Rupaliparda.com

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ

অসমীয়া চলচিত্ৰ তথা ধাৰাবাহিক লগতে নাটকৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত এগৰাকী অভিনেতা। মূখ্য চৰিত্ৰয়েই হওঁক অথবা ভিলেইনৰ চৰিত্ৰয়েই হওঁক ; এই দুটাৰ যিকোনো চৰিত্ৰতে নিজক খাপ খুৱাই ল’ব পাৰে এই অভিনেতা গৰাকীয়ে। অভিনেতা গৰাকী হৈছে জাহ্নু বৰুৱা, মঞ্জু বৰা আদি জনপ্ৰিয় পৰিচালকৰ চিনেমাত অভিনীত ৰূপম চেতিয়া।
ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত আমি আজি লৈ আহিছো অভিনেতা ৰূপম চেতিয়াৰ কিছু কথা-

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ 1

প্ৰশ্নঃ অভিনয়ৰ ক্ষেত্ৰখনৰ লগত আপুনি কেনেদৰে জড়িত হৈ পৰিল??

ৰূপম দাঃ মোৰ ঘৰ যোৰহাটৰ এখন সৰু গাওঁত। গতিকে মোৰ পিতৃকে ধৰি ঘৰৰ সদস্য সকল ভাওঁনাৰ সৈতে জড়িত। ভাওঁনা দেখি-মেলি তাৰ প্ৰতি সৰুৰ পৰাই আগ্ৰহ এটা আছিল; সৰুতেই ভাওঁনাত অভিনয় কৰাৰ সুবিধাও পাইছিলো। তেনেকৈয়ে অভিনয়ত প্ৰথম খোজ দিছিলো কিন্তু ভবা নাছিলো যে ইমানখিনি দূৰ আহিব পাৰিম। আকৌ তাৰ পিছত, মই নাটক স্কুল এখনত জইন কৰিলো। তেতিয়া মই হায়াৰ চেকেণ্ডাৰীত অধ্যয়নৰত; তাত একাডেমীকেলি অভিনয় শিকিলো। শেষত, গুৱাহাটীলৈ আহি “ছিগাল” থিয়েটাৰ সৈতে জড়িত হ’লো। লাহে লাহে মোৰো অভিনয়ৰ প্ৰতি আগ্ৰহটো বাঢ়ি গৈ থাকিল আৰু এনেকৈয়ে অভিনয় ক্ষেত্ৰখনৰ সৈতে সাঙুৰ খাই পৰিলো।

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ 2

প্ৰশ্নঃ আপুনি নাটক, চিনেমা, ধাৰাবাহিক এই তিনিওটা ক্ষেত্ৰৰ লগতেই কম-বেছি পৰিমাণে জড়িত। এই তিনিওটা ক্ষেত্ৰৰ ভিতৰত আপোনাৰ প্ৰিয় কোনটো?

ৰূপম দাঃ সঁচা অৰ্থত ক’বলৈ গ’লে, এই তিনিওটা ক্ষেত্ৰক মই কোনোদিনেই ভাগ ভাগ কৰা নাই আৰু মই ভাগ কৰিবলৈও বিচৰা নাই। কাৰণ এই তিনিওটা বস্তুয়েই “অভিনয়” ৰ সৈতে জড়িত আৰু মই “অভিনয়” ভাল পাওঁ। তথাপিও, নাটক-চিনেমা আৰু ধাৰাবাহিকৰ মাজত সৰু সুৰা কিছু পাৰ্থক্য আছে আৰু এই তিনিওটাতে অভিনয় কৰোতে সুকীয়া মজা এটা আছে। গতিকে, কোনোবা “এটা” ক মই প্ৰাধান্য দিব বিছৰা নাই; যদিও চিনেমাত অভিনয় কৰি কিবা এটা ভাল লাগে।

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ 3

প্ৰশ্নঃ আপুনি ভৱিষ্যতত কোনগৰাকী অভিনেত্ৰীক নিজ সহঃঅভিনেত্ৰী হিচাপে বিচাৰিব? অসমীয়া এগৰাকী আৰু বলীউডৰ এগৰাকীৰ নাম জানিব বিচাৰিম।

ৰূপম দাঃ অসমীয়া চলচিত্ৰৰ ঠিক তেনেকৈ মনলৈ নাই অহা বাৰু এতিয়া। কিন্তু মূখ্য চৰিত্ৰ হিচাপে মই আৰু মৃদুলা বৰুৱা বাইদেউ লগতে মই আৰু মলয়া গোস্বামী বাইদেউয়ে যদি অভিনয় কৰিব পাৰো! মোৰ ভাল লাগিব।
বলীউডৰো তেনেকৈ বহুত আছে। তথাপিও, মোৰ সাংঘাতিক ভাল পোৱা অভিনেত্ৰী বলীউডৰ; যাক আটাইতকৈ বেছি ভাল লাগে। সেই গৰাকী হৈছে ৰাধিকা আপটে্। তাৰ পিছত, কংকনা ৰাণাৱট আৰু দীপিকা পাডুকন। এওঁলোকৰ লগত যদি ভৱিষ্যতে কাম কৰিব পাৰো তেনেহ’লে ভাল লাগিব।

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ 4

প্ৰশ্নঃ অভিনেতা যদি নহ’লহেঁতেন তেনেহ’লে আপুনি কি কৰ্মৰে জীৱন নিৰ্বাহ কৰিলেহেঁতেন?

ৰূপম দাঃ আছলতে, মই যেতিয়া অভিনেতা হ’ম বুলি ভবা নাছিলো আৰু এই “অভিনয়” টোক পেছা হিচাপে লোৱা নাছিলো তেতিয়ালৈ মোৰ চিভিল চাৰ্ভিচ কৰা খুব মন আছিলে। মই পঢ়া-শুনাটো তেনেকৈ মন দিছিলো ; UPSC পৰীক্ষাটো দি আই.পি.এছ বিষয়া হোৱাৰ ইচ্ছা আছিল। কিন্তু, যেতিয়া এই অভিনয় ক্ষেত্ৰখনৰ ভিতৰত বেছিকৈ সোমাই পৰিলো তেতিয়া এইবোৰ লাহে লাহে বাদ পৰি গৈ থাকিল।
গতিকে, অভিনেতা যদি নহ’লোহেঁতেন তেনেহ’ল চিভিল চাৰ্ভিছৰ সৈতে জড়িত হ’লোহেঁতেন।

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ 5

প্ৰশ্নঃ “অজেয়” ত আপুনি মূখ্য চৰিত্ৰত কাম কৰিছে। তাত কাম কৰি থকা সময়ৰ কিবা ভাল লগা স্মৃতি??

ৰূপম দাঃ সঠিককৈ এটায়ে স্মৃতি মোৰ চিনেমাখনৰ সৈতে নাই। চিনেমাখনত যেতিয়া মোক অভিনেতা হিচাপে লৈছিলে অথবা জাহ্নু ছাৰক লগ পোৱা দিনাৰ পৰা চিনেমাখন মুক্তিৰ দিনাখনলৈ ;সেই প্ৰত্যেকটো দিনৰ অভিজ্ঞতাই মোৰ বাবে ভাললগা। তাৰ মাজত ভাল লগা স্মৃতি বুলি ক’লে, যেনেদৰে জাহ্নু ছাৰে চৰিত্ৰবোৰ বুজাই দিছিল লগতে ছাৰে দৃশ্যবোৰৰ বাবে যেনেদৰে আমাক প্ৰস্তুত কৰাইছিল সেই আটাইখিনি বস্তুৱেই মোৰ বাবে ভাল লগা স্মৃতি।

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ 6

প্ৰশ্নঃ আগন্তুক প্ৰজেক্টৰ বিষয়ে অকণমান জানিব বিচাৰিম।

ৰূপম দাঃ আগন্তুক প্ৰজেক্ট হিচাপে মোৰ এই বছৰেই ৩খন চিনেমা মুক্তি পাব। ন-পৰিচালক প্ৰণৱ বিবেকৰ দ্বাৰা পৰিচালিত এখন ছবি “উল্কা”। মই এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছো। “উল্কা” এখন ছাটাৰিকেল কমেডী চিনেমা; আৰু মই তাত যেনেকুৱা অভিনয় কৰিছো সেইটো মই নাটকত কৰিছো যদিও বৰ্তমানলৈ কেমেৰাৰ আগত তেনেকুৱা অভিনয় নাই কৰা। তাৰ পিছত, এখন আহিব “মিড নাইট চংগ” বুলি। ছবিখনত তিনিটাই মূখ্য চৰিত্ৰ আছে ; য’ত মই নিগেটিভ চৰিত্ৰত আছো আৰু এই নিগেটিভ চৰিত্ৰটোৰ ওপৰত ভিত্তি কৰিয়েই গোটেই চিনেমাখন বুলি ক’ব পাৰি। এইখন ছবি ছাগে প্ৰডাকছন হাউচে এতিয়াই মুক্তি নিদিব। কিছুমান ফেষ্টিভেলক উদ্দেশ্যি তেওঁলোকে চিনেমাখন বনাইছে।
শেষত, জুবিন গাৰ্গৰ চিনেমা “কাঞ্চনজংঘা”; মই সেইখনতো অভিনয় কৰিছো। এইখিনিয়েই মোৰ আগন্তুক প্ৰজেক্ট।

ৰূপালী পৰ্দাৰ ইণ্টাৰভিউ বিশেষত ৰূপম চেতিয়াঃ 7

… ধন্যবাদ দাদা। আগন্তুক সময়ত আহিবলগীয়া আপোনাৰ প্ৰত্যেকটো প্ৰজেক্টৰ বাবে শুভকামনা জনায় আপোনাৰ পৰা বিদায় লৈছো।

ৰূপম দাঃ ধন্যবাদ।

2 comments

Leave a Reply

The Ultimate Managed Hosting Platform