অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত এনে কিছু ব্যক্তি আছে যিয়ে মৃত্যুৰ সময়ছোৱালৈ নিজ প্ৰতিভাৰ প্ৰদৰ্শন দিছে দৰ্শকৰ আগত। পূৰ্বৰ সময়ছোৱাত মুক্তিপ্ৰাপ্ত গীত সমূহ এতিয়াও যদি শুনা হয়; সেই গীত সমূহে এতিয়াও শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব। ১৯৫১ চনৰ১৭ চেপ্তেম্বৰত মুক্তি লাভ কৰা চাৰু গোঁহাই আছিল অসমীয়া সংগীত ক্ষেত্ৰখনৰ এগৰাকী এনে প্ৰতিভাৱান শিল্পী। বি বৰুৱা মহাবিদ্যালয়ত থকা অৱস্থাতেই সংগীত ক্ষেত্ৰখনত নামি পৰা চাৰু গোঁহাই ১৯৭৯ চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কন্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে।
৬১ বছৰীয়া জীৱন কালত এই গৰাকী শিল্পীয়ে প্ৰায় ২০০ ৰো অধিক গীতত কন্ঠদান কৰিছিল। কোমল ৰোমান্টিক গীতেই আছিল চাৰু গোঁহাইৰ গীতৰ মূল বৈশিষ্ট্য। থিয়েটাৰৰ বাবেও কন্ঠ নিগৰোৱা চাৰু এগৰাকী ভাল গীতাৰিষ্ট আছিল। সুধাকন্ঠ ড° ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ দ্বাৰা প্ৰভাৱিত হোৱা চাৰু গোঁহাইৰ কেইখনমান একক শ্ৰৱ্য কেছেট হৈছেঃ
১. নতুন নিয়ৰ, (১৯৮৮)
২. চাৰু গোহাঁইৰ গান (খণ্ড ১ আৰু ২)
৩. সুৰভী
৪. জোন জ্বলে কপালত
বৃক্ক আৰু যকৃতৰ গুৰুত্বৰ ৰোগত আক্ৰান্ত এই গৰাকী শিল্পীৰ ২০১২ চনত মৃত্যু হয়। তেওঁ মৃত্যুত অসমীয়া সংগীত গোষ্ঠী শোকস্তদ্ধ হৈ পৰে। তৰালী শৰ্মা আদিকে ধৰি বিভিন্নজন কন্ঠশিল্পীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰি অসমে এগৰাকী ভাল শিল্পী হেৰুৱালে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল।
Add comment