“লক-ডাউন” য়ে শিল্পীসমাজৰ ওপৰত গুৰুত্বৰ প্ৰভাৱ বিস্তাৰ কৰা দেখিবলৈ পোৱা গৈছে। উপাৰ্জনৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ পৰিৱেশ্য কলাৰ ওপৰতো একোটা প্ৰশ্নৰ সৃষ্টি হৈ পৰিছে। তেনে এগৰাকী সত্ৰীয়া সংস্কৃতিৰ শিল্পী হৈছে হেমাংগ বিকাশ দাস; শেহতীয়াকৈ তেওঁৰ এটা ষ্টেটাচ ভাইৰেল হৈ পৰিছে চচিয়েল মিডিয়াত। এজন শিল্পীৰ জীৱন নিৰ্বাহৰ নতুন পথে চৰ্চা লাভ কৰিছে সচেতন মহলত। ৰূপালীপৰ্দাৰ সৈতে হোৱা এক এক্সক্লুচিভ সাক্ষাৎকাৰত শিল্পী গৰাকীক যেতিয়া প্ৰশ্ন কৰা হৈছিল যে তেওঁ মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত তেতিয়া তেওঁ কয় যে, “মনোৰঞ্জন ক্ষেত্ৰখনত কেতিয়াৰ পৰা জড়িত বুলি ক’বলৈ গ’লে মই বিগত ২৫ টা বৰ্ষ ধৰি অসমীয়া লোকসংস্কৃতিৰ সৈতে জড়িত হৈ আছো। মই এজন শিক্ষাৰ্থীও লগতে মই ছাত্ৰ-ছাত্ৰী সকলকো নৃত্যৰ শিক্ষা দি আহিছো; মোৰ গুৱাহাটীৰ গণেশ নগৰত এখন স্কুল আছিল। য’ত সত্ৰীয়া, ওজাপালি, দেওঁধনি, ভোৰ তাল, নাওঁ খেল, হোলী, বিয়া নাম, থিয় নাম, নাঙালী গীত, মহোহো’ গীত আদিকে ধৰি হেৰাই যোৱা লোকসংস্কৃতি সমূহক বিনামূলীয়াকৈ আৰ্থিক ভাৱে পিছপৰি ৰোৱা ল’ৰা-ছোৱালী সমূহক আমি শিক্ষা প্ৰদান কৰি আহিছো। কিন্তু, ক’ৰোণা মহামাৰীৰ ফলত বৰ্তমান সকলো স্তব্ধ হৈ পৰিছে; আমাৰ বিদ্যালয়খনত যদিও শিক্ষাদান বিনামূলীয়া আছিল তথাপিও তাৰ নিজা উপাৰ্জন আছিল।
আগলৈ তেওঁ কয় যে, “আমাৰ এই স্কুলখনত এটা পৰিমাণৰ মাননি প্ৰদান কৰি আমি কেইবাগৰাকীও গুৰুক মতাই আনি শিক্ষা দান কৰিছিলো। বৰ্তমান স্কুলখন বন্ধ হৈ আছে আৰু ভৱিষ্যতে কেতিয়াকৈ স্কুলখন খুলিব পাৰিম সেয়াও এক প্ৰশ্ন!” এগৰাকী নৃত্যশিল্পী এতিয়াৰ “মাংসৰ দোকানী”; প্ৰত্যাহ্বান বোৰ কেনে আছিল বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এজন নৃত্যশিল্পী ৰূপে সম্প্ৰতি সময়ৰ যিটো প্ৰত্যাহ্বান সেয়া আছিল খুবেই কঠিন। ২৫ টা বছৰে পৰিৱেশ্য কলাৰ নিৰৱিচ্চিন্ন সাধক হিচাপে মোৰ মন ডাঠ বাবেহে মই এনেদৰে চলি আছো। আৰু, অইন শিল্পীতকৈ মোৰ বিষয়টো অকণমান ব্যতিক্ৰম আছিল কাৰণ মোৰ প্ৰতিখন বিদ্যালয় আছিল বিনামূলীয়া। নিজে প্ৰগ্ৰেম কৰি, টিউচন কৰি যিখিনি টকা উপাৰ্জন কৰো সেইখিনিৰেই মই দুখীয়া শিক্ষাৰ্থী সকলক শিক্ষাদান কৰিছিলো। সম্প্ৰতি পৰিস্থিতিয়ে যিটো মাধমাৰ মাৰিলে, তাৰ ফলত মই এখন এখনকৈ প্ৰতিখন বিদ্যালয়ৰ প্ৰায় ৩৫০ মান শিক্ষাৰ্থীক দিবলগা শিক্ষাদান বন্ধ কৰিবলগীয়াত পৰিছিলো।
কিন্তু, পিছলৈ পৰিস্থিতি ভাল হ’লে নিশ্চয়কৈ মই এই শিক্ষাৰ্থী সকলক পুনৰ বাৰ শিক্ষাদান কৰিম। গতিকে, এনে স্তব্ধতাৰ সময়ত যেতিয়া মই অইন কোনো ধৰণে জীৱন নিৰ্বাহ কৰিব পৰা নাছিলো, পৰিয়াল পুহিবলৈ বেলেগ কোনো পৰিকল্পনা কৰিব পৰা নাছিলো আৰু তাৰেই ফলশ্ৰুতিত মই মাংসৰ দোকান দিবলগীয়া হ’ল। সঁচাকৈ ক’বলৈ গ’লে, আমাৰ অঞ্চলত অনা-অসমীয়াৰ দপ-দপনি অকণমান বেছি। টকা-পইচাৰে পকেট ভৰি নাথাকিলেও আচলতে মনত সাহস আৰু তেজৰ বলখিনি এতিয়াও গাতে আছে গতিকে এই অনা-অসমীয়াসকলক প্ৰত্যাহ্বান দিয়াৰ উদ্দেশ্যৰে মই আজি মাংসৰ দোকান দিলো। এগৰাকী অসমীয়া হৈ আমি চাৰিওফালৰ পৰা পিছপৰি আছো; আমিওটো বহুত কথা জানো তেনেস্থলত আমি বেলেগৰ হাতৰ বস্তুনো কিয় খাবলৈ আছে! সেইবাবেহে, মই “মাংসৰ দোকানী” লৈ পৰিণত হ’লো।” ভৱিষ্যৎ প্ৰকল্পৰ বিষয়ে হেমাংগক প্ৰশ্ন কৰাত কয় যে, “মোৰ ভৱিষ্যতৰ প্ৰথম পৰিকল্পনা হ’ল মই নিজে কিছু ঠিক হয় আৰু উপাৰ্জনৰ বাটতো কিছু সক্ষম কৰি তুলি বিদ্যালয় কেইখন পুনৰ আৰম্ভ কৰি অসমীয়া হেৰাই যোৱা লোকসংস্কৃতিৰ শিক্ষা প্ৰদান কৰা। লগতে, মোৰ অঞ্চলৰ ডেকা ল’ৰা সকলক স্বাৱলম্বী কৰি তোলাটো মোৰ প্ৰধান আৰু মূখ্য উদ্দেশ্য; যিকোনো প্ৰকাৰে মোৰ অঞ্চলত অনা-অসমীয়াৰ দপদপনি চলাটো মই সহ্য নকৰো।
এইবাৰ যেনেকৈ মাংসৰ দোকান দিলো ঠিক তেনেদৰে আগন্তুক সময়ত হয়টো মই খেতি পথাৰটো নামিবলৈ চেষ্টা কৰিম। এইখিনিতে মই কেইটামান কথা উল্লেখ কৰিব বিচাৰিম যে যোৱা ২৫ টা বছৰত ব্যক্তিগত খণ্ডৰ পৰা মই প্ৰায় ১৭ টা ৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছিলো। মোৰ ছাত্ৰ-ছাত্ৰীয়েও আনকি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমাক সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শনৰ বাবেও দেশ-বিদেশৰ ভিন্ন ঠাইত মতাই নিয়া হৈছিল।”
Add comment