Rupaliparda.com
আৰক্ষীৰ জিম্মাত যোৱা নাছিল সুজেন খান; স্পষ্টীকৰণ তেওঁৰঃ 1

আৰক্ষীৰ জিম্মাত যোৱা নাছিল সুজেন খান; স্পষ্টীকৰণ তেওঁৰঃ

ঋত্বিক ৰোশনৰ পূৰ্ব পত্নী সুজেন খানৰ লগতে গুৰু ৰন্ধাৱাক মুম্বাই আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে বুলি এক বাতৰিয়ে বিগত দুদিন ধৰি চৰ্চা লাভ কৰিছিল। কিন্তু এই আটাইবোৰ কথাক উফৰাই শেহতীয়াকৈ ঋত্বিকৰ পত্নী সুজেনে এটা পোষ্ট শ্বেয়াৰ কৰে য’ত তেওঁ সেইদিনা ৰাতি ক’ত আৰু কিমান সময় আছিল সেই কথা খুলি কয়। আচলতে, ক’ৰোণাৰ প্ৰকোপৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাই আৰক্ষীয়ে নিশা সান্ধ্য আইন জাৰি কৰিছে; এই সান্ধ্য আইন উলংঘা কৰাৰ ফলত যে সুজেন তথা গুৰু ৰন্ধাৱাক আৰক্ষীয়ে নিজ জিম্মাত লৈছিল সেই কথাৰ বহুল চৰ্চা চলিছিল। পিছলৈ তেওঁলোকক জামিনত যাবলৈ দিয়া হৈছে বুলিও প্ৰকাশ কৰা হৈছিল। সুজেনে এই সন্দৰ্ভত এটি পোষ্টত কয় যে, “মোৰ বিনম্ৰ স্পষ্টীকৰণ; যোৱা নিশা মই এজন ঘনিষ্ঠ বন্ধুৰ জন্মদিনৰ পাৰ্টীত আছিলো। আমি JW Marriot ৰ ড্ৰেগন ফ্লাই ক্লাৱত নিশা প্ৰায় ২.৩০ বজালৈ আছিলো।

আৰক্ষীৰ জিম্মাত যোৱা নাছিল সুজেন খান; স্পষ্টীকৰণ তেওঁৰঃ 2


তাৰ পিছত ক্লাৱৰ অথোৰিটীৱে আহি তাৰ মেনেজমেন্টৰ লগতে বিভিন্ন কথা পতা আৰম্ভ কৰিছিল; আৰু অথোৰিটীয়ে আমাক প্ৰায় তিনি ঘন্টা সময় ক্লাৱতেই থকা কথা কৈছিল। আমি নাজানো তেওঁলোকৰ মাজত কি কথা হৈছিল আৰু কিয় তেওঁলোকে আমাক তিনিঘন্টা সময় ৰ’ব কৈছিল! এই সকলোবোৰৰ মাজত সংবাদমাধ্যমে আমাক ন্যায়িক জিম্মাত লোৱা কথাটো একেবাৰে ভুল আৰু অগ্ৰহণযোগ্য। মুম্বাই আৰক্ষীক লৈও মোৰ যথেষ্ট সন্মান আছে। আপোনালোকৰ বিশ্বাসী সুজেন খান।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.