দীপ চৌধুৰীৰ কাহিনী আৰু পৰিচালনাৰে ২০১৮ চনত মুক্তিপ্ৰাপ্ত ছবি “আলিফা” ই দেখুৱাইছিল বঙালী-মুছলমান কমিউনিটীৰ ভিতৰৰ কিছু জীৱন সংগ্ৰাম। অসমীয়াৰ ভাষাৰ লগতে ছবিখনক বাংলা ভাষাতো ইয়াক মুক্তি দিয়া হৈছে। ১ ঘণ্টা ৪৯ মিনিট দৈৰ্ঘ্যৰ উক্ত ছবি খনৰ যোগেদি পৰিচালকে দৰ্শকক প্ৰদান কৰিছিল কিছু উত্তৰহীন প্ৰশ্নৰ।


নিতৌ কৰা মজদুৰিৰ দুপইছা অৰ্জন কৰা এটা পৰিয়ালৰ চকুত অযুত সপোন থাকিলেও তেওঁলোকে যুঁজ কৰিবলগীয়া হয় সমাজৰ কিছু কঁটু কথাৰ সৈতে, কিছু মনে নিবিচৰা আচৰণৰ সৈতে। তৎস্বত্বেও তেওঁলোকৰ জীৱনত সফল হোৱাৰ থাকে প্ৰৱল ইচ্ছা। “আলিফা” নামে চৰিত্ৰটিৰ জৰিয়তে চিনেমাখনত দেখুওৱা হৈছে এজনী সৰু ছোৱালীৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ। বিশাল পৃথিৱীখনৰ এটা নিচেই সৰু কোণত বাস কৰিলেও “আলিফা” ৰ পঢ়াৰ প্ৰতি থকা পিঁয়াহ অথবা সমগ্ৰ পৃথিৱীখনক নতুনকৈ চোৱাৰ প্ৰৱল ইচ্ছাই ছবিখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছে।

এক কথাত ক’বলৈ গ’লে “আলিফা” ত সামাজিক সমস্যা এটাৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। বঙালী-মুছলিম হোৱা পিছতো “মিয়া অথবা বাংলাদেশী” আখ্যা দি নিজতকৈ নীচ জাতি বুলি কয় সমাজে কিছুলোকৰ ওপৰত কৰা মানসিক যাতনাৰ কাহিনী ছবিখনত সুন্দৰকৈ উপস্থাপন কৰা হৈছে। ইয়াৰ লগতে, প্ৰত্যেকদিনাই কৰা মজদুৰিৰ কোনো নিশ্চয়তা নথকাৰ ফলত এটা পৰিয়ালে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব পাৰে তাকো দেখুওৱা হৈছে ছবিখনত।

আৰমান আহমেদৰ প্ৰযোজনাৰে ছবিখনত অভিনয় কৰিছে বাহাৰুল ইছলাম, জয়া ছীল, ভিক্টৰ বেনাৰ্জী, পাকিজা হাছমি লগতে সত্য ৰঞ্জনে। সংগীত দিছে অনিৰ্বাণ বৰঠাকুৰ, সুবিৰ কুমাৰ দাস আৰু সত্য ৰঞ্জনে। ছবিখনত ভি.এফ.এক্স প্ৰিয়ম চক্ৰৱৰ্তীৰ লগতে চিনেমেট’গ্ৰাফাৰ হৈছে নাহিদ আহমেদৰ।


পৰিচালক দীপ চৌধুৰীৰ প্ৰথমখন চিনেমা আছিল “আলিফা” আৰু এই ছবিখনৰ বাবে তেওঁ ৬৪ তম নেশ্বনেল ফিল্ম এৱাৰ্ডত “বেষ্ট ডেবিউ ফিল্ম অৱ এ ডাইৰেক্টৰ” ৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ছবিখনেও বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত বঁটা লাভ কৰে।
Add comment