২০২০ চনৰ আৰম্ভণিতে নেটফ্লিক্সত মুক্তি লাভ কৰিছে এখন ভয়ানক ৱেক চিৰিজ; নাম “ঘোষ্ট ষ্টৰীজ”। ব্যতিক্ৰমী ধৰণেৰে নৱবৰ্ষক আদৰাৰ উদ্দেশ্যৰে কিছু ব্যতিক্ৰমী কাহিনীক দেখিবলৈ পোৱা গৈছে এই ৱেব চিৰিজখনত।

চাৰি পৰিচালকৰ নিৰ্দেশনাত নিৰ্মিত “ঘোষ্ট ষ্টৰীজ” ত চাৰিটা ভিন্ন কাহিনীক দেখিবলৈ পোৱা গৈছে। জোয়া আখতাৰ, অনুৰাগ কাশ্যপ, দিবাকৰ বেনাৰ্জী আৰু কৰণ জোহৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে “ঘোষ্ট ষ্টৰীজ”।

১. জয়া আখতাৰৰ কাহিনীভাগত অভিনয় কৰিছে জান্হৱী কাপুৰ আৰু সুৰেখা সীকৰীয়ে।
২. অনুৰাগ কাশ্যপৰ কাহিনীভাগত শোভিতা ধূলিপালা, জেক্ৰৰী ব্ৰাজে অভিনয় কৰিছে। অনুৰাগ কাশ্যপে কাহিনীভাগত নিজৰ এক ব্যতিক্ৰমী ষ্টাইল দেখুওৱাবলৈ সক্ষম হৈছে।

৩. দিবাকৰ বেনাৰ্জীৰ পৰিচালনাত নিৰ্মিত কাহিনীভাগত সুকান্ত গোয়েল আৰু আদিত্য ছেট্টীয়ে অভিনয় কৰিছে। এই কাহিনীভাগত “জম্বীজ” ও দেখিবলৈ পোৱা যাব।
৩. কৰণ জোহৰৰ কাহিনীভাগত অভিনয় কৰিছে মৃণাল ঠাকুৰ আৰু অবিনাশ তিৱাৰীয়ে।
Add comment