Rupaliparda.com
স্বাধীনতা দিৱসঃ কিন্তু এতিয়াও "আৰু কিমান বাকী?" 1

স্বাধীনতা দিৱসঃ কিন্তু এতিয়াও “আৰু কিমান বাকী?”

আজি স্বাধীনতা দিৱস। স্বাধীন অসম অথবা স্বাধীন মানৱ সমাজ বুলি ক’বলৈ গ’লে আমি বৰ্তমান প্ৰত্যেকেই ব্যৰ্থ। ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি নিশালৈ একাদিক্ৰমে চলি থকা ঘটনা-পৰিঘটনা সমূহৰ অধিকাংশই হৈছে ঋণাত্মক। এই ঋণাত্মক বাতৰি সমূহে আচলতে বাৰুকৈয়ে প্ৰভাৱ পেলায় মানুহৰ মন-মগজুত। এই স্বাধীন অসমৰ এনেবোৰ কিছু কথাক লগত লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছিল “আৰু কিমান বাকী?” ইতিমধ্যে কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰা উপৰিও প্ৰশংসিত হোৱা এই চুটি ছবিখনে দৰ্শকৰ মন গহ্বৰত ঠাই বনাবলৈ সক্ষম হৈছে।

স্বাধীনতা দিৱসঃ কিন্তু এতিয়াও "আৰু কিমান বাকী?" 2

ধৰ্ষণ, কটা-কটি অথবা জাতিদ্ৰোহী আদি ভিন্ন খবৰৰ মাজত নিতৌ একোজন অসমীয়াই বিচাৰে একোজনকৈ অসমীয়াক; কিন্তু ইয়াক বিচাৰি হাবাথুৰি খোৱাৰ উপৰিও বহুদিনলৈ প্ৰতিবাদ অব্যাহত ৰাখিলেও প্ৰশান্তি বিচৰাত অসুবিধা হয় প্ৰত্যেকৰে। ২০১৮ চনতে নিৰ্মিত চুটিছবিখনে তৎকালীন অসমৰ ভালেমান বিষয়ত আলোকপাত কৰিবলৈ প্ৰয়াস কৰে। হংকং আৰু চিকাগোৰ দুটা প্ৰসিদ্ধ চলচ্চিত্ৰ মহোৎসৱত ভাগ লোৱাৰ বাবে আমন্ত্ৰণ লাভ কৰে, মহোৎসৱত প্ৰদৰ্শিত হয়। উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়। গুৱাহাটীস্থিত NEthing-তো প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ উচ্চ প্ৰশংসা লাভ কৰে।

স্বাধীনতা দিৱসঃ কিন্তু এতিয়াও "আৰু কিমান বাকী?" 3


চু
টি ছবিখনৰ চিত্ৰনাট্য, পৰিচালনা, দৃশ্যগ্ৰহণ আৰু সম্পাদনা আকাশ দীপৰ লগতে ইয়াত সংলাপ কুলৰঞ্জন মেধিৰ। ছবিখনৰ শব্দৰ দায়িত্বত আছে সৌৰভ হালডাৰ আৰু ইয়াত সংগীত জয়াদিত্যৰ। ছবিখনৰ সহঃ পৰিচালনা কুলাৰঞ্জন মেধি আৰু মৃদুপৱন পৰাশৰৰ। ছবিখনৰ লাইন প্ৰডাকচনৰ দায়িত্বত আছিল ভৱাৰ্নব নাথ আৰু ইয়াত অভিনয় কৰিছে লখন ছেত্ৰী, আমানুল হক আৰু মৃদুপৱন পৰাশৰে। আনহাতে, ভইচ অভাৰ গোবিন্দ ভাগৱতী, বিশাল, মৃদুস্মিতা, বৰষা, চিৰঞ্জীৱ, কুলৰঞ্জন, মাঞ্জাৰী, ৰশ্মি, শ্বাহিদ আৰু ভৱাৰ্নবৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform