মাজুলীৰ জনজীৱনক কেন্দ্ৰ কৰি কিছুমান বাস্তৱ বিষয়বস্তুৰ আধাৰত নিৰ্মিত “বৰনদী ভটিয়ায়”। আমাৰ বুকুৰ মাজেৰে বৈ থকা নদীখন- বৰনদী। দুয়োপাৰৰ মানুহক আৰু ভাষা-সংস্কৃতি, সাহিত্যক জীপাল কৰি ৰখা নদীখন-বৰনদী। এই বৰনদীখনে উজায়-ভটিয়ায়। অৰ্থাৎ “বৰনদী ভটিয়ায়”। মাজুলীৰ সন্তান তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অনুপম কৌশিকৰ দ্বাৰা নিৰ্মিত বৰনদী ভটিয়ায়ত আছে মাজুলী বাসীৰ দূৰ্দশা, হতাশা আদিয়ে। বৰনদীৰ বুকুতেই আছে নিঁভাজ অসমীয়া জাতিটোৰ মেৰুদণ্ড সদৃশ মাজুলী। চিনেমাখনত আছে মাজুলী বাসীৰ দৃষ্টিৰে দেখা পোৱা মাজুলীৰ আচল ৰং। হাস্যব্যংগৰে পৰিচালক গৰাকীয়ে বিষাদ লগতে আশা-হেঁপাহৰ যি বাখ্যা কৰিছে; সেই বাখ্যাই দৰ্শকক মোহাচ্ছন্ন কৰিছে। সীমিত বাজেটেৰে নিৰ্মিত হ’লেও চিনেমাখনৰ নেৰেটিভে দৰ্শকক শেষলৈকে ধৰি ৰাখিবলৈ সক্ষম হৈছে। “পানী লগা ডাঙৰ বেমাৰ নহয় -সৰুও নহয়” শাৰীটো শুনাত নাইবা দেখাত যিমান সৰু কিন্তু সেই সৰু কথাষাৰে “বৰনদী ভটিয়ায়” চিনেমাখনত এক নতুন ক্লাইমেক্সৰ সৃষ্টি কৰি দৰ্শকক আমোদ প্ৰদান কৰিছে। চিনেমাখনৰ প্ৰতিটো সংলাপতে আছে সাধাৰণজনৰ সংবেদনশীল মনত শিহৰণ তুলিব পৰা কেপাছিটী।
“বৰনদী ভটিয়ায়” ৰ প্ৰতিটো চৰিত্ৰই গুৰুত্বপূৰ্ণ আৰু চকুতলগা। “মৌকণ” চৰিত্ৰটো মূখ্য বুলি ভাৱ হয় চিনেমাখনৰ কোনো এটা চৰিত্ৰ বাদ দিলেই যেন চিনেমাখন পাক খাই পৰিব।
“বৰনদী ভটিয়ায়” আছে প্ৰেমৰ গল্প-মাজুলীৰ লোক বিশ্বাস। “মৌকণে ইচ্ছা কৰিলে মাজুলী এৰি যোৱা সকলোকে ঘূৰাই আনিব পাৰে”- অৰ্থাৎ মৌকণৰ যি সৌন্দৰ্য্য সেয়াই মনোমোহা। এই সংলাপতেই লুকাই আছে চিনেমাখনৰ বিষয়বস্তু। “মৌকণ” ধুনীয়া যদিও মুখচোকা সেইবাবে তাইৰ অন্য নাম “শাখিনী-কুলক্ষিণী”। উচ্চ শিক্ষিত হ’লেও চাকৰি নোপোৱা যি কাহিনী সি জনসাধাৰণ ৰ মন চুই নিছে।
চিনেমাখন ক্ৰুটিহীন নহয়। কিছুমান দৃশ্যত স্থিৰতা পৰিলক্ষিত হয় যদিও “বৰনদী ভটিয়ায়” ই উজ্জীৱিত কৰিছে অসমীয়া ছবিৰ অগতানুগতিক ধাৰা। “ভিলেজ ৰকষ্টাৰে” নামনি অসমৰ জীয়া ছবি দৰ্শকক দিছে আৰু “বৰনদী ভটিয়ায়” ই দৰ্শকক দিছে মাজুলীৰ আমোদ। তৰালী শৰ্মাৰ “আহিবা তুমি দুপৰ নিশা” গীতটোৱে ছবিখন আৰু বেছি মনোগ্ৰাহী কৰিছে।
শেষত, অসমীয়া চিনেমাৰ হঠাৎ স্থগিত হোৱা “হাউচফুল” ৰ যি ধাৰা সি “বৰনদী ভটিয়ায়” ৰ যোগেদি আৰম্ভ হয় অব্যাহত হওঁক
Add comment