Rupaliparda.com

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ

জনসাধাৰণৰ ওপৰত ছবি,ধাৰাবাহিক আদিৰ সমানে প্ৰভাৱ বিস্তাৰ কৰে বিজ্ঞাপনে। বিজ্ঞাপন হৈছে এনেকুৱা এটা বস্তু যিয়ে ব্যক্তিক নিজৰ পিনে আকৰ্ষণ কৰে। গতিকে, বিজ্ঞাপন সমূহ যদি কোনো তাৰকা বা শিল্পীয়ে কৰে তেতিয়াহ’লে জনসাধাৰণে সেই তাৰকা ও শিল্পী গৰাকীয়ে ব্যৱহাৰ কৰা বস্তুটোতেই বিশ্বাস কৰিবলৈ লয়।

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 1


কিন্তু, এনে বহু তাৰকাও আছে যিসকলে কিছু নিৰ্দ্দিষ্ট বস্তুৰ বিজ্ঞাপনৰ পৰা নিজক আঁতৰাই ৰাখে বা তেওঁলোকে কৰিব নোখোজে। চাওঁ চোন আহক এনে কিছু তাৰকা-

১.জন আব্ৰাহামঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 2

ৰাফ এণ্ড টাফ ব্যক্তিত্ব আৰু ফিট ব’ডিৰ এই অভিনেতাগৰাকীয়ে পুৰুষৰ বৃদ্ধি আৰু বিকাশৰ বাবে বিজ্ঞাপন কৰে যদিও তেওঁ কোনো ধৰণৰ মাদকীয় দ্ৰব্যৰ বিজ্ঞাপনত অংশগ্ৰহণ নলয়।

২. সাই পল্লৱীঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 3

দক্ষিণৰ এই গৰাকী অভিনেত্ৰীক ২ কোটি টকীয়া ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপনৰ অফাৰ দিয়াৰ পিছতো তেওঁ নাকছ কৰিছিল।

৩. অমিতাভ বচ্চনঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 4

প্ৰথমতে ক’ল্ড-ড্ৰিংকৰ বিজ্ঞাপনত দেখিবলৈ পোৱা বিগ বি য়ে পিছলৈ এই এড সমূহ কৰিবলৈ অমান্তি হয়। কিয়নো তেওঁক এবাৰ স্কুলৰ ছাত্ৰী এগৰাকীয়ে সুধিছিলে যে তেওঁ এনেকুৱা বস্তুবোৰ কিয় জনসাধাৰণক খাবলৈ কয় যিটো বস্তু ছাত্ৰী গৰাকীৰ শিক্ষয়িত্ৰীয়ে “বিষ” বুলি কয়!

৪. কংগনা ৰাণাৱঁটঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 5

বি-টাউনৰ এই গৰাকী অভিনত্ৰী নিতৌ তেওঁৰ কিবা নহয় কিবা মন্তব্যৰ বাবে মিডিয়াৰ চকুত থাকে। যদিও এই অভিনেত্ৰী গৰাকীয়ে কোনো ধৰণৰ ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন নকৰে কিয়নো তেওঁৰ নিজ ভগ্নী "ডাৰ্ক কমপ্লেক্সন" ৰ। ফলত, ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন কৰি তেওঁ ভগ্নীক উপলুঙা কৰিব নোৱাৰে।

৫. অক্ষয় কুমাৰঃ

কিছু বিজ্ঞাপনৰ আঁতৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰীঃ 6

হাঁহিমুখীয়া এই গৰাকী অভিনেতা স্বাস্থ্যক লৈ সষ্টম। তেওঁ “পান মছালা” ৰ কেইবাটাও বিজ্ঞাপন কৰিবলৈ ইতিমেধ্যে নাকছ কৰিছে।

… জনসাধাৰণক মনোৰঞ্জন কৰোৱাৰ লগতে সামাজিক দায়বদ্ধতাও পালন কৰে কিছু সংখ্যক অভিনেতা-অভিনেত্ৰীয়ে। আপুনি জানেনে এনেকুৱা অভিনেতা-অভিনেত্ৰীৰ নাম? জানে যদি কমেণ্ট কৰক আৰু জনাওঁক আমাক তেওঁৰ নাম।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.