কঠোৰ নীতি-নিয়মৰ মাজেৰে গুৱাহাটীত বলীউড ক্ষেত্ৰৰ বৃহৎ এৱাৰ্ড শ্ব’ ৬৫ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড। ইতিমধ্যে গুৱাহাটী মহানগৰীত উপস্থিত হৈছে কেইবাগৰাকীও বলীউডৰ তাৰকা-মহাতাৰকা। আজি অনুষ্ঠিত এই শ্ব’টো টেলিকাষ্ট কৰা হ’ব অহা কাইলৈ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰী তাৰিখে। বিগ বি কে ধৰি তিনি খান এইবাৰৰ ফিল্মফেয়াৰত উপস্থিত নাথাকে যদিও বহুকেইজন তাৰকাৰ সমাৱেশ ঘটিব ফাঞ্চন খনত। উল্লেখ্য যে, ফিল্মফেয়াৰ চাবলৈ যোৱা জনসাধাৰণে পালন কৰিব লাগিব কেতবোৰ নীতি-নিয়ম।


দুপৰীয়া ৩.৩০ বজাৰ পৰা ইন্দিৰা গান্ধী ইন্দোৰ ষ্টেডিয়ামত প্ৰৱেশৰ দ্বাৰ মুকলি কৰা হ’ব। লগতে, যিসকলে বিশেষ পাছ সংগ্ৰহ কৰিছে তেওঁলোককহে নিজৰ গাড়ী ষ্টেডিয়ামৰ ভিতৰলৈ অানিবলৈ দিয়া হ’ব। ২৭ টা “পাৰ্কিং পইন্ট” ৰ ব্যৱস্থা কৰা হৈছে ঠাইডোখৰত। আনহাতে, ষ্টেডিয়ামস্থিত উক্ত ৰাষ্টাটোৰ দুপৰীয়া ৩ বজাৰ পৰা ট্ৰাকৰ অহা-যোৱা নিষেধ কৰা হ’ব। তাৰকাসকলকে ধৰি মুঠ ৮০০০ হাজাৰ লোকে ষ্টেডিয়ামৰ ভিতৰত ফিল্মফেয়াৰ এৱাৰ্ড উপভোগ কৰাৰ সুবিধা লাভ কৰিব।
Add comment