Rupaliparda.com
শ্ৰুতি মাধুৰ্যৰ কন্ঠৰে এইবাৰ "সৰা পাতে পাতে"- 1

শ্ৰুতি মাধুৰ্যৰ কন্ঠৰে এইবাৰ “সৰা পাতে পাতে”-

২০১৮ বৰ্ষৰ কেইবাটাও জনপ্ৰিয় গীতৰ ভিতৰত এটা আছিল “সৰা পাতে পাতে”। গীতটি বৰ্তমানেও ইমানেই অধিক জনপ্ৰিয় যে একোজন সংগীত প্ৰেমী শ্ৰোতাৰ প্লে-লিষ্টত গীতটিক সন্নিৱিষ্ট কৰি ৰখাটো তেনেই স্বাভাৱিক। এতিয়ালৈ এক মিলিয়নতকৈও অধিক ভিউৱাৰচৰ অংক অতিক্ৰম কৰা উক্ত গীতটিৰ কথা আৰু সুৰ কাজল শৰ্মাৰ, সংগীত ব্যৱস্থাপনা আছিল অসমীয়া বিশিষ্ট সংগীত শিল্পী ৰূপম তালুকদাৰৰ আৰু গীতটিত সুৰীয়া কণ্ঠ নিগৰাইছিল সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় সুকণ্ঠী গায়িকা গায়ত্ৰী হাজৰিকাই৷ বৰ্তমান সময়ত চলি থকা গীতৰ ধাৰাৰ বিপৰীতে এক ব্যতিক্ৰমী চিন্তাৰে প্ৰস্তুত কৰা গীতটিত ফাগুনৰ ৰূপ লাৱণ্যৰ বহিঃপ্ৰকাশ কৰা হৈছিল। শাস্ত্ৰীয় সংগীতৰ প্ৰভাৱ থকা এই গীতটি মৃদু সংগীতে সুন্দৰ ৰূপত সজাই তোলা হৈছিল৷ সুন্দৰ সুৰীয়া কণ্ঠই গীতটিত সোঁণত সোঁৱগা চৰাইছিল৷


এই গীতটিৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য কৰি পুনৰ বাণীবন্ধন কৰা হৈছে মাত্ৰ সাতবছৰ বয়সীয়া নীলাচল জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী শ্ৰুতি মাধুৰ্যৰ কণ্ঠত৷ শৰতৰে মুখৰিত এই শুভসময়ত চলিত মাহৰ ২২ তাৰিখে গীতটি শুভ মুক্তি দিয়া হৈছে৷ আপোনালোকে হয়টো এই গীতটিৰ কভাৰ বহু কেইগৰাকী নৱপ্ৰজন্মৰ কন্ঠৰে শুনিবলৈ পাইছে কিন্তু এইবাৰ এই গীতটিক পুনৰ বাৰ এগৰাকী কণমানিয়ে সুন্দৰ ৰূপত জনসাধাৰণৰ মাজত উলিয়াই দিছে।

শ্ৰুতি মাধুৰ্যৰ কন্ঠৰে এইবাৰ "সৰা পাতে পাতে"- 2


এইকণমানি গৰাকীয়ে অতি কম বয়সতে বিভিন্ন জন জনপ্ৰিয় কন্ঠশিল্পীৰ গীত সমূহৰ নিজ সুললিত কন্ঠৰে ৰাইজৰ মাজত এৰি দিয়া দেখিবলৈ পোৱা গৈছে। আহিবলগীয়া সময়ত এই কণমানি শ্ৰুতিমাধুৰ্য্যৰ সুন্দত ভৱিষ্যৎ কামনা কৰিছো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform