Rupaliparda.com
"ৰাইজৰ ওচৰত নিজক এগৰাকী "কন্ঠশিল্পী" ৰূপে চিনাকী দিবলৈ প্ৰচেষ্টা চলাই আহিছো"- কুমাৰ ধীৰাজ 1

“ৰাইজৰ ওচৰত নিজক এগৰাকী “কন্ঠশিল্পী” ৰূপে চিনাকী দিবলৈ প্ৰচেষ্টা চলাই আহিছো”- কুমাৰ ধীৰাজ

সদ্যমুক্তিপ্ৰাপ্ত এটি গীত “আকাশী হেপাঁহ” য়ে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছিল। এটা গীতত পোন প্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল কিছু ব্যতিক্ৰম; গীতটিৰ কথা আছিল গৰিমা শইকীয়া গাৰ্গৰ আৰু ইয়াত কন্ঠদান কৰিছিল কন্ঠশিল্পী কুমাৰ ধীৰাজে। পোন প্ৰথমবাৰৰ বাবে এই দুয়োগৰাকীৰ যুঁটীয়া প্ৰচেষ্টাৰে মুক্তিপ্ৰাপ্ত গীতৰ সোঁৱাদ লাভ কৰিছিল জনসাধাৰণে। সৰুৰ পৰাই সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা কুমাৰ ধীৰাজৰ সংগীতৰ ক্ষেত্ৰত প্ৰথম শিক্ষাগুৰু যে তেওঁৰ পিতৃ-মাতৃয়ে আছিলে সেই কথা নুই কৰিব নোৱাৰি। ৰূপালীপৰ্দাৰ ফালৰ পৰা হোৱা এক্সক্লুচিভ কথা-বতৰা যোগে তেওঁ জনাইছিল যে, “মোৰ মা-দেউতা দুয়োগৰাকী কন্ঠশিল্পী আছিল, মোৰ মাতৃ অলকা দেৱী তেওঁ শাস্ত্ৰীয় সংগীতৰ লগতে গোৱালপৰীয়া লোকগীতত কন্ঠদান কৰিছিলে আৰু মোৰ পিতৃ শ্ৰী যুত হৰেন্দ্ৰ নাথ দাস, তেওঁ দূৰদৰ্শন আৰু আকাশবাণী গুৱাহাটীৰ কামৰূপীয়া লোকগীতৰ এগৰাকী নিয়মীয়া শিল্পী আছিল। দুয়োগৰাকীয়ে বৰ্তমান বয়সৰ হেঁচাৰ বাবে কন্ঠদানৰ পৰা কিছু আঁতৰি আছে যদিও তেওঁলোকৰ পৰাই মই মোৰ সাংস্কৃতিক যাত্ৰা আৰম্ভ কৰিছিলো। ইয়াৰ উপৰিও, মোৰ মামা চন্দন নাৰায়ণ দেৱো এগৰাকী কন্ঠশিল্পী। গতিকে, সৰুৰে পৰা মই হাৰমনিয়ান, তবলা আদি লৈয়ে ডাঙৰ-দীঘল হৈছো। খেলা-ধূলাত বৰ বেছি আগৰণুৱা নাছিলো আৰু মোৰ এই বিষয়ত ইচ্ছাও নাছিল।”

"ৰাইজৰ ওচৰত নিজক এগৰাকী "কন্ঠশিল্পী" ৰূপে চিনাকী দিবলৈ প্ৰচেষ্টা চলাই আহিছো"- কুমাৰ ধীৰাজ 2


ইয়াৰ পিছতেই তেওঁ কয় যে, “পিছলৈ, মই ৬-৭ বছৰ তবলা শিকিলো; মোৰ তবলাত প্ৰথম গৰাকী গুৰু আছিল শ্ৰী যুত ধনেশ্বৰ ডেকা। তাৰ পিছত লাহে লাহে মই গান গাবলৈ আৰম্ভ কৰিলো, ধাউতিও বাঢ়িল গীত গোৱা ক্ষেত্ৰত। বিভিন্ন প্ৰতিযোগিতা সমূহত মই যোগদান কৰিছিলো; যেতিয়া প্ৰতিযোগিতাত মই পুৰস্কাৰ পাওঁ তেতিয়া আৰু বেছি মোৰ এই বিষয়ত উৎসাহ বাঢ়ে। এগৰাকী পেছাগত কন্ঠশিল্পী ৰূপে মোৰ যাত্ৰা আৰম্ভ হৈছিল ২০০৫ চনত, প্ৰথম বিহু মঞ্চৰ পৰাই মই আৰম্ভ কৰিছিলো। ৰাইজে সঁহাৰি জনাইছিল গতিকে সাধনা অব্যাহত ৰাখিছিলো আৰু পিছলৈ গৈ মই মোৰ গুৰু দিগন্ত ভাৰতী ছাৰৰ ওচৰত প্ৰায় ৫-৬ বছৰ পেছাগত আৰু বাণিজ্যিক গীতৰ শিক্ষা গ্ৰহণ কৰিছিলো। আৰু, তেনেকৈয়ে মই প্ৰায় ১৫-১৬ বছৰ এই ক্ষেত্ৰখনত যাত্ৰা অব্যাহত ৰাখিছো; সদায় ৰাইজৰ ওচৰত নিজক এগৰাকী “কন্ঠশিল্পী” ৰূপে চিনাকী দিবলৈ প্ৰচেষ্টা চলাই আহিছো।” কুমাৰ ধীৰাজক সদ্যমুক্তি মুক্তিপ্ৰাপ্ত গীত “আকাশী হেঁপাহ” ক লৈ কি দৰে পৰিকল্পনা কৰিছিলে বুলি প্ৰশ্ন কৰাত তেওঁ কৈছিল যে,


“আচলতে এই গীতটিক লৈ কৰা পৰিকল্পনা দুবছৰীয়া, ২০১৮ চনত গীতটোৰ বাবে পৰিকল্পনা কৰিছিলো। মোৰ খুব মৰমৰ ককাইদেউ লগতে অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক শেখৰ জ্যোতি গোস্বামী, তেওঁৰ সৈতে বহুত কাম ইতিমধ্যে কৰিছো লগতে তেওঁৰ ষ্টুডিঅ’লৈ গৈ আমি সংগীতৰে বিভিন্ন কথা পাতো তেতিয়াই তেওঁ মোক সুধিছিল যে গৰিমা গাৰ্গৰ এটা গীত আছে গাবি নেকি? গৰিমা বৌৰ কথা বুলি কওঁতেই আচলতে মই উৎসাহিত হৈছিলো কিয়নো তেনে এগৰাকী সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী গৰিমা বৌৰ কথাক যদি মই গীত হিচাপে গাবলৈ পাওঁ তেনেহ’লে নিজকে সোভাগ্যৱান বুলিয়ে ভাবিব লাগিব। তেনেকৈয়ে গীতটোৰ কথা মোক শেখৰ দাই দেখুৱালে, গৰিমা বৌও আচলতে এই গীতটি আজিৰ পৰা তিনিবছৰ আগতেই লিখা যেতিয়া তেওঁ জুবিন দাৰ সৈতে ঘূৰি ফুৰিছিলে আৰু তেতিয়াই জুবিন দাৰ প্ৰিয় শিৱসাগৰৰ ৰুদ্ৰসিংহ ৰিজোৰ্টত থাকোতে আজৰি সময়ত গৰিমাই বৌয়ে লিখিছিল গীতটো। শেখৰ দাই গীতটিত সুৰ আৰু সংগীত কৰিছিল ২০১৮ চনতেই কিন্তু গীতটো সম্পূৰ্ণ হৈ উঠা নাছিল; কেতিয়াবা মইয়ে ব্যস্ত হওঁ নহ’লে তেওঁ ব্যস্ত হৈ পৰে। কিন্তু, “লক-ডাউন” ৰ মাজতেই যেতিয়া সকলোবোৰ স্তব্ধ হৈ পৰিছিল তেতিয়া শেখৰ দাইও গীতটিৰ বাকী থকা অংশটো সম্পূৰ্ণ কৰি মোক মাতিলে; মই গীতটোৰ কেইটামান শাৰী যেতিয়া গাই পেলাই গৰিমা বৌলৈ পঠিয়ালো তেতিয়া তেওঁয়ো খুব ভাল পালে। মোৰ, শেখৰ দাৰ তেওঁ প্ৰশংসা কৰিলে, আমাক উৎসাহ দিলে। সঁচা কথা ক’বলৈ গ’লে, গৰিমা বৌৰ লগত মোৰ “আকাশ হেঁপাহ” ৰ বাবেহে চিনাকী হৈছিল প্ৰথম।

"ৰাইজৰ ওচৰত নিজক এগৰাকী "কন্ঠশিল্পী" ৰূপে চিনাকী দিবলৈ প্ৰচেষ্টা চলাই আহিছো"- কুমাৰ ধীৰাজ 3


গৰিমা বৌয়ে জুবিন দাকো গানটো শুনালে, তেওঁয়ো ভাল পালে। গতিকে, তেনেকৈ আগবাঢ়ি ২৫ জুনত আমি এটা সৰু সুৰাকৈ শ্বুটিং শেখৰ দাৰ ঘৰতেই সম্পন্ন কৰিলো। গীতটোত ভিডিঅ’ কনচেপ্ট আছিল মোৰ ভাইটি পল্লৱ তালুকদাৰৰ, বৰ প্ৰতিভাৱান ল’ৰা। তেওঁৰ অডিঅ’ৰ ক্ষেত্ৰত, সংগীত প্ৰযোজনা-পৰিচালনাৰ ক্ষেত্ৰতো জ্ঞান আছে। ভিডিঅ’ পৰিচালনা শৰৎ গগৈৰ; আমাৰ গোটেই গ্ৰুপটোৱে আচলতে বৰ ভাল লগা আছিল। এই কথাটোক লৈ মই বহুত সুখী, গৰিমা বৌয়ে নিজেই উৎসাহিত হৈ অভিনয় কৰিম বুলি সন্মতি জনাইছিল। গীতটো তেনেকৈয়ে ৰাইজৰ আগত আগবঢ়ালো, ৰাইজে মৰমো দিছে যথেষ্ট। বহুখিনি দৰ্শকে উপভোগ কৰিছে হয়টো গীতটো এতিয়ালৈ, মই আশা কৰিছো যে এই গীতটি যাতে আৰু আগবাঢ়ক আৰু ৰাইজৰ সমাদৰ লাভ কৰক।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform