এনাজৰী টকীজৰ বেনাৰত তৰুণ পৰিচালক হিমজ্যোতি তালুকদাৰে মুঠ চাৰিটা চৰিত্ৰৰেই নিৰ্মাণ কৰে “কেলেণ্ডাৰ”। ১ ঘণ্টা ৩০ মিনিট দৈৰ্ঘ্যৰ চিনেমাখনত আছে এটা পৰিয়ালৰ আৱেগ, অভিমান, খং, বিষাদ, ত্যাগৰ সংমিশ্ৰণ। এই সকলোবোৰেই বৰ্তমানৰ কিছু পৰিয়ালৰ এখন জীয়া ছবি উদঙাই দিছে। ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ চিনেমাৰ আৰ্হিৰে নিজস্ব চিন্তাৰে পৰিচালক হিমজ্যোতি তালুকদাৰে নিৰ্মাণ কৰিছে “কেলেণ্ডাৰ”।
অৰুণ নাথ, মলয়া গোস্বামী, গুঞ্জন ভৰদ্বাজ আৰু ৰিমজিম ডেকাৰ যি নিঁখুট অভিনয়; সেই অভিনয়ে চিনেমাখনৰ মানদণ্ড আৰু অধিক ওপৰলৈ তুলি নিছে। তেনেই সাধাৰণ কাহিনী এটাকে অসাধাৰণ ৰূপত দাঙি বাস্তৱ জীৱনৰ প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে “কেলেণ্ডাৰ” ছবিখনে।
চিনেমাখনৰ মূখ্য দুটা চৰিত্ৰ; অৱসৰপ্ৰাপ্ত শিক্ষক হিতেশ কাকতি,আৰু তেওঁৰ পত্নীৰ সৈতে সাংসাৰিক জীৱনৰ সৰু সৰু হেঁপাহ,মৰম, আৱেগ লৈয়ে আৰম্ভণি চিনেমাখনৰ। হিতেশ্বৰ কাকতিয়ে বজাৰৰ পৰা অনা এখন কেলেণ্ডাৰ আৰু তাত তেওঁৰ পত্নী মনোৰমাই টুকি ৰখা সকলো গুৰুত্বপূৰ্ণ দিনৰ উল্লেখতেই আছে জীৱনৰ স্বপ্ন-দুস্বপ্ন। মাত্ৰ চাৰিটা চৰিত্ৰৰ মাজেৰে প্ৰকাশিত হৈছে সন্তানৰ প্ৰতি থকা মাতৃৰ নিঃস্বাৰ্থ মৰম, ন-বোৱাৰীক লগ পোৱাৰ আশাত সপোন ৰঁচা এখন ঘৰ, নতুনত্বক আদৰাৰ আগ্ৰহত আৰম্ভ হোৱা মানুহৰ স্বভাৱসুলভ পৰিৱৰ্তন। ঘৰৰ বাহিৰত থকা একমাত্ৰ পুত্ৰক লৈ মাকৰ স্বাভিমানৰ অকপট মৃত্যু কোনো শব্দ অবিহনেই তেওঁৰ ভংগিমাত প্ৰতিফলিত হৈছে। মনৰ এটা কোণত সকলো দুখ সামৰি স্বামীক একো জানিব নিদিয়া মাতৃৰ যি পুত্ৰমোহ তাৰ বহিঃপ্ৰকাশ দেখা গৈছে চিনেমাখনত শেষৰফালে। বন কৰা ছোবালী যদিও তাইৰ প্ৰতি থকা সকলোৰে আন্তৰিকতা সুন্দৰকৈ উপস্থাপন কৰা হৈছে চিনেমাখনত।
সাধাৰণজনৰ জীৱনত দৈনন্দিন ঘটি থকা স্বত্বেও বিশেষ যেন লগা দৃশ্য যেনেঃ এখন পূৰণি স্কুটাৰ, স্কুটাৰখনক লৈ পতি-পত্নীৰ অভিমান জড়িত অভিযোগ, আধা গুঠা মাফলাৰত থকা উঁম, বেমাৰৰ অজুহাতত পত্নীক দিয়া স্নেনজনিত আমনি আদিবোৰে দৰ্শকক তেওঁলোকৰ ঘৰখনলৈ কল্পনাৰে উভতাই নিবলৈ সক্ষম হোৱা যেন লাগে। পত্নীক নিজৰ দায়িত্বৰ পৰা অকণমান সকাহ দিবলৈ কৰা চেষ্টা, ৰান্ধিবলৈ পাকঘৰত নৌসোমাওতেই নানানটা প্ৰশ্নৰে পত্নীক থকা-সৰকা, পত্নীৰ নিজ পাকঘৰৰ প্ৰতি যি সহজাত মৰম তাক কম সংলাপতেই ফুটি উঠিছে।
“বৃদ্ধাশ্ৰম” শব্দটোত মিহলি হৈ থকা প্ৰত্যেকজনৰ ভিতৰত থকা ঋণাত্মক ধাৰণা আঁতৰাই চিনেমাখনত এক ধনাত্মক ৰূপত দাঙি ধৰিছে য’ত হিতেশ্বৰ কাকতিৰ স্থায়ী হৈ পৰে “আপোন ঘৰ”। বৰ বেছি সংগীত নথকা “কেলেণ্ডাৰ” ত নেপথ্যত বাজি থকা শব্দবোৰে দৃশ্যবোৰ অধিক বাস্তৱিক কৰি তুলিছে।
দেৰগাওঁ,গোলাঘাট, জখলাবন্ধাত চিত্ৰগ্ৰহণ কৰা ছবিখনে দ্বিতীয় ইণ্টাৰনেচনেল ফিল্ম ফেষ্টীভেলকে আদি কৰি তেনে বহু ফেষ্টীভেলতেই ভাগ পোৱাৰ পিছতো চিনেমাখনৰ বস্ক অফিচ কালেকচন আশা কৰা মতে পোৱা হোৱা নাছিল। ইণ্টাৰনেটতো প্ৰায় ৫-৬ জনেই ৰিভিউ প্ৰদান কৰিছিল যদিও ৰিভিউবোৰত চিনেমাখনৰ ভাল দিশবোৰহে উদঙোৱা হৈছিল।
শেষত, অসমীয়া চলচিত্ৰৰ বৰ্তমানৰ যি অচল অৱস্থা সেই অৱস্থাৰ কিছু সংখ্যক পৰিৱৰ্তন “কেলেণ্ডাৰে” ঘটোৱা বুলি ক’ব পাৰি।
Add comment