অসমীয়া অভিনয় ক্ষেত্ৰখনত অন্তৰ্ভূক্ত বিভিন্ন জন প্ৰতিভাই বহু দিশতে নিজৰ নাম উজ্বলাই ৰখা দেখিবলৈ পোৱা গৈছে। ঘৰুৱা দৰ্শকৰ সমুখত লাভ কৰা প্ৰশংসাৰ পিছত একাংশ অভিনেতা-অভিনেত্ৰীয়ে ৰাষ্ট্ৰীয় ক্ষেত্ৰতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এনে কিছু শিল্পী, কলা-কুশলীৰ বিষয়ে ইতিমধ্যে আমি ৰূপালীপৰ্দাৰ জৰিয়তে আপোনালোকক জনাইছো। তেওঁলোকৰ প্ৰতিভা অথবা আগন্তুক প্ৰকল্পৰ বিভিন্ন বোৰ খবৰেই আমি আপোনালোকক দিয়াৰ চেষ্টা কৰিছো। আমি শেহতীয়াকৈ কথা পাতিছিলো নাটকৰ পৰা আৰম্ভ কৰিবৰ্তমান কেমেৰাৰ সমুখত দপদপাই থকা এগৰাকী অভিনেতা হৈছে জ্যোতিষ্মান কাশ্যপৰ সৈতে। ৮-৯ বছৰৰ পৰাই ধেমেলীয়া নাটকৰ সৈতে জড়িত হৈ পৰা জ্যোতিষ্মানক যেতিয়া তেওঁৰ অভিনয়ৰ যাত্ৰাটোৰ বিষয়ে সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে, “ওচৰ-চুবুৰীয়া ভ্ৰাম্যমাণৰ বিশিষ্ট অভিনেতা চম্পক শৰ্মা খুৰাৰ ভাতৃ প্ৰণৱ শৰ্মা দাদাৰ কথা মোৰ অভিনয়ৰ প্ৰাৰম্বিক দিশৰ ক্ষেত্ৰত নাম ল’বই লাগিব। তেওঁ নাটকৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত আছিল; গতিকে তেওঁ ১০-১৫ মিনিটৰ এখন নাটক লিখি আমাৰ ওচৰ-চুবৰীয়া ল’ৰা-ছোৱালী খিনিক নাটক কৰিবলৈ মাতিছিল।”
তেওঁ কয় যে, “এই ধেমেলীয়া নাটবোৰৰ পৰাই মই মোৰ অভিনয়ৰ যাত্ৰা নাইবা এনেদৰেও ক’ব পৰা যায় যে মই নাটক অথবা অভিনয়নো কি বস্তু বুজি উঠিছিলো। তাৰ পিছত মই পঢ়া-শুনাৰ সমান্তৰালকৈ স্কুলত বছৰেকীয়া খেল-ধেমালিত হোৱা অনুষ্ঠান বোৰত নাটক কৰাৰ লগতে লিখিছিলো। কালক্ৰমত, পঢ়াৰ তাগিদাত অভিনয়ৰ পৰা কিছু ক্ষেত্ৰত পিছুৱাই আছিলো যদিও উচ্চতৰ মাধ্যমিকৰ পিছত মই এই ক্ষেত্ৰটোৰ প্ৰতি আৰু বেছি আকৰ্ষিত হৈ ইয়াত অন্তৰ্ভূক্ত হোৱাৰ কথা ঠিৰাং কৰিলো। এয়া ২০১০-১১ চনৰ কথা হয়টো, এনেক্ষেত্ৰতে মোক উৎসাহ দিয়া ব্যক্তিগৰাকী আছিল বিশিষ্ট চলচিত্ৰ পৰিচালক তথা বিশিষ্ট নাট্যকৰ শম্ভূ গুপ্তা ছাৰ; তেওঁৰ সৈতে মই নাটক কৰিয়ে অসমৰ বাহিৰত বিভিন্ন ঠাইত ফুৰিছিলো।” নাটক কৰাৰ উপৰিও আৰু অকণমান অভিনয়টোক শিকিবলৈ আৰু জানিবলৈ NSD ৰ বিভিন্ন কৰ্মশালাৰ সৈতে জড়িত হৈ পৰিছিল অভিনেতা জ্যোতিষ্মান। এইক্ষেত্ৰত অভিনেতা গৰাকীয়ে কয় যে, “মই কৰ্মশালাৰ জৰিয়তে গুণাকৰ দেৱ গোস্বামী ছাৰক লগ পাইছিলো; তেওঁৰ লগতো কিছুদিন মই নাটকৰ ক্ষেত্ৰত বিভিন্ন কথা শিকিলো আৰু এই যাত্ৰা অব্যাহত থাকিল। কাৰণ মই নাটকৰ সৈতে জড়িত কেইবাগৰাকীও স্বনামধন্য ব্যক্তিক লগ পাই এই যাত্ৰাত গতি কৰিছিলো যেনে দুলাল ৰয় ছাৰ, নিৰঞ্জন ভূঞা ছাৰ, ভূপেন গোস্বামী ছাৰ আৰু হিমাংশু দা আদি।”
নাটকৰ পিছত জ্যোতিষ্মানে কেমেৰাৰ সমুখলৈ অহাৰ কথা ব্যক্ত কৰে ;নাটকত লোৱা অভিজ্ঞতা বোৰৰ পিছত তেওঁক বাপা আহমেদে এটা চৰিত্ৰৰ কথা কোৱাত তেওঁ হেম চন্দ্ৰ দলৈৰ ভিচিডিত অভিনয় কৰিছিল আৰু এয়াই আছিল তেওঁৰ কেমেৰাৰ সমুখত কৰা অভিনয়ৰ যাত্ৰাৰ আৰম্ভণি। “অনুৰাগ তোমাৰ বাবে” ধাৰাবাহিকখনতো জ্যোতিষ্মানে অভিনয় কৰি প্ৰশংসা বুটিলিছিল জনসাধাৰণৰ। ছবিৰ জগতখনলৈ অহাৰ কথা সোধোতে অভিনেতা গৰাকীয়ে কয় যে “মই অভিনীত প্ৰথমখন অসমীয়া ছবি আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বীৰ চিলাৰায়; তাত মই সেনাপতিৰ চৰিত্ৰ ৰূপায়ন কৰিছিলো। এয়া আছিল আৰম্ভণি; মই চিনেমাৰ ক্ষেত্ৰত জ্ঞান অৰ্জন কৰিবলৈ নাইবা ইয়াৰ প্ৰতিটো দিশ পুংখানুপুংখভাৱে শিকিবলৈ কাষ চাপিছিলো আব্দুল মজ্জিদ বৰদেউতাৰ। তেওঁৰ সৈতে মোৰ ঘৰুৱা সম্পৰ্ক আছিল বাবে মই শেষ সময়খিনিত তেওঁৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলো। তেওঁৰ শেষৰ খন ছবি “সাত নম্বৰৰ সন্ধানত” অভিনয় কৰাৰ সুযোগ পাইছিলো। শেষত মই সমীৰ দাৰ নাম ল’ব লাগিব, তেওঁৰ সৈতে “সময়” নামে এখন ছবি কৰিছিলো; কোনো কাৰণবশতঃ ছবিখন সম্পূৰ্ণ নহ’ল যদিও এইবছৰ আকৌ ই আগবঢ়াৰ কথা শুনিছো।” এইখিনিতে আকৌ এগৰাকী খ্যাতনামা পৰিচালকৰ নাম মই ল’বই লাগিব, তেওঁ হ’ল বিশ্বজিৎ বৰা। মুম্বাই প্ৰতিষ্ঠিত বিশ্ব দাৰ সান্নিধ্যত মই আগন্তুক সময়ত আহিবলগীয়া তেওঁৰ ছবি “বেলকনিত ভগৱান” লগতে “লখিমী” ত মই অভিনয় কৰিছো; গতিকে মোৰ অভিনয় জীৱনত তেওঁৰো অৰিহণা সৰ্বাধিক।
কেনেধৰণৰ চৰিত্ৰই তেওঁক আকৰ্ষিত কৰে বুলি সোধাত তেওঁ কয় যে, “এজন চিত্ৰনাট্যকৰে যেতিয়া এটা কাহিনীৰ আলম লৈ এটা চৰিত্ৰৰ ৰচনা কৰে; প্ৰতিটো চৰিত্ৰই একোটা কাহিনীৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰে। তাৰ ভিতৰৰ কিছুমান চৰিত্ৰত বৰ কঠিনতা থাকে আৰু এজন অভিনেতা হিচাপে মই চেলেঞ্জিং এটা চৰিত্ৰ ৰূপায়ন কৰিবলৈ আগ্ৰহী হৈ থাকো। সদায় একেধৰণৰ চৰিত্ৰ ৰূপায়ন কৰি মোৰ ভাল নালাগে; মই নতুনত্ব বিচাৰো। একঘেয়ামীতা আমনি দায়ক; নতুনত্ব থাকিলে মই নিজকে আচলতে পৰীক্ষা কৰি চাই ভালপাওঁ। একোটা চৰিত্ৰৰ বাবে কষ্ট কৰি ভাল লাগে। পৃথক চৰিত্ৰ হ’লেহে ১০০ শতাংশ নিজ কষ্ট দি ভাল লাগে; কিন্তু এইখিনিতে কওঁ যে মোৰ বাবে চৰিত্ৰৰ সৰু-ডাঙৰ নাই; পৰিচালকে যেনেদৰে মোক দিব ঠিক তেনেদৰেই মই ইয়াক কৰিবলৈ চেষ্টা কৰো। একোটা চৰিত্ৰৰ পৃথক ৰূপটোৱে মোক সদায় আকৰ্ষণ কৰে।”
Add comment