Rupaliparda.com
"ঘপককৈ" আহিব গীতালী কাকতিঃ 1

“ঘপককৈ” আহিব গীতালী কাকতিঃ

অসমৰ উল্লেখযোগ্য কন্ঠশিল্পী সমূহৰ ভিতৰত তেজপুৰৰ জীয়ৰী তথা অসমৰ জনপ্ৰিয় গায়িকা গীতালী কাকতি হৈছে অন্যতম। তেওঁৰ কন্ঠৰ প্ৰায় সংগীতেই বৰ্তমান সাধাৰণজনৰ মুখে মুখে। “ছেলফী ৰাণী”, “পাগল পাগল মন”, “এনাইদেউ” আৰু অলপতে জনপ্ৰিয় হৈ উঠা গীত “প্ৰীতি ভৰা” ৰ লগতে বিভিন্ন বিহু গীতত কন্ঠ নিগৰাই এতিয়া হাজাৰ হাজাৰ দৰ্শকৰ হৃদয়ত কন্ঠশিল্পী গৰাকী।


“প্ৰীতি ভৰা” ৰ বহুল সফলতাৰ পিছত পুনৰ বাৰ গীতালী ব্যস্ত তেওঁৰ আগন্তুক প্ৰজেক্ট “ঘপককৈ” ক লৈ। শোণিত গগৈৰ কথাৰে তথা বিজয় শংকৰ আৰু শোণিত গগৈৰ দ্বৈত ভাৱে দিয়া সুৰেৰে উক্ত গীতটিৰ মুক্তিৰ তাৰিখ বৰ্তমানেও মুকলি কৰা হোৱা নাই। গীতটিত সংগীত দিছে বিজয় শংকৰে।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.