এগৰাকী কন্ঠশিল্পীৰ এটি গীতক সফল কৰি তুলিবলৈ তেওঁৰ কন্ঠটোৰ লগতে প্ৰয়োজনীয় বিভিন্ন উপাদান থাকে। গীতটোৰ কথাৰ উপৰিও তাত থকা সুৰ-সংগীত আদিয়েও শ্ৰোতাক বহুল ভাৱে আকৰ্ষণ কৰা দেখিবলৈ পোৱা যায়। গীতত কন্ঠদান কৰা বহুকেইগৰাকী কন্ঠশিল্পীৰ কন্ঠই ইতিমধ্যে আপ্লুত কৰিছে দৰ্শক অথবা শ্ৰোতাক; কিন্তু অসমত এনেও বহু শিল্পী আছে যাৰ বাঁহী অথবা গীতাৰত দিয়া সুৰে জীৱন্ত কৰিছে একোটি নিৰ্দ্দিষ্ট গীতক। আজি আমি কথা পাতিম এগৰাকী মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান আৰু গীতাৰিষ্ট প্ৰিয়াংকু বৰদলৈৰ বিষয়ে। তৃতীয়-চতূৰ্থ শ্ৰেণীৰ পৰা নিজ পিতৃ সমুখত গীতাৰৰ শিক্ষা গ্ৰহণ কৰা প্ৰিয়াংকুয়ে ষষ্ঠ শ্ৰেণীৰ আৰম্ভ কৰিছিল ক্লাছিকেল গীতৰ শিক্ষা। তেওঁক সংগীত যাত্ৰাটোৰ বিষয়ে সোধাত তেওঁ কয় যে, “মই নৱম-দশম শ্ৰেণী মানত নিজৰ এলবাম কৰিছিলো। মোৰ প্ৰথম এলবামটোৰ নাম আছিলে “ধোঁৱা”; তাৰ পিছতেই মই কেইৱাটাও সৰু-ডাঙৰ প্ৰডাকচন হাউচৰ বেনাৰত গান গাবলৈ ল’লো। সেইটো সময়ত মই এগৰাকী “কন্ঠশিল্পী” ৰূপে নিজক ৰাইজৰ মাজত উপস্থাপন কৰিছিলো যদিও তাত মই বৰ বেছি আত্মশান্তি পোৱা নাছিলো।”
তেওঁ কয় যে, “কাৰণ সঁচা কথা ক’বলৈ গ’লে মই কেতিয়াও নিজে নিজৰ কন্ঠ পচন্দ কৰা নাছিলো। গতিকে, তাৰ পিছৰ পৰাই মই গীতাৰৰ ক্ষেত্ৰত বেছি মনোযোগ দিলো আৰু মিউজিক প্ৰডাকচনৰ ফালে গুচি আহিলো। লাইভ গীতাৰিঙত মনোনিৱেশ কৰি মই বহুকেইটা বেণ্ডৰ লগত জড়িত হ’লো; তেওঁলোকৰ সৈতে বজালো। যেনে বেণ্ড “Northeast Breeze”, ইয়াত কন্ঠশিল্পী ৰূপম ভূঞাও জড়িত আছে। তাৰ পিছত মই জুবিন গাৰ্গ, চনু নিগম, শান, ৰাম সম্পথ আদিৰ সৈতে মই বজালো লগতে ৱেষ্টাৰ্ণ বেণ্ড বোৰৰ সৈতেও অন্তৰ্ভূক্ত হ’লো। গতিকে তেনেকৈয়ে মোৰ গীতাৰক লৈ আৰু অধিক আকৰ্ষণৰ সৃষ্টি হ’ল। এতিয়া মই সংগীত পৰিচালনা আৰু প্ৰযোজনাও কৰি আছো। সম্প্ৰতি ক’ৰ’ণা মহামাৰীৰ যি অৱস্থা; ইয়াৰ ফলত সকলো লোকেই আৱদ্ধ গতিকে মইও ঘৰতে থাকি মোৰ কিছুমান পূৰণা কম্পজিচন ৰাইজৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰি আছো।” ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁক এই বিষয়ে কৰা আন এটা প্ৰশ্ন হৈছিল যে “এই ক্ষেত্ৰখনত কিমান অধ্যয়ন আৰু সংগ্ৰামৰ প্ৰয়োজন? কিয়নো বৰ্তমান অধিকাংশ যুৱপ্ৰজন্মই আকৰ্ষিত এই মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি?” এই প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে, “মিউজিক বুলিয়ে নহয় অইন বিষয়ৰ ক্ষেত্ৰতো, সকলোৱে নিৰ্দ্দিষ্ট বিষয়টোৰ যিখিনি মৌলিক অথবা প্ৰাথমিক জ্ঞান সেইখিনি গ্ৰহণ কৰি লোৱাটো অত্যন্ত জৰুৰী। এতিয়া যদি সংগীতৰ গ্ৰামাৰটোৱে বুজি নাপায় তেতিয়াহ’লে তেওঁ এই বিষয়ত আগবাঢ়িব নোবাৰিব।”
প্ৰিয়াংকুয়ে কয় যে, ” এইটোও সঁচা যে বহুতৰ ভগৱানে প্ৰদান কৰা এটা প্ৰতিভা আছে কিন্তু সেই প্ৰতিভাৰে তেওঁ পৰ্যায়ত গৈ সীমাবদ্ধ হৈ পৰিব। সেইটো কাৰণে সংগীত বা যিকোনো ক্ষেত্ৰত প্ৰাথমিক জ্ঞান থকাটো দৰকাৰ। মইও যেতিয়া সৰুতে গীতাৰ শিকিছিলো তেতিয়া মইও এই বস্তুটোৰ প্ৰতি গুৰুত্ব দিছিলো। গান শুনিছিলো, গীতাৰৰ কিতাপ পঢ়িছিলো লগতে অইন অইন গীতাৰিষ্টৰ পৰা পৰামৰ্শ লৈছিলো। মই গীতত কন্ঠদান কৰা এৰি দিছিলো কাৰণ গীত গোৱাত মোৰ সেইটো নিষ্ঠা নাছিল; যিটো মোৰ গীতাৰিঙত আছিল। গতিকে যিয়ে নকৰক কিয়, এই মনোৰঞ্জনৰ ক্ষেত্ৰখনক লৈয়ে মই কৈছো যে ইয়াত নিষ্ঠা লগতে মৌলিক শিক্ষা থকাটো বৰ দৰকাৰ।” ইয়াৰ উপৰিও তেওঁ কয় যে, “আজি কালি সকলো “চৰ্টকাট” হৈ গৈছে। বহু ল’ৰা-ছোৱালীয়ে শিকাতকৈ অধিক গুৰুত্ব দিয়ে গ্লেমাৰটো; এই গ্লেমাৰটো দেখিয়েই তেওঁলোক এই ক্ষেত্ৰখনৰ দিশে আগবাঢ়ে। সহজ হৈ গৈছে সকলো; ঘৰতেই কম্পিউটাৰ অথবা লগা বস্তুবোৰ তেওঁলোকে পাইয়ে যায়। মই বহু যুৱপ্ৰজন্মৰ সৈতে জড়িত হৈ আছো, যিয়ে নতুনকৈ কাম কৰি আছে। কিছুমানৰ কামবোৰ যথেষ্ট ভুল থাকে, মইয়ে তেতিয়া শুধৰাই দিবলৈ চেষ্টা কৰো। গতিকে তেওঁলোকে নিশিকি এটা নিৰ্দ্দিষ্ট মাধ্যমৰ জৰিয়তেহে এই কামবোৰ কৰে ফলত তেওঁলোকৰ ভুল হয় আৰু এটা পৰ্যায়ৰ পিছত আগবাঢ়িব নোৱাৰে।”
Add comment