Rupaliparda.com
ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 1

ৰাফ cut: ড° মাইনু দেবী –উৎপল মেনা

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 2

এখন চিনেমা চাইছিলোঁ, জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। চিনেমা খন চোৱাৰ পাছতে লগ পাইছিলোঁ
ড° মাইনু দেবীক। চিনেমা খনৰ প্ৰযোজক, এগৰাকী পৰিচালক (চিনেমা খনৰ আন এগৰাকী পৰিচালক ৰমেন বৰা)। পৰিচালক ড° দেবীয়ে চিনেমা খনৰ সংগীত কেন্দ্ৰিক কাম খিনিয়ো কৰিছে। চিনেমা খনত ব্যৱহাৰ কৰা এক মাত গীতটো লিখিছে, সুৰেৰে সজাইছে আৰু হীৰকজ্যোতি কোঁৱৰৰ সৈতে কণ্ঠদান কৰিছে। “মোৰ ধাৰণাত চিনেমা এটা শিল্প , কলা আৰু সংস্কৃতিৰ সংযোজন” ধৰণাৰে চিনেকৰ্ম কৰিবলৈ আগবঢ়া ড°দেবীৰ উদ্দেশ্য– “সমাজক এটা সৃষ্টিশীল বা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰা।”

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 3বৰ্তমানলৈ ভিডিঅ’ চিনেমা “সাক্ষী” ( ২০০৬), “তৰা” (২০০৭), পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমা “কইনা কন্দা শিল (২০২৪) , আৰু “কইনা ক্ৰৱা অৰ্লং (টিৱা)” ৰ লগতে তথ্য চিত্ৰ “দা সাক্ৰেত গ্রুউভ” (বৰ্তমান কাম চলি আছে) পৰিচালনা কৰা ড°দেবীৰ প্ৰথম পৰিচয় কিন্তু “চিনেমা” নহয়, “সংগীত”। আমি জানিব বিছৰাত ক’লে– “স্কুল কলেজৰ পাঠ্যক্ৰমৰ লগতে সমান্তৰাল ভাৱে ভাল পোৱা সংগীত মোৰ বাবে এটা অবিচ্ছেদ্য অংগ। গান শুনি , লিখি আৰু গাই ভাল পাওঁ। পঞ্চম শ্ৰেণী পঢ়ি থাকোঁতে গীত এটি ৰচনা কৰি , সুৰ বুলাই, নিজে হাৰমনিয়াম বজাই বাৰ্ষিক অধিবেশনত গাইছিলো। শ্ৰদ্ধাৰ সুদক্ষশিনা শৰ্মা বাইদেউয়ে গীতটি বহুত ভাল হৈছে বুলি কৈছিল, যিটো মোৰ বাবে আশীৰ্বাদ যেন আছিল। বাইদেউৰ কথাত বহুত অনুপ্ৰেৰণা পাইছিলো। পঢ়াৰ লগে লগে শাস্ত্ৰীয় সংগীতৰ চৰ্চা কৰি গৈছিলো শাস্ত্ৰীয় সংগীতজ্ঞ দামোদৰ বৰাৰ ওচৰত। পিছত শাস্ত্ৰীয় সংগীতজ্ঞ ভবেন পাটগীৰিৰ তত্বাবধানত ভাতখণ্ডে সংগীত বিদ্যাপীঠৰ পৰা বিশাৰদ ডিগ্ৰী ললোঁ। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যুৱবাণী যোগে আধুনিক গীত পৰিৱেশন কৰাৰ বাবে অনুমোদিত হওঁ। বিবাহ সূত্ৰে ডিফুত আছিলো যদিও গীতৰ চৰ্চা বাদ দিয়া নাছিলোঁ। ডিফু অনাতাঁৰ কেন্দ্ৰযোগে মোৰ গীত বানিবন্ধন আৰু প্ৰচাৰ হৈছিল। ইয়াৰ পিছত কেবাটাও গীতৰ এলবাম ত মই কণ্ঠদানৰ লগতে ভিদিও পৰিচালনা কৰোঁ।

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 4

২০২০ আৰু ২০২১ ত ফিলিপাইন ৰ মনিলা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্চিত বিশেষ অনলাইন যোগে পতা নিমন্ত্ৰিত অতিথিৰ শ্বোত মোৰ কেবাতিও লাইভ গীত প্ৰদৰ্শিত হৈছে। ২০০৬ চনত দৰ্শকৰ বাবে মুকলি হোৱা ভিডিঅ’ ফিল্ম “সাক্ষী” ৰ ৬ টা গীতত মই কণ্ঠদান কৰিছিলোঁ । মুঠতে ডিজিটেল আৰু ইলেকট্ৰনিক মাধ্যমেৰে মোৰ বহু গীত প্ৰচাৰ হৈ গৈছে। চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনত থকা শিল্পকলা একাডেমীয়ে প্ৰতিবছৰে ৫ নভেম্বৰ তাৰিখে ডক্তৰ ভূপেন হাজৰিকাৰ প্ৰয়াণ তিথি উদযাপন কৰে । ২০১৯ আৰু ২০২২ ত অসমক প্ৰতিনিধিত্ব কৰি এই মঞ্চত মই দুবাৰকৈ গীত গাবলৈ নিমন্ত্ৰিত হওঁ।”
ড°দেবীয়ে কয়– “সংগীত আৰু চিনেমা, দুটাৰ মাজত এটা নিবিড় সম্পৰ্ক আছে, সংগীতে চিনেমাৰ কাহিনীভাগ জীৱন্ত ৰূপলৈ লৈ যায় , আকৰ্ষণ বৃদ্ধি কৰে। গতিকে এই দুইটি মাধ্যমেৰে নতুন প্ৰজন্মক সৃষ্টিশীল তথা যোগাত্মক দিশত আগবঢ়াই নিব বিচাৰোঁ।”

ৰাফ cut: ড° মাইনু দেবী --উৎপল মেনা 5চিনেমা পৰিচালক-সংগীত শিল্পী গৰাকীৰ আন এক পৰিচয়– লেখক। আমি জানিব বিছৰাত ক’লে– “মই লিখা চাৰিখন গ্ৰন্থ এতিয়ালৈ প্ৰকাশ পাইছে। ইয়াৰে ভিতৰত মোৰ গৱেষণামুলক কিতাপ ” বাইলিজী অফ চিলকৱৰম ৰিয়াৰদ অন মাইকানিয়া মাইক্ৰন্থা এণ্ড ৰিচিনাছ কমিউনিচ” আন্তৰাষ্ট্ৰীয় প্ৰকাশক লামবাৰ্ড একাডেমী পাবলিছিং য়ে প্ৰকাশ কৰিছে । বাকী তিনিখন কিতাপ, “কাজিৰঙা নেশ্যনেল পাৰ্ক, দা ৱৰ্ল্ড হেৰিটেজ সাইত”, “ছেল এণ্ড মলিকিউলৰ বাইওলজি – প্ৰথম খণ্ড” আৰু “ইউনেস্কো ৱৰ্ল্ড হেৰিতেজ সাইট, কাজিৰঙা নেশ্যনেল পাৰ্ক” ৰাষ্ট্ৰীয় প্ৰকাশকে প্ৰকাশ কৰিছে।”

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform