সংগীত ক্ষেত্ৰখনত কৰা নৱপ্ৰজন্মৰ অন্তৰ্ভূক্ত মন কৰিবলগীয়া। তেওঁলোকে নিজৰ প্ৰচেষ্টাৰে কৰা অহোপুৰুষাৰ্থ লক্ষ্যণীয়। শ্ৰোতাক নিজৰ সৃষ্টিৰে আমোদ দিবলৈ চেষ্টা কৰা একোগৰাকী নৱপ্ৰজন্মৰ বিষয়ে ইতিমধ্যে ৰূপালীপৰ্দা যোগেৰে আপোনালোকে প্ৰায়ে পঢ়িবলৈ সক্ষম হৈছে। পূৰ্বৰ পৰাই আপোনালোকক প্ৰায় কৈ আহিছিলোঁ যে আমি যেতিয়া শৈক্ষিক জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত থাকোঁ, সেই সময়ত মনোৰঞ্জন ক্ষেত্ৰখনক উদ্দেশ্যি হোৱা প্ৰতিযোগিতা সমূহত কৰা অংশগ্ৰহণৰ দ্বাৰা আমি এই ক্ষেত্ৰখনৰ প্ৰতি আৰু অধিক আকৰ্ষিত হৈ গৈ থাকোঁ। প্ৰতিবাৰৰ দৰে আমি আকৌ এবাৰ আন এগৰাকী নৱপ্ৰজন্মৰ প্ৰতিভাক আপোনালোকৰ মাজলৈ লৈ আনিছোঁ; তেওঁৰ নাম হৈছে নাছিৰ আহমেদ। “মেঘালী” শীৰ্ষক এটি গীতৰ সৈতে তেওঁ ইতিমধ্যে শ্ৰোতাৰ মাজত নিজক চিনাকী কৰোৱাই দিছে। সংগীত ক্ষেত্ৰখনত আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “মনোৰঞ্জন তথা সংগীত জগতখনৰ লগত মই ক’বলৈ গ’লে সৰুৰে পৰা জড়িত। তেতিয়া আছিলো মই তৃতীয়মান শ্ৰেণীত। সেই সময়ৰে পৰা জয়ন্ত হাজৰিকা দেৱ, জুবিন দা তথা অন্যান্য সংগীত শিল্পীসকলৰ মধুৰ গীতবোৰ শুনি মই এই জগতখনৰ অতিকৈ আপোন হৈ পৰিছিলোঁ। স্কুলত পঢ়ি থকা সময়খিনিত বহু গীত গাই আহিছিলোঁ। সৰুৰে পৰা বিভিন্ন ধৰণৰ গীতৰ অনুষ্ঠানত আগভাগ লৈ পৰৱৰ্তী সময়ত টিভি চেনেলত অনুষ্ঠান কৰিবলৈ সুবিধা লাভ কৰিছিলোঁ। লাহে লাহে এনে হৈছিল যে মোৰ জীৱনটোৰ বাবে পৃথিৱীৰ কেৱলমাত্ৰ সংগীতেই আছিল মূল মন্ত্ৰ। সংগীতৰ ক্ষেত্ৰত কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ বহু কাম কৰিলোঁ। সেয়া সম্ভৱ হৈছিল কেৱলমাত্ৰ মোৰ সংগীতৰ প্ৰতি থকা একান্ত মৰম আৰু চেষ্টাৰ ফল। ২০১৪ বৰ্ষৰ পৰা মই সংগীতৰ ক্ষেত্ৰখনত আনুষ্ঠানিকভাৱে জড়িত হৈ পৰিলোঁ।
তেওঁ আগলৈ কয় যে, “আনুষ্ঠানিকভাৱে প্ৰথমটো “মেঘালী” মই বাণীবদ্ধ কৰোঁ । গীতটিত মোৰ লগতে কণ্ঠদান কৰে অসমৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী হিয়া মেধি আৰু গীতটিত সংগীতৰ কাম কৰে পিংকল প্ৰত্যুষে । তদুপৰি “মেঘালী” গীতটিৰ কৰা আগতেওঁ মোৰ এটি হিন্দী গীত মুকলি হৈছিল। তেনেকৈয়ে মই সংগীতৰ জগতখনত এখোজকৈ আগবাঢ়িব ধৰিলোঁ।”এগৰাকী নৱপ্ৰজন্ম হিচাবে সংগীত ক্ষেত্ৰখনক লৈ থকা দায়বদ্ধতাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “হয়, এগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী হিচাবে মনোৰঞ্জন ক্ষেত্ৰখনক লৈ আমাৰ প্ৰতিজনৰে কিঞ্চিৎ হ’লেও দায়বদ্ধতা থাকে। ঠিক তাৰ সমান্তৰালকৈ মই ভাবো যে, যিহেতু সংগীত জগতৰ লগত জড়িত সেয়ে আমি সমাজৰ ৰুচি অনুযায়ী এনে কিছুমান কাম কৰা উচিত যাৰ জৰিয়তে আমাৰ পৰৱৰ্তী নৱপ্ৰজন্ময়ে কিছু কথা শিকিব পাৰে বা আমাৰ আদর্শ তথা অনুপ্ৰেৰণা লৈ কাম কৰি যাব পাৰে। তদুপৰি সংগীতৰ ক্ষেত্ৰত বিশেষকৈ এটা কথা উল্লেখ কৰিব পাৰি যে, আমি প্ৰথম পৰ্যায়ত এটা গীতৰ কথাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত। গীতৰ কথা এনে হ’ব লাগে যাতে সেয়া সকলোৱে শুনিব পাৰে আৰু ইয়াৰ যথাৰ্থতা বুজিব পাৰে।” আনহাতে, আগন্তুক পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে, “আগন্তুক পৰিকল্পনা বুলি ক’বলৈ গ’লে বহু কামেই কৰি থকা হৈছে। এই ক’ৰোণাৰ সময়ছোৱাতে বহু কেইটা সংগীতৰ কাম কৰি থকা হৈছে। তাৰেই ভিতৰতে কৰি থকা তিনিটা গানৰ কাম শেহতীয়াকৈ সম্পূৰ্ণ হোৱাৰ পথত; আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা মাহতে এটা গীত মুকলি দিয়া হ’ব আৰু এই গীতটিৰ নাম “কোৱানা এবাৰলে “।
বহুকেইটা গীত মুক্তি লাভ নকৰিলেও এই প্ৰজন্মটোক লৈ আশাবাদী সংগীত প্ৰেমী শ্ৰোতা। নাছিৰ আহমেদক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছোঁ শুভকামনা।
Add comment