“কাহানী”, “বদলা” আৰু “তিন” ৰ দৰে চিনেমাৰ পৰিচালনাৰ পিছত পৰিচালক সুজয় ঘোষে এইবাৰ হাত দিছে “ৱেব চিৰিজ” ৰ ওপৰত। ৫ টা খণ্ডযুক্ত “টাইপৰাইটাৰ” হৈছে সুজয় ঘোষৰ প্ৰথমখন ডেবিউ ৱেব চিৰিজ। উক্ত চিৰিজ খনত থ্ৰীলাৰৰ সৈতে কিছু ভয়ানক ঘটনাৰ সোঁৱাদ ল’ব পাৰিব দৰ্শকে।


চলিত মাহৰ ১৯ জুলাই তাৰিখে নেটফ্লিক্সত মুক্তিপ্ৰাপ্ত “টাইপৰাইটাৰ” ৰ কাহিনীভাগ গোৱাস্থিত “ৱাৰডেজ ভিলা” নামে পূৰণা ঘৰ আৰু “ডা ঘোষ্ট অৱ চুলতানপুৰ” নামে এখন কিতাপৰ চাৰিওফালে ঘূৰি আছে। অতীতৰ কিছু ফ্লেচবেক আৰু বৰ্তমানৰ কাহিনীক একত্ৰিত কৰি নিৰ্মাণ’ কৰা হৈছে “টাইপৰাইটাৰ”। চিৰিজ খনৰ জৰিয়তে তিনি শিশুৰ বন্ধুত্বৰ সৈতে এটা কুকুৰৰ প্ৰভূভক্ত হোৱা কিছু ঘটনাৰো দৃশ্য উপভোগ কৰিব পাৰিব দৰ্শকে।


ৱেব চিৰিজ খনত অভিনয় কৰিছে পূৰৱ কহলী, পলমী ঘোষ, সমীৰ কচ্চাৰ, আৰনা শৰ্মা, কে.চি শংকৰ, মিখাইল গান্ধী, পলাশ কাম্বলে, আৰয়ান্স মালভিয়া, বিজও থাংগজাম আৰু জিষু সেনগুপ্তাই। উল্লেখ্য যে, উক্ত চিৰিজ খনৰ কাহিনীভাগো লিখিছে সুজয় ঘোষে। এই চিৰিজখনৰ সমাপ্তি এই ৫ টা খণ্ডতেই নহয়; আগন্তুক সময়ত এই চিৰিজখনৰ আৰু সংস্কৰণ দৰ্শকে দেখিবলৈ পাব।

Add comment