্ভূক্ত চৰিত্ৰ সমূহৰ কিছু ফটো আপলোড কৰি অমিতাভে এটি পোষ্ট লিখে। তেওঁ কয় যে, “আজিৰ পৰা ৪৩ বছৰ পূৰ্বে “অমৰ অকবৰ এন্থনী” য়ে ৭.২৫ কোটি টকাৰ বস্ক অফিচ কালেকচন কৰিছিল। যদিহে আমি আজিৰ সৈতে ইয়াক তুলনা কৰিবলৈ যাওঁ তেনেহ’লে ই হ’বগৈ “বাহুৱলী ২” বস্ক অফিচ কালেকচনতকৈও অধিক।” উক্ত ছবিখনত অমিতাভ বচ্চনৰ উপৰিও অভিনয় কৰিছিল ঋষি কাপুৰ, বিনোদ খান্না, শবানা আজমী, নীতু কাপুৰ, পৰবীন বাবী, প্ৰাণ আৰু নিৰুপা ৰয়ে। ছবিখনক সেই সময়ছোৱাত যথেষ্ট পচন্দও কৰা হৈছিল।

উল্লেখ্য যে, অভিনয় ক্ষেত্ৰখনত অমিতাভ বচ্চনে মুঠ ৭৭ বছৰ অতিক্ৰম কৰিলে। এই ক্ষেত্ৰখনত তেওঁৰ যাত্ৰাই আন বহুতকো অনুপ্ৰাণিতও কৰি তোলে। অমিতাভক বৰ্তমানেও ছবিসমূহত দেখিবলৈ পোৱা যায়। আগন্তুক সময়ত অমিতাভ বচ্চনক ব্ৰহ্মাস্ত্ৰ, গোলাব সিতাবো, চেহৰে, ঝুণ্ড আদি ছবিত দেখিবলৈ পোৱা যাব। অহা ১২ জুন তাৰিখে তেওঁৰ ছবি গোলাব সিতাবোয়ে মুক্তি লাভ কৰিব এমেজন প্ৰাইমত।
Add comment