সহজ – সৰল মানুহজন |
কেতিয়াবা মানুহজনৰ মনলৈ খং নহা নহয় |– আহে | আহিলেও চেহেৰাত ‘খং ৰং’ নালাগে | সৰল মনৰ চেহেৰাত লাগি থাকে ‘সৰলতা’ | হয়তো আনৰ মাজতো সন্ধান কৰে সেই ‘সৰলতা’ৰ | কাৰণ ‘জটিল’ মানুহজনৰ অপ্ৰিয় শব্দ | মানুহজনৰ মতে সকলো সৰল ৰেখাৰ দৰে হ’ব লাগে | সহজ – সৰল হ’ব লাগে |
মানুহজনৰ প্ৰিয় বিষয় সংগীত | সংগীত সাধনাই যেন জীৱনৰ ব্ৰত ! বৰগীত, ‘সত্র – সংস্কৃতি’ৰ মাজত জন্ম |
‘সত্র – সংগীত’ৰ মাজত থাকিয়েই সন্ধান কৰিছিল লোকগীত , লোকবাদ্য ইত্যাদি | সেই তাহানিতে ,৭ – ৮ বছৰ বয়সতে আৰম্ভ কৰা ‘সংগীত সন্ধান যাত্রা’ যেন আজিও শেষ হোৱা নাই | কোনা লোকবাদ্য ইত্যাদিৰ খবৰ ‘উৰি’ আহিলেই দৌৰ মাৰে | সংগ্ৰহ কৰে | অধ্যয়ন কৰে |
মানুহজন চৌখিন | চৌখিন কেৱল সাজ – পাৰতে নহয়,খোৱাতো। ভেদাইলতা, নৰসিংহ,সৰু মাছ আদি ‘প্ৰিয় খাদ্য’। সময়- সুযোগ মিলিলেই মনে বিচৰা আহাৰৰ সোৱাদ লয় ধাবা , হোটেলতো। শুনা কথা– মানুহজনে হেনো নিয়ন্ত্ৰণ কৰে ঘৰৰ পাকঘৰ।পুৱা বিছনা এৰে ৪-৫ বজাৰ ভিতৰত। উঠিয়ে ৰঙা চাহ একাপ খায়। তাৰ পাছতে আৰম্ভ হয় নিজৰ সংগীত চৰ্চা। ‘সংগীত কছৰৎ’। তাৰ পিছত সংগীত শিকাৰু আহিলে– শিকায়। কোনোৱে শিক্ষা লয় বাঁহীৰ।আন কোনোৱে বৰগীত,খোল ইত্যাদিৰ।৯.৩০ মান বজাত গ্ৰহণ কৰে পুৱাৰ আহাৰ। জলপান।–জলপান খোৱাৰ সময়তে মানুহজনে দিয়ে দিনটোৰ খোৱাৰ তালিকা। দুপৰীয়াৰ পাছত কি হ’ব,ৰাতিৰ সাঁজ কেনেদৰে খাব ইত্যাদি। মানুহজনৰ ব্যাখ্যা– “মানুহৰ জীৱনশৈলী,কৰ্ম ইত্যাদিৰ কাৰখানা পাকঘৰ। পাকঘৰত যদি মনে বিচৰা খাদ্য নপকে তেন্তে সুন্দৰ মনেৰে সুন্দৰ কাম সম্পূৰ্ণ কৰা সম্ভৱ নহয়। হয়তো ‘কিবা’ তাগিদাত সম্ভৱ হ’ব, কিন্তু কাম সুন্দৰ নহ’ব। গতিকে মই বিশ্বাস কৰোঁ–মোৰ ‘সংগীত কৰ্মৰ’ নিয়ন্ত্ৰক পাকঘৰ।মোৰ ঘৰৰ পাকঘৰ।”
“সংগীতৰ মানুহজন”এ আজিৰ তাৰিখতো সময় খৰচ কৰে সংগীতৰ মাজত। ৰাতিপুৱা চাহৰ টেবুলত দৈনিক কাকতত চকু ফুৰায় | ‘ হেডলাইন পঢ়ে ‘ | ভিতৰৰ পৃষ্ঠাত পচন্দৰ লেখা পালে পঢ়ে | সংগীত সাধনা, সংগীত শিক্ষা দিয়াৰ মাজতে যেতিয়া তেওঁক বিচাৰি কোনোবা আহে !! — খন্তেক ‘সংগীত’ৰ পৰা আঁতৰি আহি ‘মানুহ’ৰ ওচৰ পায় | ‘মানুহ’ৰ সৈতে মত বিনিময় কৰে | মনৰ কথা পাতে |
কাৰণ তেওঁৰ বিশ্বাস — মানুহে গঢ়ে সমাজ, সমাজৰ বাবেহে ‘ শিল্প ‘ | মানুহৰ মাজত থাকিয়ে সংগীত সাধনা কৰিব লাগিব | ‘ মানুহ’ৰ মাজতহে প্ৰকৃত শিল্প সাধনা সম্ভৱ |
‘গধূলি’ তেওঁৰ প্ৰিয় | গাঁৱৰ ধূলিৰ মাজতে যৌৱনৰ আলিত খোজ পেলাইছিল | সূৰুয ডুবাৰ পাছতে গৰুৱে যেতিয়া আলিৰ ধূলি উৰুৱাই ঘৰমুখী হৈছিল, সেই ধূলিৰ মাজত তেওঁ আনন্দৰ সুৰ বিচাৰি পাইছিল |
হয়তো কেতিয়াবা বাঁহীত সুৰ তুলিছিল !! –গধূলিৰ সৌন্দৰ্য আজিও উপভোগ কৰে তেওঁ | শৰীৰৰ শান্তিৰ বাবে, মনৰ শান্তিৰ বাবে সদায় গধূলি খোজ কাঢ়ে | খোজ কাঢ়োতেও মনৰ মাজত লৈ ফুৰে ‘ সংগীত ‘ !…. আৰু যদি কেতিয়াবা মনে মিলা ‘মানুহ’ বিচাৰি পায় !! খোজৰ মাজতে মনৰ কথা পাতে, সংগীতৰ কথা পাতে |
নিশা ১১ বজাত তেওঁ বিচনালৈ যায় | বিচনাত পৰিয়ে নিদ্ৰাদেৱীৰ সৈতে ব্যস্ত হ’ব খোজে, ‘সংগীত আলাপ’ত |
–কোন তেওঁ ?
–হয় প্ৰভাত শৰ্মা |
— প্ৰভাত শৰ্মা তেওঁৰ নাম |
–৭ জুলাই, প্রভাত শৰ্মাৰ জন্মদিন |– চন ?
–চন কিয় লাগে ? শিল্পীৰ বয়স শিল্পকর্মহে |–নহয় জানো !!
BY: UTPAL MENA
Add comment