Rupaliparda.com
"কলংক"ৰ অসফলতাত হতাশ বৰুণঃ দৰ্শকক আকৌ আকৰ্ষণ কৰিবলৈ ব্যস্ত অভিনেতাগৰাকী 1

“কলংক”ৰ অসফলতাত হতাশ বৰুণঃ দৰ্শকক আকৌ আকৰ্ষণ কৰিবলৈ ব্যস্ত অভিনেতাগৰাকী

অৱশেষত “কলংক” চিনেমাৰ অসফলতাক লৈ মুখ খুলিলে অভিনেতা বৰুণ ধৱনে। ২০১২ ৰ তেওঁৰ প্ৰথমখন চিনেমা “ষ্টুডেণ্ট অৱ দা ইয়েৰ” ৰ পিছত ১১ খন ইখনৰ পিছত সিখনকৈ হিট ফিল্ম দিয়াৰ শেষত “কলংক” ৰ অসফলতাই তেওঁক হতাশ কৰিছে। তেওঁৰ মতে এই অসফলতা তেওঁৰ বাবে এক “শিক্ষাস্বৰূপ”। ১৫০ কোটি টকাৰ বাজেটেৰে নিৰ্মিত চিনেমাখন যদিহে দৰ্শকে অপচন্দ কৰিছে তেতিয়া নিশ্চয়কৈ ক’ৰবাত খুঁট ৰৈ গৈছে বুলিও প্ৰকাশ কৰে ৩২ বছৰীয়া বৰুণ ধৱনে। হৰা-জিকা জীৱনৰ এক পৰিক্ৰমা। গতিকে এই পৰিক্ৰমাত আকৌ এবাৰ নতুনকৈ নিজক সাজু কৰিছে অভিনেতা গৰাকীয়ে।

"কলংক"ৰ অসফলতাত হতাশ বৰুণঃ দৰ্শকক আকৌ আকৰ্ষণ কৰিবলৈ ব্যস্ত অভিনেতাগৰাকী 2

Dance like everyone’s watching.#StreetDancer3D, this November 8th👟@streetdancer_ @Varun_dvn @Norafatehi @TSeries@itsBhushanKumar @Lizelle1238 @remodsouza@PDdancing pic.twitter.com/lCH1nL8QwT

— Shraddha (@ShraddhaKapoor) 5 February 2019

Coming to unite the streets. Back with my chirkut❤️ #StreetDancer3D bring your team cause I dance to win @ShraddhaKapoor @itsBhushanKumar @norafatehi@Lizelle1238 @remodsouza @aparshakti @mohanshakti@punitjpathak @Dthevirus0011pic.twitter.com/PxJoXv5gjK— Varun Dhawan (@Varun_dvn) 5 February 2019

বলীউডৰ কৰিঅ’গ্ৰাফাৰ ৰেম’ ডিছুজাৰ দ্বাৰা পৰিচালিত “ষ্ট্ৰীট ডেনচাৰ” ত দেখা যাব বৰুণ ধাৱনক। বাটত নাচি নাচি এখন ডাঙৰ প্লেট’ৰ্ফম পাবলৈ সক্ষম হোৱা কেইটামান ডেনচাৰৰ কাহিনীৰে নিৰ্মিত কৰা হৈছে চিনেমাখন। ইয়াৰ লগতে অভিনেতা গৰাকী তেওঁৰ আন এটা প্ৰজেক্ট “কুলি নং-১” ক লৈও উৎসাহিত।

"কলংক"ৰ অসফলতাত হতাশ বৰুণঃ দৰ্শকক আকৌ আকৰ্ষণ কৰিবলৈ ব্যস্ত অভিনেতাগৰাকী 3
"কলংক"ৰ অসফলতাত হতাশ বৰুণঃ দৰ্শকক আকৌ আকৰ্ষণ কৰিবলৈ ব্যস্ত অভিনেতাগৰাকী 4

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform