Rupaliparda.com
"কল হো না হো" য়ে অতিক্ৰম কৰিলে ১৬ টা বৰ্ষঃ 1

“কল হো না হো” য়ে অতিক্ৰম কৰিলে ১৬ টা বৰ্ষঃ

নিখিল আডৱানীৰ দ্বাৰা পৰিচালিত ছবি “কল হো না হো” য়ে আজি ১৬ বছৰ অতিক্ৰম কৰিলে।২০০৩ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন সেই সময়ছোৱাৰ এখন জনপ্ৰিয় ছবি আছিল। উক্ত ছবিখনত অভিনীত প্ৰীতি জিন্টাই এই ছবিখনৰ পৰা লাভ কৰিছিল অধিক জনপ্ৰিয়তা। দৰ্শকো “নেনা” ৰ চৰিত্ৰটোক আঁকোৱালি লৈছিল।

"কল হো না হো" য়ে অতিক্ৰম কৰিলে ১৬ টা বৰ্ষঃ 2


কিন্তু আপোনালোকে শুনিলে আচৰিত হ’ব যে এই ছবিখনৰ বাবে প্ৰীতি জিন্টা নিৰ্মাতা সকলৰ প্ৰথম পচন্দ নাছিল; ছবিখনৰ বাবে কৰণ জোহৰৰ বান্ধৱীৰ ভিতৰত এজনী কৰিণা কাপুৰক বিচৰা হৈছিল। কিন্তু কৰীণাই ছবিখনৰ বাবে অধিক ফিছ বিচৰাৰ ফলত নিৰ্মাতা সকলে পিছলৈ প্ৰীতি জিন্টাক ছবিখনৰ “নেনা” চৰিত্ৰটোৰ বাবে ধাৰ্য্য কৰে।

"কল হো না হো" য়ে অতিক্ৰম কৰিলে ১৬ টা বৰ্ষঃ 3


“কল হো না হো” ত প্ৰীতি জিন্টাৰ সৈতে মূখ্য চৰিত্ৰত অভিনয় কৰিছিল ছেইফ আলি খান আৰু শ্বাহৰুখ খানে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.