Rupaliparda.com
দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ন কৰিব নেকি ৰিয়া চক্ৰৱৰ্তীয়ে?? 1

দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ন কৰিব নেকি ৰিয়া চক্ৰৱৰ্তীয়ে??

বিগত বৰ্ষৰ পৰাই ৰিয়া চক্ৰৱৰ্তীৰ নামটো বহু প্ৰত্যাশিত অভিনেত্ৰীৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছে; দ্যা টাইমছ ৫০ মষ্ট ডিজাইৰেৱল ৱ’মেন ২০২০” ৰ তালিকাটো অভিনেত্ৰী গৰাকীক অন্তৰ্ভূক্ত কৰা হৈছিল। ৰেংকিং পৌলৰ ফালৰ পৰা অহা ভোট আৰু জুৰী সদস্যৰ মনোনয়ৰ পৰা ৰিয়া চক্ৰৱৰ্তীক এই তালিকাত অন্তৰ্ভূক্ত কৰা হৈছিল; আকৌ এইবাৰ খবৰ আহিছে যে পৌৰাণিক কাহিনী “মহাভাৰত” ৰ দ্বাৰা অনুপ্ৰেৰিত এখন ছবিত হয়টো এইবাৰ দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। এক সূত্ৰই জনোৱা অনুসৰি, “এই ছবিখনত মহাভাৰত আৰু দ্ৰৌপদীৰ চৰিত্ৰটো ব্যতিক্ৰমী আৰু অইন ধৰণে উপস্থাপন কৰা হ’ব। এই ছবিখন মডাৰ্ণ আৰু আজিৰ পৃথিৱীৰ কাহিনী সমূহক লৈ নিৰ্মিত। ছবিখনৰ দ্ৰৌপদীৰ চৰিত্ৰটো ৰিয়া চক্ৰৱৰ্তীক দিয়া হৈছে আৰু এই বিষয়ত ইতিমধ্যে বিচাৰ-বিবেচনা আৰম্ভ কৰিছে অভিনেত্ৰী গৰাকীয়ে। এতিয়া কেৱল মাত্ৰ প্ৰথমাৱস্থাৰ আলোচনা অনুষ্ঠিত হৈছে।” সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ পৰাই ৰিয়া চক্ৰৱৰ্তী সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছিল। তেওঁৰ সৈতে জড়িত খবৰ সমূহক লৈ উৎসুক হৈ ৰোৱা দেখিবলৈও পোৱা গৈছিল প্ৰায় প্ৰত্যেক দৰ্শককে। কিছুদিন পূৰ্বে, হেছটেগ Rheality” ব্যৱহাৰ কৰি প্ৰেৰণাদায়ক পোষ্ট চচিয়েল মিডিয়া যোগে কৰে অভিনেত্ৰী গৰাকীয়ে। তেওঁ কয় যে, “ডাঙৰ সংঘৰ্ষৰ সৈতেই শক্তিৰ বৃদ্ধি হয়; ইয়াত আপুনি মোক বিশ্বাস কৰিবই লাগিব। যুঁজ দিয়ক; ৰিয়া চক্ৰৱৰ্তী।”

দ্ৰৌপদীৰ চৰিত্ৰ ৰূপায়ন কৰিব নেকি ৰিয়া চক্ৰৱৰ্তীয়ে?? 2


অভিনেত্ৰী গৰাকীৰ এই পোষ্টটোত যথেষ্ট হাৰত অনুৰাগীয়ে প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে। বিগত বৰ্ষৰ ১৪ জুন তাৰিখে বান্দ্ৰাস্থিত নিজ বাসভৱনত সুশান্ত সিং ৰাজপুতক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়; তাৰ পিছতেই অভিনেতাগৰাকীক হত্যা কৰাৰ আৰোপ লাগিছিল ৰিয়াৰ ওপৰত। ইয়াৰ উপৰিও, সুশান্তৰ পিতৃয়ে ৰিয়াকে ধৰি তেওঁৰ সমগ্ৰ পৰিয়ালৰ সদস্যৰ ওপৰতো আৰোপ লগাই এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী সময়ত ৰিয়া আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীক ড্ৰাগছ কেছত কেইবাদিনলৈ ন্যায়িক জিম্মাতো ৰখা হয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.