Rupaliparda.com
Memsahab

এইবাৰ “আৱাহন” ত মেমচাহাবঃ

প্ৰস্তুতি পৰাশৰে নিজ সুদক্ষ অভিনয়ৰে আকৌ এবাৰ দৰ্শকক মোহিবলৈ আহি আছে। থিয়েটাৰৰ যোগেদি দৰ্শকক প্ৰত্যেকবাৰে নতুন কিবা দিয়াৰ চেষ্টা কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁৰ অভিনয়ৰ বাবে দৰ্শকে কেতিয়াবা আহ্বান কৰে উপৰঞ্চি দৰ্শনীৰ। ২০১৯-২০ বৰ্ষৰ আৱাহন থিয়েটাৰৰ বাবে এতিয়া প্ৰস্তুত হৈ পৰিছে অভিনেত্ৰী গৰাকী।
অভিজিৎ ভট্টাচাৰ্যৰ ন-কাহিনীৰে এইবাৰ আৱাহন থিয়েটাৰত আছে “মেমচাহাব”। মাক-জীয়েকৰ “ডবল ৰ’ল” ৰ এক ৰোমাঞ্চক কাহিনী দেখা যাব বুলি উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে। শাৰীৰিক অক্ষমতা কোনোদিন সাফল্যত হেঙাৰ হ’ব নোৱাৰে। সাফল্যৰ বাটত কাঁইট থাকিলেও যি দৃঢ়প্ৰতিজ্ঞ সি সদায় সফলতা চুমিবলৈ পায়। তেনে এক কাহিনীৰ পটভূমিৰে হৈছে “মেমচাহাব”। শাৰীৰিক ভাবে অক্ষম যদিও শেষত গৈ I.S অফিচাৰ হোৱা এজনী ছোৱালীৰ কাহিনী আছে থিয়েটাৰ খনত। মূখ্য চৰিত্ৰত অভিনয় কৰা প্ৰস্তুতি পৰাশৰে উক্ত “মেমচাহাব” ত ড’বল ৰ’ল কৰিছে। সমগ্ৰ অসমতেই হ’বলগীয়া নাটক খনৰ প্ৰথমটো দৰ্শনী হ’ব পাঠশালাত।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.