Rupaliparda.com
জমিদাৰ পৰিয়ালৰ সংঘাত, জেদক কেন্দ্ৰ কৰি নিৰ্মিত ছবি "জিলমিল জোনাক"- 1

জমিদাৰ পৰিয়ালৰ সংঘাত, জেদক কেন্দ্ৰ কৰি নিৰ্মিত ছবি “জিলমিল জোনাক”-

২০১৪ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “জিলমিল জোনাক”। “হিয়াৰ দাপোনত তোমাৰেই ছবি” ৰ পাছতেই শিবানন বৰুৱাৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘ্যৰ ছবি হৈছে “জিলমিল জোনাক”। অসমীয়া ছবি জগতৰ কেইবাজনো জনপ্ৰিয় শিল্পীক লগত লৈ নিৰ্মিত এই ছবিখনৰ প্ৰায় দৃশ্য গ্ৰহণ কৰা হয় গুৱাহাটী,মায়ং আৰু সোণাপুৰ আদি ঠাইত।

জমিদাৰ পৰিয়ালৰ সংঘাত, জেদক কেন্দ্ৰ কৰি নিৰ্মিত ছবি "জিলমিল জোনাক"- 2
জমিদাৰ পৰিয়ালৰ সংঘাত, জেদক কেন্দ্ৰ কৰি নিৰ্মিত ছবি "জিলমিল জোনাক"- 3


দুই জমিদাৰৰ পৰিয়ালত মাজত থকা সংঘাত, ইৰ্ষা,জেদ ভাৱ আদিক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে এই ছবিখন। পাৰিবাৰিক কাহিনীৰ আধাৰত নিৰ্মিত এই ছবিখন প্ৰযোজনা কৰিছিল ডেইজী গগৈয়ে। ছবিখনত অন্তৰ্ভূক্ত ফাইট ছিকুৱেঞ্চৰ পৰিচালনা কৰিছে তামিল তেলেগু ছবি একচন ডাইৰেক্টৰ শ্ৰী কান্তে।

জমিদাৰ পৰিয়ালৰ সংঘাত, জেদক কেন্দ্ৰ কৰি নিৰ্মিত ছবি "জিলমিল জোনাক"- 4


“জিলমিল জোনাক” ত অভিনয় কৰিছে যতীন বৰা, নিশিতা গোস্বামী, ইন্দ্ৰনীল সেনগুপ্তা,ৰাগ ঐনিতম, আকাশদ্বীপ, নিপন গোস্বামী, দীনেশ দাস, ৰীণা বৰুৱা, ৰুবী মহন্ত, বিৰেণ হাজৰিকা, পদ্মৰাগ গোস্বামী, জয়শ্ৰী গোস্বামী, কিশোৰ চৌধুৰী, দুদুল বৈশ্য, মহেন্দ্ৰ দাস, অজয় ডেকা, চিৰঞ্জীৱ বৰা, এনিশা হাজৰিকা, বিক্ৰমাদিত্য গগৈ, অনামিকা পাঠক গগৈ, হৃষিকেশ বৰুৱা, অংশুমান ভূঞা আৰু তৃষ্ণা কুৰ্মীয়ে।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.