বিশ্বৰ সকলোবোৰ সাংস্কৃতিক ক্ষেত্ৰতকৈ জনপ্ৰিয় চলচিত্ৰ ক্ষেত্ৰখন। এই ক্ষেত্ৰখনক আগবঢ়াই নিবলৈ বহুতো লোক উঠি-পৰি লাগি থকা দেখিবলৈ পোৱা যায়। বহু ছবিৰ যোগেৰে জনসাধাৰণলৈ কিছু গঠনমূলক বাৰ্তা প্ৰেৰণৰো চেষ্টা কৰে পৰিচালক ও শিল্পী সকলে। “জয়মতী” ৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ৰ “ৰত্নাকৰ” লৈ প্ৰায় বহু অসমীয়া ছবিয়ে লাভ কৰিছে দৰ্শকৰ সঁহাৰি। গল্প, উপন্যাস তথা প্ৰকৃত ঘটনাৰ আঁৰ লৈ নিৰ্মিত ছবি নহওঁক কিয়; পূৰ্বৰ সময়ত সাধাৰণজনৰ উপভোগ্য ছবিৰ সংখ্যা আছিল লেখত ল’বলগীয়া। বঙালী ছবিক্ষেত্ৰ খনৰ যেনেদৰে তিনি স্তম্ভ সত্যজিৎ ৰায়, মৃণাল সেন তথা ঋত্বিক ঘটকক মানিব পাৰি; ঠিক তেনেদৰে অসমীয়া ছবিৰ ক্ষেত্ৰ ,তো সেইটো সময়ৰ উল্লেখনীয় ব্যক্তি বুলি ক’ব পাৰি জ্যোতিপ্ৰসাদ আগৰাৱালা, ভৱেন্দ্ৰনাথ শইকীয়া তথা ফণী শৰ্মাক।
ইয়াৰ পিছতেই বহুকেইজন ন-ন পৰিচালকৰ জন্ম হৈছিল যদিও তেওঁলোকৰ আগৰ সময়ছোৱাত এই ক্ষেত্ৰখনত ৰাজ কৰিছিল উক্ত পৰিচালক কেইগৰাকীয়ে। আহক জানো জ্যোতিপ্ৰসাদ-ভৱেন্দ্ৰনাথ-ফণী শৰ্মাৰ বিষয়ে কিছু কথাঃ
জ্যোতিপ্ৰসাদ আগৰৱালাঃ
অসমীয়া চলচিত্ৰ জগত খনত এক উল্লেখনীয় বৰঙণি যোগোৱা জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি ১৭ জানুৱাৰীত সমগ্ৰ অসমীয়াই শিল্পী দিৱস ৰূপে উদযাপন কৰে। ১৯৩৫ চনত তেখেতে প্ৰথম অসমীয়া চলচিত্ৰ “জয়মতী” নিৰ্মাণ কৰে। একাধাৰে গীতিকাৰ, নাট্যকাৰ, লেখক আৰু বোলছবি নিৰ্মাতা এই গৰাকী মহান শিল্পীক “ৰূপকোঁৱৰ” বুলিও কোৱা হয়। ১৯০৩ চনত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীৰ যেতিয়া প্ৰথমখন ছবিয়ে বাণিজ্যিকভাৱে লাভ অৰ্জন কৰা নাছিল; তেতিয়া তেওঁ ছবিৰ অসফলতাৰ দায়িত্ব নিজে মূৰ পাতি লৈছিল। “জয়মতী” ৰ পৰা হোৱা ব্যৱসায়িক লোকচানক পৰিপূৰ্ণ কৰিবলৈ তেওঁ তেওঁৰ দ্বিতীয়খন ছবি “ইন্দ্ৰমালতী” নিৰ্মাণ কৰে। ৪৮ বছৰ বয়সৰ ভিতৰত তেওঁ অসমীয়াৰ সাহিত্য ভঁৰাল চহকী কৰি থৈ গৈছে। অসমীয়া ছবি ক্ষেত্ৰলৈ জনোৱা অৱদানৰ বাবে ২০০৪ চনত ১৭ জুনত ভাৰত চৰকাৰে আগৰৱালাৰ এটি স্মৃতিৰক্ষামূলক ডাক টিকট মুকলি কৰে।
ড° ভৱেন্দ্ৰনাথ শইকীয়াঃ
একাধাৰে এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু ছবি পৰিচালক হৈছে ভৱেন্দ্ৰ নাথ শইকীয়া। তেওঁৰ প্ৰায় সকলোবোৰ কৰ্মৰাজিক এৰি যদি আমি কেৱল বোলছবি নিৰ্মাণৰ বিষয়ে ক’বলৈ যাওঁ তেনেহ’লে এক কথাত ক’ব লাগিব যে ভৱেন্দ্ৰ নাথ শইকীয়াৰ দ্বাৰা নিৰ্মিত প্ৰায় প্ৰত্যেকখন ছবিয়ে লাভ কৰিছে ৰজত কমল বঁটা। ১৯৭৬ চনত ভৱেন্দ্ৰ নাথ শইকীয়াই সাহিত্য একাডেমী বঁটা আৰু ১৯৯০ চনত “অসম উপত্যকা সাহিত্য বঁটা” ৰ লগতে “পদ্মশ্ৰী” বঁটাও লাভ কৰে। কেইবাখনো ৰেডিঅ’ নাট, একাংকিকা নাট তথা ভ্ৰাম্যমাণ মঞ্চৰ বাবে একাধিক নাটক ৰচনা কৰা এইগৰাকী মহান ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে অসমীয়া চলচিত্ৰ জগতত অৰ্থবহ ছবিৰ শুভাৰম্ভ কৰে। তেওঁৰ দ্বাৰা নিৰ্মিত ছবি সমূহৰ প্ৰায় বোৰেই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেওঁ নিজৰ ছবিসমূহত প্ৰায়ে সংলাপৰ ওপৰত গুৰুত্ব প্ৰদান কৰা বুলি সমালোচক সকলে ব্যক্ত কৰে। ভবেন্দ্ৰ নাথ শইকীয়াই অসমীয়াৰ লগতে এখন হিন্দী ছবি “কালসন্ধ্যা” ৰো নিৰ্মাণ কৰে;যিখন “ইন্টাৰনেশ্বনেল ফিল্ম অৱ ইণ্ডিয়া” ত প্ৰদৰ্শিত কৰা হয়।
ফণী শৰ্মাঃ
এগৰাকী পৰিচালক ও অসমৰ নাট তথা চলচিত্ৰ অভিনেতা, নাট্যকাৰ হৈছে ফণী শৰ্মা। “নটসূৰ্য্য” উপাধিৰে বিভূষিত এই গৰাকী জনপ্ৰিয় শিল্পীৰ জন্ম ১৯১০ চনত বুলি কোৱা হয়। বাণ ৰংগমঞ্চৰ দ্বাৰ ৰক্ষী হিচাপে নিজৰ নাট্যশালাৰ জীৱন আৰম্ভ কৰা ফণী শৰ্মাই প্ৰথম অভিনয় কৰিছিল ১৯২৮ চনত বাণ ৰংগমঞ্চৰ “ৰাণা প্ৰতাপ” নাটকত “আকবৰ” চৰিত্ৰত। ইয়াৰ পিছতে অভিনয় কৰি থকাৰ লগতে তেওঁ কেইবাখনো নাট পৰিচালনা কৰে; ১৯৩৫ চনত ছবি ক্ষেত্ৰত খোজ পেলায় ফণী শৰ্মাই। জ্যোতিপ্ৰসাদৰ দুয়োখন ছবিত অভিনয় কৰে ফণী শৰ্মাই লগতে তেওঁ বিষ্ণু প্ৰসাদ ৰাভাৰ সৈতে লগ হৈ “ছিৰাজ” ছবিখনৰো পৰিচালনা কৰে। উল্লেখ্য যে, এই খনেই আছিল অসমীয়া ছবি সমূহৰ ভিতৰত আটাইতকৈ বাণিজ্যিক ভাৱে সফল ছবি। ইয়াৰ পিছতে তেওঁ পৰিচালনা কৰে “পিয়লি ফুকন” আৰু ফণী শৰ্মাৰ দ্বাৰা পৰিচালিত শেষৰখন ছবি আছিল “ইটো সিটো বহুতো”।
এই পৰিচালক সমূহৰ উপৰিও অসমীয়া ছবি ক্ষেত্ৰখনত পিছলৈ কেইবাজনো এনে পৰিচালকৰ জন্ম হয়;যিয়ে এই ক্ষেত্ৰখনত অধিক উন্নত কৰি তোলাৰ উপৰিও দৰ্শকৰ বাবে গ্ৰহণযোগ্য কৰি তোলে।
Add comment