Rupaliparda.com
Munin Baruah | Rupaliparda.com

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা

মুনিন বৰুৱাৰ কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম । ‘ বাৰুদ – ২ ‘ আৰু ‘ পথ – উপপথ ‘ ৰ কাম । কিছু দিন পূৰ্বে ৰিজুক লগ পাইছিলো , মুনিন বৰুৱাৰ পুত্ৰ মানস বৰুৱাক । জ্যোতি চিত্ৰবনত । — এই জ্যোতি চিত্ৰবনতে এদিন ভাইমনদাই কৈছিল , ” ভবেন শইকীয়া ছাৰৰ কাহিনীৰে পাৰিবাৰিক চিনেমা এখন কৰাৰ ইচ্ছা আছিল । সম্ভৱ নহ’ব । ছাৰে মোৰ চিনেমাত যেনেদৰে গীত ব্যৱহাৰ হয় , তেনেদৰে ব্যৱহাৰ কৰিব নিদিয়ে । আৰু দুটামান পৰিকল্পনা আছে । ‘ বাৰুদ – ২ ‘ ৰো পৰিকল্পনা আছে ।… ‘ সেই পৰিকল্পনা এতিয়া আগবঢ়াই নিছে মানস বৰুৱাই । ‘ সময় ‘ ৰ কথা মনত ৰাখি মুনিন বৰুৱাই লিখা চিত্ৰনাট্য খন নতুনকৈ লিখাইছে । লিখিছে ভাস্কৰ হাজৰিকাই ( ‘ কথানদী ‘ , ‘ আমিষ ‘ৰ পৰিচালক । চিনেমা দুখনৰ ভেটি — মজবুট চিত্ৰনাট্য । )

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 1


‘ বাৰুদ ‘ চিত্ৰগৃহলৈ আহিছিল ২০০৪ চনত । আমি জনাত চিনেমা খনৰ কাম শেষ হৈছিল ২০০২ চনৰ শেষৰ ফালে । — সেই সময় চোৱাত পুলিছ কেন্দ্ৰিক চিনেমা নিৰ্মাণৰ ঢৌ তুলিছিল বলিউডৰ চিনে নিৰ্মাতাই । ক’ব পাৰি বলিউডৰ পৰিচালকৰ সৈতে খোজ মিলাইছিল মুনিন বৰুৱাই । ‘ বাৰুদ ‘ৰ সম্পূৰ্ণ হোৱাৰ পিছতহে আৰম্ভ হৈছিল বলিউডৰ ‘ খাকি ‘ৰ ফ্ল’ৰৰ কাম । ৰাজকুমাৰ সন্তোষিৰ পৰিচালনাৰে নিৰ্মিত ‘ খাকি ‘ চিত্ৰগৃহলৈ আহিছিল ২৩ জানুৱাৰী , ২০০৪ ত । সময়ত ‘ বাৰুদ ‘ চিত্ৰগৃহলৈ আহিলে নিশ্চয় বহুতে ক’লেহেঁতেন — ‘ খাকি ‘ ‘ বাৰুদ ‘ৰ দৰে ! ‘ বাৰুদ ‘ চিত্ৰগৃহলৈ আহিছিল ১৪ এপ্ৰিল , ২০০৪ ত ।

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 2


— আমাৰ ধাৰণাত মুনিন বৰুৱাই ‘ চিনেমা ‘ৰ সম্পূৰ্ণ আকাৰ দিয়ে চিত্ৰনাট্যতে । দক্ষ পৰিচালক গৰাকীৰ কেইবাখনো চিত্ৰনাট্য মই পঢ়িছো । সম্পূৰ্ণ চিনেমা খনেই লিখা থাকে । চিনেমা জ্ঞান থকা পৰিচালক এগৰাকীয়ে মুনিন বৰুৱাৰ চিত্ৰনাট্য হাতত লৈ ‘ মুনিন বৰুৱাৰ চিনেমা ‘ সহজতে যে কেমেৰাত বন্দী কৰিব পাৰিব , কৰিব পাৰে সন্দেহ নাই । সেয়েহে ৰাজেশ ভূঞাৰ ‘ কোঁৱৰ পুৰৰ কোঁৱৰ ‘ , যতীন বৰাৰ ‘ অধিনায়ক ‘ আদিত পৰিচালক মুনিন বৰুৱাৰ উপস্থিতি স্পষ্ট ।


— কথা প্ৰসঙ্গত মুনিন বৰুৱাই কৈছিল , ” চিত্ৰগ্ৰহনৰ সময়ত কেৱল চিত্ৰগ্ৰহণ কৰিব লাগে । শ্বট কেনেধৰনে লম , ‘ চৰিত্ৰ ‘ক কেনে ধৰণে ধৰি ৰাখিম ইত্যাদি চিন্তা ফ্ল’ৰলৈ আনিব নালাগে । চিত্ৰনাট্যতে শেষ কৰি থব লাগে । — এয়া মোৰ ধাৰণা । মোৰ ধাৰণা , ‘ ফ্ল’ৰ ৱৰ্ক ‘ত কৈ ‘ পেপাৰ ৱৰ্ক ‘ বেছি হ’ব লাগে । মই চিত্ৰনাট্য লিখাৰ কথা কোৱা নাই । কৈছো , চিত্ৰনাট্য খন অধ্যয়ন কৰি ‘পেপাৰ ওৱৰ্ক ‘ কৰিব লাগে । “

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 3

— বুজিছিলো ! ‘ ফ্ল’ৰ ‘ চিনেমা পৰিচালক মুনিন বৰুৱাৰ দৃষ্টিত ‘ পৰীক্ষা গৃহ ! চিত্ৰনাট্য ‘ বিষয় ‘ ! ‘ ফ্ল’ৰ ‘ লৈ আহে পৰিপাটি ‘ ছাত্ৰ ‘ৰ দৰে ! — আমি এনেদৰে কব পাৰো নেকি , ‘ চিত্ৰনাট্য ‘ খনেই পৰিচিলক মুনিন বৰুৱাৰ বাবে ‘ গীতা ‘ ! — ‘ ব্লুু প্ৰিণ্ট ‘ নহয় ! ” নহয় , এই ধাৰণা শুদ্ধ নহয় । মই ভাৱো প্ৰাথমিক চিত্ৰনাট্য খন ‘ ব্লু প্ৰিণ্ট ‘। শ্বুটিং চিত্ৰনাট্য খনো চূড়ান্ত নহয় । শ্বুটিঙৰ সময়ত ভাল চিন্তা মনলৈ আহিলে যোগ – বিয়োগ কৰো । কিন্তু ‘ ফ্ল’ৰ ‘ত কি কৰিম , কেনেদৰে কৰিম , নতুন কিবা কৰিব পৰা যায় নেকি ইত্যাদি চিন্তা কৰি সময় খৰচ নকৰো । ‘– আমাৰ প্ৰশ্নৰ উত্তৰত মুনিন বৰুৱাই কৈছিল । ( ‘ নায়ক ‘ৰ চিত্ৰগ্ৰহণৰ সময়ত । সেই সময়ত মই অজিত কুমাৰ ভূঞাৰ সম্পাদনাত প্ৰকাশ পোৱা দৈনিক কাকত ‘ আজি ‘ আৰু সাপ্তাহিক কাকত ‘ নতুন সময় ‘ৰ সম্পাদনা বিভাগত ব্যস্ত আছিলো । স্বাভাবিকতে মুনিন বৰুৱাই কোৱা এই ‘ উত্তৰ ‘ প্ৰকাশ পাইছিল ‘ নতুন সময় ‘ত । )
— এই প্ৰসঙ্গ ইমানতে ইতি কৰিছো । এতিয়া আহিছো ‘ বাৰুদ – ২ ‘ প্ৰসঙ্গলৈ । আমি আশা কৰিব পাৰো দক্ষ চিনেমা লেখক – পৰিচালক ভাস্কৰ হাজৰিকাই মুনিন বৰুৱাৰ চিত্ৰনাট্যত মুনিন বৰুৱাৰ ‘ মুড ‘ অনুভৱ কৰাত ব্যৰ্থ নহব ! পৰিচালক মানস বৰুৱাও মুনিন বৰুৱাৰ চিনেকৰ্মৰ অতি ওচৰৰ । গতিকে আশা কৰিছো ‘ বহু স্বাভাবিক পৰিবৰ্তন ‘ৰ পিছতো ‘ চিত্ৰৰসিকে ‘ বৰুদ – ২ ‘ত মুনিন বৰুৱাৰ উপস্থিতি অনুভৱ কৰিব !

|| মুনিন বৰুৱাৰ চিত্ৰনাট্য ||
( তথ্য : মঞ্জুলা বৰুৱা )

কায়িক অবৰ্তমানতো চলি আছে মুনিন বৰুৱাৰ চিনেমাৰ কাম || উৎপল মেনা 4


১। বোৱাৰী( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ২। ঘৰ সংসাৰ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৩। এই দেশ মোৰ দেশ ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৪। প্ৰতীমা ( পৰিচালক : নিপন গোস্বামী , মুনিন বৰুৱা ) ৫। পিতা পুত্ৰ ( পৰিচালক : মুনিন বৰুৱা ) ৬। প্ৰভাতী পখীৰ গান ( পৰিচালক : মুনিন বৰুৱা ) ৭ । সোণ মইনা ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ৮। ভাই ভাই ( পৰিচালক : বিজু ফুকন ) ৯। পাহাৰী কন্যা ( পৰিচালক : মুনিন বৰুৱা ) ১০ । শেৱালী ( পৰিচালক : শিৱপ্ৰসাদ ঠাকুৰ ) ১১। হিয়া দিয়া নিয়া ( পৰিচালক : মুনিন বৰুৱা ) ১২। দাগ ( পৰিচালক : মুনিন বৰুৱা ) ১৩ । নায়ক ( পৰিচালক : মুনিন বৰুৱা ) ১৪ । কন্যাদান ( পৰিচালক : মুনিন বৰুৱা ) ১৫ । অগ্নিসাক্ষী ( পৰিচালক : যদুমণি দত্ত ) ১৬ । মায়া ( পৰিচালক : ৰাজেশ ভূঞা , পবিত্ৰ মাৰ্ঘেৰিটা ) ১৭ । অধিনায়ক ( পৰিচালক : যতীন বৰা ) ১৮ । ৰং ( পৰিচালক : মুনিন বৰুৱা ) ১৯ । বিধাতা ( পৰিচালক : মুনিন বৰুৱা ) ২০ । বাৰুদ ( পৰিচালক : মুনিন বৰুৱা ) ২১ । দীনবন্ধু ( পৰিচালক : মুনিন বৰুৱা ) ২২ । ৰিচাং ( পৰিচালক : মানস বৰুৱা ) ২৩ । জেতুকা পাতৰ দৰে ( পৰিচালক : যদুমণি দত্ত ) ২৪। ৰামধেনু ( পৰিচালক : মুনিন বৰুৱা ) ২৪ । অচিন চিনাকী ( পৰিচালক : মুন্না আহমেদ ) ২৫ । কোঁৱৰ পুৰৰ কোঁৱৰ ( পৰিচালক : ৰাজেশ ভূঞা ) ২৬ । নিজানৰ গান ( পৰিচালক : মুন্না আহমেদ ) ২৭। প্ৰিয়াৰ প্ৰিয় ( পৰিচালক : মুনিন বৰুৱা )

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform