Rupaliparda.com
"ছবি সমূহে মুক্তিৰ বিকল্প পথ উলিয়াইছে কিন্তু নাটকৰ তেনে কোনো বিকল্প পথ নাই"- ৰবিজিতা গগৈ 1

“ছবি সমূহে মুক্তিৰ বিকল্প পথ উলিয়াইছে কিন্তু নাটকৰ তেনে কোনো বিকল্প পথ নাই”- ৰবিজিতা গগৈ

“কভিড ১৯” ৰ ফলত প্ৰভাৱ বিস্তাৰ কৰা একাংশ ক্ষেত্ৰৰ সমান্তৰালকৈ আটাইতকৈ অধিক প্ৰভাৱিত হৈছে মনোৰঞ্জন ক্ষেত্ৰখন। “মনোৰঞ্জন” ক্ষেত্ৰখনৰ ভিতৰতো যিসমূহ নাট্যশিল্পী সেই আটাইবোৰ শিল্পীয়ে সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ। বিগত বহু দিনৰ পৰা এই বিষয়টো লৈ বিভিন্ন শিল্পীয়ে বিভিন্ন ধৰণে নিজ মতামত সমূহ ব্যক্ত কৰিছে। ছবিসমূহে দৰ্শকক মনোৰঞ্জন কৰোৱবলৈ OTT প্লেটফৰ্মৰ প্ৰয়োগ কৰি এক বিকল্প উপায়ৰ ব্যৱস্থা কৰিছে যদিও নাটক সমূহ এই বিকল্প উপায় অৱলম্বন কৰাত অপৰাগ। এই বিষয়ে ৰূপালীপৰ্দাই কথা পাতিছিল নাট্য পৰিচালক আৰু অভিনয় প্ৰশিক্ষক ৰবিজিতা গগৈৰ সৈতে। বিগত ২০ বছৰ ধৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ নাম উজ্বলাই ৰখা এই গৰাকী পৰিচালকে অতি কমেও ৩০ খনতকৈ অধিক নাট্য পৰিচালনা কৰিছে । দিল্লীস্থিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক তথা উস্তাদ বিছমিল্লাহ খান বঁটা বিজয়ী ৰবিজিতাক নাট্য ক্ষেত্ৰত “লক-ডাউনে” কি প্ৰভাৱ পেলাইছে বুলি সোধাত তেওঁ কৈছিল যে,

"ছবি সমূহে মুক্তিৰ বিকল্প পথ উলিয়াইছে কিন্তু নাটকৰ তেনে কোনো বিকল্প পথ নাই"- ৰবিজিতা গগৈ 2

“লক-ডাউন” ৰ ফলত সমগ্ৰ পৰিৱেশ্য কলাৰ শিল্পীয়ে প্ৰভাৱিত হৈছে। “মনোৰঞ্জন” দৰ্শকৰ বাবে এটা চাৰ্ভিছ নহয় জানো? গতিকে এই সমগ্ৰ ক্ষেত্ৰটোৱেই প্ৰভাৱিত হৈ পৰিছে “লক-ডাউন” ৰ ফলত। মনোৰঞ্জনৰ এই বিশাল ক্ষেত্ৰখনতো সোমাই থকা বিভিন্ন ক্ষেত্ৰ আছে; যেনে ধৰা এতিয়া এখন চিনেমা ইউটিউবতো দৰ্শকে চাব পাৰে অথবা নেটফ্লিক্স বা এমেজন প্ৰাইম টাইমতো ছবিখন উপভোগ কৰিব পাৰিব দৰ্শকে কিন্তু মঞ্চত যিসমূহ পৰিৱেশন কৰা হয় সেইসমূহটো সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। নাট্যশিল্পী তথা নৃত্যশিল্পী সমূহৰটো কোনো ধৰণৰ বিকল্প উপায়ো নাই যে তেওঁলোকে সেইসমূহ প্ৰয়োগ কৰিব; এওঁলোকৰ আচলতে মঞ্চখনেই তেওঁলোকৰ বাবে আপোন। গতিকে এক কথাত ক’বলৈ গ’লে, আমাৰ যিখিনি পৰিৱেশ্য কলা সেয়া বহুল পৰিমাণে প্ৰভাৱিত হৈ পৰিছে।”

"ছবি সমূহে মুক্তিৰ বিকল্প পথ উলিয়াইছে কিন্তু নাটকৰ তেনে কোনো বিকল্প পথ নাই"- ৰবিজিতা গগৈ 3
"ছবি সমূহে মুক্তিৰ বিকল্প পথ উলিয়াইছে কিন্তু নাটকৰ তেনে কোনো বিকল্প পথ নাই"- ৰবিজিতা গগৈ 4


ইয়াৰ উপৰিও পৰিচালক ও শিল্পী ৰবিজিতাই কয় যে, “লক-ডাউন” ৰ ফলত পৰিৱেশ্য কলা শিল্পীসমূহৰ যিটো কঁকাল ভাঙিছে; সেয়া মই নাভাৱো যে ইমান সোনকালে তেওঁলোকে মূৰ দাঙি উঠিব পাৰিব। মই যিহেটো নাটকৰ মানুহ গতিকে মই নাটকটোকেই কেন্দ্ৰ কৰি কৈছো যে আজি আঢ়ৈ মাহ ধৰি নাট্যশিল্পী সমূহৰ কোনো উপাৰ্জন নাই; তেওঁলোকেটো কেৱল পৰিৱেশন কৰিয়ে খাই আছে। আমাৰেই গ্ৰুপটোৰ জোধপুৰত এটা শ্ব’ আছিল; যাৰ সকলো টিকেট ইত্যাদিবোৰ কৰা হৈছিল কিন্তু পিছলৈ সকলো কেঞ্চেল হৈ পৰিলে; আমি টকাও নাপালো। লগতে, তেওঁলোকৰ দ্বিতীয়টো উপাৰ্জন কৰিব পৰা মাধ্যম হৈছে শিক্ষা প্ৰদান কৰাটো কিন্তু এতিয়া স্কুলসমূহো বন্ধ। গতিকে এতিয়া কেনেদৰে এই সকলোবোৰৰ পৰা উঠিব পৰা যাব সেয়া বৰ্তমান এক চিন্তনীয় বিষয়।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.