“অপৰূপা” হৈছে জাহ্নু বৰুৱাই ১৯৮২ চনত পৰিচালনা কৰা প্ৰথম অসমীয়া বোলছবি। ইয়াৰ লগতে ৰাষ্ট্ৰীয় চলচিত্ৰ নিগমে প্ৰযোজনা কৰা এইখনে প্ৰথম অসমীয়া বোলছবি। উক্ত বোলছবিখন হিন্দী ভাষাতো মুক্তি লাভ কৰে “অপেক্ষা” নামেৰে। উল্লেখযোগ্য যে, “অপৰূপা” বোলছবিখনৰ সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাই।

এখন তথাকথিত সমাজৰ বাবেই নাৰীয়ে কিদৰে নিজৰ নিজস্বতা হেৰুৱাই পেলায় তাৰ পটভূমিতে নিৰ্মাণ কৰা হৈছে বোলছবিখন। সমাজৰ কু-চিন্তাৰ বশৰ্ৱতী হৈ নাৰীয়ে নিজৰ ইচ্ছা, আশা আদিৰ লগতে নিজকো হত্যা কৰিবলগীয়া হোৱা পৰিস্থিতিৰ এখন জীয়া ছবিৰ বৰ্ণনা কৰা হৈছে “অপৰূপা” ত। পিতৃয়ে ঋণ পৰিশোধ কৰিব নোৱাৰি জীয়েকৰ শিক্ষা আধাতে সামৰি তাইৰ অনিচ্ছা স্বত্বেও এগৰাকী বাগিছাৰ মেনেজাৰ সৈতে বিয়া দিয়ে। তাইৰ সকলো সপোনৰ টেঁটু চেপি হত্যা কৰাৰ পিছতো তাই সমাজৰ বাবেই নিজৰ স্বাভাৱিক সুখৰ বাবে কৰিবলগীয়া কামখিনি কৰিব নোৱাৰে। এয়াই হৈছে “অপৰূপা” ৰ মূল কাহিনী ভাগ। “অপৰূপা” ৰ চৰিত্ৰত থকা সুহাসিনী মূলে ৰ অভিনয়ে চৰিত্ৰটো অধিক হৃদয়স্পৰ্শী কৰি তুলিছে।

ইয়াৰ পিছতেই আন মূল চৰিত্ৰ “ৰাণা” ত অভিনয় কৰিছে বিজু ফুকনে। পৰিয়ালৰ আৰ্থিক অৱস্থাৰ বাবেই নিজ প্ৰেয়সীক এৰি আৰ্মিত জইন কৰে আৰু যেতিয়া গাঁৱলৈ ঘূৰি আহে তেতিয়াই তেওঁ বুজি পায় যে গাঁৱৰ সাধাৰণজনে নিজক লৈ ব্যস্ত নহৈ কেৱল মাত্ৰ ব্যস্ত আনৰ কথাক লৈহে। ফলত শেষলৈ তেওঁ গাঁৱলৈ ঘূৰি নহাৰ সিদ্ধান্ত লৈ পেলায়।

বোলছবিখনত দুটাই মূখ্য চৰিত্ৰ আছে বুলি সঠিককৈ কৈ দিব নোৱাৰি। প্ৰত্যেকটা চৰিত্ৰই এটা আনটোৰ ওপৰত নিৰ্ভৰশীল; যেন এটা এৰুৱাই দিলে আনটো খহি পৰিব। নিপন গোস্বামীকো বোলছবিখনত কিছু মহুৰ্তৰ বাবে দেখিবলৈ পোৱা যায়। য’ত তেওঁ এজন সফল নাগৰিক হোৱাৰ চেষ্টা কৰাৰ লগতে নিজ গাঁওখনকো স্বাক্ষৰ কৰাৰ চেষ্টা কৰে যদিও শেষত ভাগৰি মদৰ আশ্ৰয় ল’বলগীয়া হয়।

“অপৰূপা” ত এখন গাঁৱৰ এটা নিঁভাজ পৰিৱেশৰ সৃষ্টি কৰা হৈছে। গাঁৱত কোনোবাই কিবা জগৰ লগালে পঞ্চায়তৰ কাষ চপা হয় আৰু পঞ্চায়তৰ বিচাৰেই শেষ বিচাৰ ৰূপে ধায্য কৰা হয়। “অপৰূপা তুমি মুক্ত” শীৰ্ষক গীতটিৰ বৰ্ণনায়ে বোলছবিখনৰ সাৰমৰ্ম বুজাই দিয়ে। বৰগীতৰ বহুল প্ৰচাৰ দেখা যায় বোলছবিখনত।

য’ত নাৰী নিজস্বতা নাথাকে তাত নাৰী বেছি দিন জীয়াই থাকিব নোৱাৰে। তেনে এক খণ্ড কাহিনীৰো যোগান ধৰা হৈছে বোলছবিখনত।

১৯৮৩ চনত “অপৰূপা” ই ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটা(ৰজত হকমল) লাভ কৰে।
Add comment