Rupaliparda.com
মাজুলীৰ মনোমোহা দৃশ্যৰ মাজত পিংকি মেধিৰ কন্ঠৰে "এজাক প্ৰেমৰ বৰষুণ"- 1

মাজুলীৰ মনোমোহা দৃশ্যৰ মাজত পিংকি মেধিৰ কন্ঠৰে “এজাক প্ৰেমৰ বৰষুণ”-

বৰ্তমান ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত প্ৰতিষ্ঠিত অসমীয়া কন্ঠশিল্পী পিংকি মেধিৰ সদ্যমুক্তিপ্ৰাপ্ত “এজাক প্ৰেমৰ বৰষুণ” ক লৈ দৰ্শক ও শ্ৰোতাৰ মাজত হেঁপাহ দেখিবলৈ পোৱা গৈছে। চাৰি বছৰৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত পিংকি মেধিয়ে দেৱজিৎ ভূঞাৰ পৰা গুৰু দুজনাৰ অমূল্য সৃষ্টি বৰগীত, জ্যোতি সংগীত, ৰাভা সংগীতৰ লগতে থলুৱা গীত ও লোকসংগীতৰ শিক্ষা গ্ৰহণ কৰি পিছলৈ অসম বুলিয়ে নহয় দক্ষিণৰ ছবি ক্ষেত্ৰ তথা পাঞ্জাৱী, মাৰাঠী আৰু গুজৰাটী ভাষাৰ ছবিৰ গীত সমূহতো কন্ঠদান কৰি খ্যাতি অৰ্জন কৰিছে। বৰ্তমান জনসাধাৰণৰ মাজত জনপ্ৰিয় ৱেব চিৰিজ সমূহৰ ভিতৰত অন্যতম “Singardan” ত অন্তৰ্ভূক্ত এটি গীতটো কন্ঠদান কৰিছে পিংকি মেধিয়ে।


Greenvibes Studios ৰ নিবেদন “এজাক প্ৰেমৰ বৰষুণ” শীৰ্ষক গীতটিত কথা দিছে সংগীত পৰিচালক ও এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় সংগীতশিল্পী অসম সন্তান জাগৰণ শইকীয়াই। এজাক প্ৰেমৰ বৰষুণে কঢ়িয়াই অনা প্ৰেমাস্পদৰ মাজৰ জিলিকনি বোৰৰ লগতে লাভ কৰা প্ৰশান্তিৰ সুন্দৰ ছাঁয়াক লৈয়ে ৰচনা কৰা হৈছিল এই গীতটিক। গীতটিত কথা দিয়াৰ লগতে ইয়াৰ পৰিচালনা আৰু সংগীত আছিল জাগৰণ শইকীয়াৰ নিজৰেই। পিয়ানো’ বজাইছিল অংকুৰ দেৱনাথে লগতে শব্দ সংমিশ্ৰণৰ দায়িত্বত আছিল Studio Strings ৰ গিৰিশ শইকীয়া।

মাজুলীৰ মনোমোহা দৃশ্যৰ মাজত পিংকি মেধিৰ কন্ঠৰে "এজাক প্ৰেমৰ বৰষুণ"- 2


উক্ত গীতটিত কৰা অভিনয়ে গীতটিক আৰু অধিক জীৱন্ত কৰিবলৈ সক্ষম হৈছে। সত্ৰ নগৰী মাজুলীৰ মোহনীয় দৃশ্যাংশই আৰু অধিক উপভোগ্য কৰি তুলিছিল গীতটিক। ইয়াত অভিনয় কৰিছে পম্পী মেধিয়ে আৰু ভিডিঅ’ পৰিচালনা অনিৰ্বাণ হাজৰিকাৰ।

1 comment

Leave a Reply

Most popular

The Ultimate Managed Hosting Platform