Rupaliparda.com
নিজ ফিটনেছ ৰহস্য ফাদিল কৰিলে আইমী বৰুৱাইঃ 1

নিজ ফিটনেছ ৰহস্য ফাদিল কৰিলে আইমী বৰুৱাইঃ

অভিনেত্ৰী আইমী বৰুৱাই ফাদিল কৰিলে নিজ ফিটনেছ ৰহস্য। এক সুন্দৰ ও ফিট শৰীৰৰ অধিকাৰী কৰি তুলিবলৈ অভিনেত্ৰী গৰাকীয়ে দৈনিক কি ৰুটিন পালন কৰে তাকেই জনালে আইমী বৰুৱাই। প্ৰায়ে চচিয়েল মিডিয়াত একটিভ হৈ থকা অভিনেত্ৰী গৰাকীয়ে এটি পোষ্ট যোগে কয় যে, “মোক বহুজনে সোধে মোৰ ফিটনেচৰ ৰহস্য কি? আচলতে এই সকলোৰে ৰহস্য একেবাৰেই জটিল প্ৰক্ৰিয়া এটি নহয়। সন্তান দুটিৰ স’তে যিমান পাৰো সময় কটাও। সিহঁতৰ লগত সিহঁতৰ দৰেই দৌৰো, হাঁহো, উমলো, খেলো। যিমান পাৰো সিহঁতৰ মাজতেই নিজক বিলীন কৰোঁ আৰু ইয়াৰ পৰাই মোৰ মন শৰীৰে পাব লগা সক্ষমতাৰ মুলধন পায় উঠে। সন্তান দুটিৰ স’তে এনেকৈ সময়বোৰ অতিবাহিত কৰি মই মোৰ শৰীৰ আৰু মনৰ ফিটনেচো লাভ কৰো, লগতে নিজৰ ল’ৰালিকো বিচাৰি পাওঁ। “

View this post on Instagram

মোক বহুজনে সোধে মোৰ ফিটনেচৰ ৰহস্য কি? আচলতে এই সকলোৰে ৰহস্য একেবাৰেই জটিল প্ৰক্ৰিয়া এটি নহয়। সন্তান দুটিৰ স'তে যিমান পাৰো সময় কটাও। সিহঁতৰ লগত সিহঁতৰ দৰেই দৌৰো, হাঁহো, উমলো, খেলো। যিমান পাৰো সিহঁতৰ মাজতেই নিজক বিলীন কৰোঁ আৰু ইয়াৰ পৰাই মোৰ মন শৰীৰে পাব লগা সক্ষমতাৰ মুলধন পায় উঠে। সন্তান দুটিৰ স'তে এনেকৈ সময়বোৰ অতিবাহিত কৰি মই মোৰ শৰীৰ আৰু মনৰ ফিটনেচো লাভ কৰো, লগতে নিজৰ ল'ৰালিকো বিচাৰি পাওঁ… The secret of my happiness and my fitness are hidden in the moments spent with my two pearls of my eyes. Running around with them all day long keep by body along with my mind fit and refreshed… #myhome #mother #son #enjoy #life #love #morning #beauty #happy #tbt #instagood #aimeebaruah #aimee #aimeebaruahofficial

A post shared by Aimee Baruah (@aimeebaruahofficial) on


ফিটনেছৰ লগতে আইমী বৰুৱাই মেক-আপৰ বাবেও বৰ বেছি সামগ্ৰী গ্ৰহণ নকৰে। “ন-মেকআপ” লুকে ইতিমধ্যে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল তেওঁৰ অনুৰাগীক। আইমী বৰুৱাই নিৰ্দ্দিষ্ট কোনো ডাইটো ফ’ল’ নকৰে বুলি জানিবলৈ নিদিয়ে। ৰূপালীপৰ্দাৰ সৈতে হোৱা কথা বতৰা যোগে অভিনেত্ৰী গৰাকীয়ে কয় যে,

নিজ ফিটনেছ ৰহস্য ফাদিল কৰিলে আইমী বৰুৱাইঃ 2

“মই সঁচা কথা ক’বলৈ গ’লে মোৰ বাবে মেকআপ নকৰাকৈ থকাটোৱে হৈছে ভাল মেক-আপ। আমাৰ অভিনেত্ৰীসকলৰ ছাল খনেটো উশাহ ল’বলৈও সময় নাপায়। গতিকে, মই যেতিয়াই শ্বুটিঙত নাথাকো; তেতিয়া মই প্ৰায় মেক-আপ নলগোৱাকৈয়ে থাকো। আৰু, ছাল খনক পুষ্টি দিবলৈ হ’লে আমি সদায় স্বাস্থ্যকৰ বস্তু খাব লাগিব; যদি ছালখনেই আমাৰ শুকান হৈ যায় তেতিয়া তাত কোনো মেক-আপ ভালদৰে নবহে। মই এইটো কোৱা নাই যে একেবাৰে ছালখন তেলীয়া হ’ব লাগিব; যিটো প্ৰয়োজনীয় সেইটো কিন্তু লাগিবই। মোৰ মেক-আপৰ প্ৰথটো টিপ বুলি ক’লে সেইটোৱে যে মই সদায় পুষ্টিকৰ খাদ্যৰ লগতে যথেষ্ট পানী খাওঁ। পানীটো কেৱল মোৰ দেহ আৰু চুলিৰ কাৰণেই নহয়; ই আমাৰ ছালখনৰ বাবেও উপকাৰী।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform