মাতৃৰ অৰিহণা অথবা উৎসাহ প্ৰতিটো ক্ষেত্ৰতেই থাকে; সেয়া ব্যক্তিগত জীৱনেই হওঁক নাইবা কোনো এখন নিৰ্দ্দিষ্ট জগতত আগবঢ়া ক্ষেত্ৰতেই হওঁক; সৰুৰে পৰা প্ৰত্যেকৰে জীৱনত মাতৃৰ অৰিহণা লেখত ল’বলগীয়া। কোনো আনুষ্ঠানিক শিক্ষা নহ’লেও সৰুতে কোনো এটা ভাল কাম কৰিবলৈ লাভ কৰা মাতৃৃৰ শিক্ষাই জীৱনৰ প্ৰতিটো স্তৰত আগবাঢ়িবলৈ শিকায়। মুঠতে, মাতৃ অবিহনে সকলো মিছা। মাতৃ অবিহনে আধৰুৱা হৈ থাকে সকলোবোৰ; সংগীত ক্ষেত্ৰখনত এনে বহু উদাহৰণ আছে। যিয়ে এই সংগীত ক্ষেত্ৰখনত মূৰ গুজিবলৈ অনুপ্ৰেৰণা লাভ কৰিছিল মাতৃৰ পৰা; এনে এগৰাকী সংগীত শিল্পী হৈছে নিশান্ত নিতুল। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা-বতৰা যোগে তেওঁ জনায় যে, “মা মোৰ প্ৰথম অনুপ্ৰেৰণা; মাৰ একান্ত চেষ্টা, ইচ্ছা আৰু আশীৰ্বাদক লৈয়ে মই এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ সক্ষম হৈছো। মাৰ শিক্ষাৰ দ্বাৰাই আচলতে মই ৫-৬ বছৰ মানৰ পৰা স্বনামধন্য সংগীত শিল্পী পুলক বেনাৰ্জী অথবা সদানন্দ গগৈ গীত বোৰ একোখন মঞ্চত গীত পৰিৱেশন কৰিবলৈ পাৰিছিলো। ইয়াৰ উপৰিও জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা, জ্যোতি প্ৰসাদৰ গান বোৰৰ আদিপাঠ মই শিকিছিলো মোৰ মাতৃৰ পৰা। “
স্বৰ্গীয় মুনৰ পৰা প্ৰথম তবলাৰে গীতৰ আনুষ্ঠানিক শিক্ষা আৰম্ভণি কৰিছিল নিশান্তে। তেওঁ কয় যে, “গানৰ শিক্ষা আৰম্ভ কৰিছিলো মোৰ স্থানীয় শিক্ষাগুৰু মামা হেমন্ত তালুকদাৰ, দীপক বৰুৱা ছাৰৰ সান্নিধ্যত । আচলতে, মই যে কেৱল শ্ৰেণীকোঠাত বহিয়েই গান শিকিছিলো তেনে নহয়; মই বিভিন্ন জন অইন কন্ঠশিল্পীৰ পৰাও গান শিকিছিলো; এক কথাত ক’বলৈ গ’লে তেওঁলোকো মোৰ অনুপ্ৰেৰণা। হিন্দী গীতৰ ফালৰ পৰা এচ.ডি.বৰ্মন, এ.আৰ.ৰহমান আৰ.ডি.বৰ্মন, কিশোৰ কুমাৰ, কুমাৰ চানু, চনু নিগম লগতে আমি আমাৰ ল’ৰালি কাল, যৌৱন, ভালপোৱা, অনুভৱ ইত্যাদি পাৰ কৰিছো হাৰ্টথ্ৰৱ জুবিন গাৰ্গ গীতেৰে; আনহাতে জে.পি দাস, জিতুল সোণোৱাল, চাৰু গোঁহাইৰ গীতবোৰ। গতিকে এওঁলোক আটাইৰে পৰাই মই মোৰ সংগীতৰ প্ৰতি যি ভালপোৱা তাক আকোঁৱালিছিলো। বৰগীত, লোকগীত বুলিয়ে নহয় পাশ্চাত্য গীতেও এই সংগীত ক্ষেত্ৰখনত মোক আগবাঢ়িবলৈ সহায় কৰিছিল।”
চিভিল ইঞ্জিনিয়াৰিঙৰ শিক্ষাগ্ৰহণ কৰি থকাৰ সমান্তৰালকৈ সংগীত ক্ষেত্ৰখনত মনোনিৱেশ কৰা নিশান্তৰ প্ৰথমটো এলবাম আছিল “সুবাসী পৰশ” । প্ৰথমটো এলবামতেই জুবিন গাৰ্গৰ লগতে দিগন্ত ভাৰতী আৰু পলাশ সূৰ্য্য গগৈ, শান্তা উজীৰৰ গান সন্নিৱিষ্ট কৰা হৈছিল। ২০০৭ চনৰ বিষ্ণু ৰাভা দিৱসৰ সময়ছোৱাত মুক্তি লাভ কৰা এই এলবামটোৱে জনপ্ৰিয়তাও লাভ কৰিছিল। ইয়াৰ উপৰিও, “গধূলি পৰত”, “পোহৰ” তথা “লাভা”, “পাৰিজাত”(বঙালী) আদি এলবামৰ সৈতেও জড়িত আছিল এই কন্ঠশিল্পী গৰাকী। উক্ত প্ৰতিটো এলবামতেই কেইবাগৰাকীও স্বনামধন্য শিল্পী, কলা-কুশলীৰ সান্নিধ্য লাভ কৰিছিল নিশান্ত নিতুলে। নিশান্তে কয় যে, “সংগীতৰ হিচাপতকৈ ইয়াৰ গুণগত মানদণ্ডত বেছি গুৰুত্ব প্ৰদান কৰি আহিছো। খুব বেছি কাম কৰা নাই যদিও মই সময় লৈ ভাল কাম কৰিবলৈ বিচাৰো। আগন্তুক প্ৰজন্মৰ বাবেও মই এয়াই বিচাৰো। আটাইলৈ মোৰ শুভেচ্ছা আছে। সঁচা কথা ক’বলৈ গ’লে, বিগত চাৰি-পাঁচ বছৰ মানৰ পৰা কেইবাগৰাকীও আন অসমীয়া সংগীতশিল্পীৰ গীতৰ সৈতে জড়িত হৈ আছো।”
নিশান্ত নিতুলে জুবলি তথা প্ৰিয়ংকা ভৰালীৰ সৈতেও যুঁটীয়া ভাৱে গীতত কন্ঠদান কৰিছে। আগন্তুক প্ৰকল্পৰ বিষয়ে সোধাত কয় যে, “মই বহু দিনৰ পৰা এটা এলবামৰ সৈতে জড়িত হৈ আছিলো; বহুকেইজন আন শিল্পীও মোৰ লগত আছে। গতিকে আশা কৰিছো যাতে, অসমীয়া জনসাধাৰণক ভাল গান অৰ্থাৎ সূস্থ গান প্ৰদান কৰিব পাৰো। ইয়াৰ লগতে, কেইখনমান তথ্যচিত্ৰৰ সৈতেও মই জড়িত হৈ আছো।” উল্লেখ্য যে, প্ৰিয়ংকা ভৰালী, জুবলী বৰুৱা, দিগন্ত ভাৰতী ইত্যাদি অসমৰ শিল্পী সকলৰ লগত গানৰ কাম কৰাৰ উপৰি নতুনকৈ এখন অসমীয়া মাল্টিষ্টাৰ বোলছৱিৰ সংগীতৰ কামৰ সৈতে পৰৱৰ্তী সময়ত ব্যস্ত হ’ব কন্ঠশিল্পী গৰাকী।
Add comment