অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখন এঢাপ এঢাপকৈ ইমানেই অধিক ওপৰলৈ উঠিছে যে ইয়াত অন্তৰ্ভূক্ত প্ৰতিভাসমূহে বহু বেছি প্ৰাধান্য লাভ কৰাত সক্ষম হৈছে। নৱপ্ৰজন্মৰ সৃষ্টি সমূহে জনসাধাৰণৰ অধিক গুৰুত্ব লাভ কৰিছে বৰ্তমান; ধৃতিমান কাকতি। মনোৰঞ্জন ক্ষেত্ৰখনত শেহতীয়াকৈ জড়িত এগৰাকী নৱপ্ৰজন্মৰ পৰিচালক তথা লিখক। কেইবাখনো চুটি ছবিৰ পৰিচালনাৰ সমান্তৰালকৈ পূৰ্ণদৈৰ্ঘ্যৰ ছবি চিত্ৰনাট্য লিখাতো ধৃতিমান কাকতিৰ প্ৰতিভা লেখত ল’বলগীয়া। মনোৰঞ্জন ক্ষেত্ৰখনত সন্নিৱিষ্ট হৈ কিবা এটা কৰাৰ দূৰ্বাৰ হেঁপাহ বুকুত বান্ধি ৰখা এইগৰাকী পৰিচালকক আজিৰ দেওবৰীয়া বিশেষত আমি লৈ আনিছো আপোনালোকৰ মাজলৈ। এক টেলিফোনিক সাক্ষাৎকাৰ যোগে হোৱা কথা-বতৰা সমূহ চাওঁচোন আহকঃ
প্ৰশ্নঃ মনোৰঞ্জন ক্ষেত্ৰখনত আপোনাৰ যাত্ৰা কেৰিয়াৰ পৰা আৰম্ভ হৈছিল?
ধৃতিমান কাকতিঃ মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি থকা ইচ্ছাটো আছিল সৰুৰ পৰা। কিন্তু, পেছাগতভাৱে এই ক্ষেত্ৰখনত জড়িত হৈছিলো ২০১৮ চনৰ পৰাহে। উক্ত বৰ্ষটোতে মই মোৰ প্ৰথমখন চুটি ছবি “Man Who Speaks Nature” ৰ নিৰ্মাণ কৰি উলিয়াইছিলো; আৰু তেতিয়াৰ পৰাই মোৰ এই যাত্ৰা অব্যাহত আছে। আগন্তুক সময়ত জনসাধাৰণৰ গ্ৰহণযোগ্যতা অনুসৰি মই কিছু সৃষ্টিৰ যোগানৰ প্ৰয়াস কৰিছো।

প্ৰশ্নঃ পৰিচালনাৰ জগতখনত আগবঢ়া ক্ষেত্ৰত আপোনাৰ অনুপ্ৰেৰণা কোন?
ধৃতিমান কাকতিঃ প্ৰথমতে, মই কিছুমান অলৌকিক কাহিনী পৰিয়ালৰ সদস্যই হওঁক বা অইনৰ ওচৰতেই হওঁক ক’বলৈ লৈছিলো। আচলতে, মই এনে কাহিনীবোৰ কয় পেলাই তেওঁলোকক অশান্তি কৰি দিয়াও মোৰ মনত আছে। কিন্তু, পিছলৈ মোৰ মা-দেউতাই মোৰ এই অলৌকিক কাহিনীবোৰক এখন বহীত টুকিবলৈ কৈছিল। ঠিক তেনেদৰে মই সৰুৰ পৰা অৰ্থাৎ যেতিয়া মই কিনো কৰি আছো, নজনা বয়সটোৰ পৰাই এই কাহিনীবোৰক টুকি যাবলৈ লৈছিলো আৰু এনেদৰেই মোৰ এই বিষয়টোৰ প্ৰতি আৰু অধিক মৰম বাঢ়িছিল। ইয়াৰ পিছতেই, মোৰ সাংবাদিকতা বিষয়টোৰ প্ৰতি আগ্ৰহ বাঢ়িছিল য’ত মই এখন ছবি নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহৃত বস্তুবোৰো হৃদয়ংগম কৰিছিলো। এনেদৰেই, মই আগবাঢ়িছো এই বিষয়ত আৰু ইয়াত অনুপ্ৰেৰণা আছিল মোৰ সৰুতেই মনে সঁজা গল্পবোৰ।

প্ৰশ্নঃ আপোনাৰ মতে, এগৰাকী শিল্পীৰ সংজ্ঞা কি?
ধৃতিমান কাকতিঃ মোৰ মতে, এজন শিল্পী হৈছে এনে এজন ব্যক্তি যিয়ে নিজ সৃষ্টিৰ দ্বাৰা সমাজক আইনা দেখুওৱাত সক্ষম হয়। তেওঁৰ সৃষ্টি এখন চিত্ৰও হ’ব পাৰে অথবা এখন বেদনাদায়ক চিনেমাও হ’ব পাৰে; কিন্তু তেওঁ যেতিয়া নিজৰ সৃষ্টি সমূহত সমাজক তেওঁলোকৰ তথাকথিত ব্যৱস্থাৰ নগ্নতাক উপস্থাপন কৰিব পাৰে; সেয়াই হৈছে এজন প্ৰকৃত শিল্পী।

প্ৰশ্নঃ আহিবলগীয়া সময়ত কোনগৰাকী অভিনেতা/অভিনেত্ৰীৰ সৈতে কাম কৰা ইচ্ছা?
ধৃতিমান কাকতিঃ অসমত যদি কাম কৰো তেনেহ’লে আদিল হুচেইন ছাৰৰ সৈতে কাম কৰাৰ বিৰাট ইচ্ছা আৰু এয়া আচলতে মোৰেই সোভাগ্য হ’ব তেওঁক যদি কেতিয়াবালৈ মোৰ ছবিত মই পাওঁ; আনহাতে, মোৰ ছবিত এগৰাকী সংগীত পৰিচালক হিচাপে মই কাম কৰিব বিচাৰিম জয় বৰুৱা দাৰ সৈতে। এওঁলোকৰ যুঁটিটোৰে যদি মই এখন ছবি নিৰ্মাণ কৰিব পাৰো তেনেহ’লে অসমীয়া পৰিচালক ৰূপে ইয়াতকৈ ডাঙৰ কথা আৰু একো হ’ব নোৱাৰে।

৫. ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে জানিব বিচাৰিম।
ধৃতিমান কাকতিঃ বৰ্তমান মই কন্টেন্ট ক্ৰিয়েচন কোম্পানীৰ Creative Operations Manager ৰূপে কাম আৰম্ভ কৰিছো। মই কিছুদিনলৈ বস্তুবোৰ শিকাৰ পৰিকল্পনা কৰি আছো; ইয়াৰ উপৰিও এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ কাম কৰি আছো। আহিবলগীয়া সময়ত জনসাধাৰণৰ সমুখলৈ আহিব।

ৰূপালীপৰ্দাঃ ধন্যবাদ ধৃতিমান; আগন্তুক সকলো পৰিকল্পনা সফলতাৰ কামনাৰে…
ধৃতিমান কাকতিঃ ধন্যবাদ।
Add comment