Rupaliparda.com
আপোনাৰ কেনে লাগিছিল ছবি "মলংগ"?? এইবাৰ আকৌ আহিব "মলংগ ২"- 1

আপোনাৰ কেনে লাগিছিল ছবি “মলংগ”?? এইবাৰ আকৌ আহিব “মলংগ ২”-

বলীউড পৰিচালক মোহিত সুৰীৰ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি “মলংগ” ৰ ছিকুৱেল প্ৰস্তুতিত বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁ। ছবিখন ইতিমধ্যে মুকলি কৰি দিয়া গৈছে OTT প্লেটফৰ্ম যোগে। অনিল কাপুৰ, দিশা পাটানী, আদিত্য ৰয় কাপুৰ আৰু কুণাল খেমু অভিনীত উক্ত মিউজিকেল ৰোমান্টিক একছন থ্ৰীলাৰ ছবিখনে ২০২০ বৰ্ষৰ আৰম্ভণিত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা গৈছিল। এই ছবিখনে মুক্তিৰ পিছত বস্ক অফিচত ৫৯ কোটিতকৈ অধিক টকা লাভ কৰিবলৈ সক্ষম হৈছে। এই বিষয়ে ছবিখনৰ প্ৰযোজক অংকুৰ গৰ্গে কয় যে, “মই সেই দৰ্শক সমূহক ধন্যবাদ জ্ঞাপন কৰিছো; যিসকলে থিয়েটাৰৰ পিছত এইবাৰ ছবিখনক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে OTT প্লেটফৰ্মত। য’ত একাংশ লোকে নেটফ্লিক্সত “মলংগ” ক উপভোগ কৰি আনন্দ প্ৰকাশ কৰিছে; আনহাতে একাংশৰ বাবে মই আনিছো এক সুঃখবৰ। আমি ইতিমধ্যে “মলংগ ২” সৈতে প্ৰস্তুত হৈ পৰিছো।


ইয়াৰ লগতে তেওঁ কয় যে, “ইতিমধ্যে মোহিত আৰু লভ ৰঞ্জনে ছবিখনৰ চিকুৱেল প্ৰস্তুতিৰ কাম আৰম্ভ কৰিছে।” উল্লেখ্য যে, ছবিখনক লৈ অহা প্ৰতিক্ৰিয়া সমূহৰ বাবে মোহিত সুৰীয়ে এক টুইট যোগে ধন্যবাদ জ্ঞাপন কৰিছে ছবিখনৰ প্ৰত্যেকজন সদস্য তথা কলা-কুশলীক। ইয়াৰ উপৰিও ১১ খন অন্য দেশত এই ছবিখন টপ ১০ ত অন্তৰ্ভূক্ত হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform