সুশান্ত সিং ৰাজপুতৰ মাহপূৰ্তিত আবেগিক ভাৱে ৰিয়া চক্ৰৱৰ্তীয়ে চচিয়েল মিডিয়াত পোষ্ট কৰে। চচিয়েল মিডিয়াত পোষ্ট শ্বেয়াৰ কৰাৰ পূৰ্বে তেওঁ নিজ ৱাটচআপৰ ডিপি সলনি কৰি সুশান্ত আৰু তেওঁৰ ফটো ৰাখে। ইনষ্টাগ্ৰামত ৰিয়াই দিয়া আৱেগিক পোষ্টটোক লৈ য’ত তেওঁক একাংশই সাহস দিয়ে তাতেই আকৌ একাংশই তেওঁক ভিন্ন ধৰণে ট্ৰোল কৰাও দেখিবলৈ পোৱা যায়। অভিনেতা গৰাকীৰ মৃত্যুৰ এমাহ পিছতো তেওঁৰ অনুৰাগীৰ মাজত চলি থকা এটাই প্ৰশ্ন হৈছে যে সদায় হাঁহি- খিকিন্দালি কৰি থকা এই অভিনেতা গৰাকীয়ে আত্মহত্যা কৰিবলগীয়া হ’ল কিয়! ৰিয়াই অভিনেতা গৰাকীৰ মৃত্যুৰ এমাহৰ পিছত দিয়া পোষ্টটোত লিখে যে সুশান্তে তেওঁক ভালপোৱা ও বিশ্বাস কৰিবলৈ শিকাইছিল; গণিতৰ এক সামান্য সমীকৰণৰ সৈতে জীৱনৰ অংক সমূহৰ কিমান মিল আছে সেই সকলোবোৰ তেওঁক সুশান্তে শিকাইছিল।


ইয়াৰ উপৰিও অভিনেত্ৰী গৰাকীয়ে কয় যে “প্ৰত্যেকটো দিনত তোমাৰ পৰা বহু কিবাকিবি শিকিছো।” শেষত তেওঁ কয় যে “তোমাক হেৰুওঁৱা ৩০ দিন হ’ল; কিন্তু তোমাক সদায়ৰ বাবে মই ভালপাই যাম আদিৰ পৰা অনন্তলৈ।” উক্ত পোষ্টটোৰ সৈতে তেওঁ দুখন ফটো দিয়ে; কিন্তু তাৰ পিছতেই ৰিয়াৰ কমেন্টত একাংশই তেওঁক প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰে সুশান্তৰ অনুৰাগীয়ে ।
Add comment