Rupaliparda.com
Bharat

খান কা কামালঃ অভিলেখ সৃষ্টি কৰিছে “ভাৰতে”

যোৱা ৫ জুনত তাৰিখে ঈদৰ উপহাৰ ৰূপে মুক্তি লাভ কৰা “ভাৰতে” ভাঙিলে বস্ক অফিছৰ কেইবাটাও ৰেকৰ্ড। অৰ্থাৎ এনেদৰেও ক’ব পাৰি যে ছলমানে ভাঙিলে স্ব গঢ়িত ৰেকৰ্ড। ছলমান-কেটৰিণাৰ এই যুঁটিয়ে লাভ কৰে মুক্তিৰ দিনাই প্ৰায় ৪২.৩ কোটি টকা আৰু এই দুদিনত চিনেমাখনৰ বস্ক অফিচ কালেকছন হয় ৭৩.৩ কোটি টকা। দুখন ব্লক-ব্লাষ্টাৰ; ছলমান খানৰ “প্ৰেম ৰতন ধন পাইঅ” আৰু অক্ষয় কুমাৰৰ “কেশৰী” ৰ বক্স অফিছ কালেকছন ক্ৰমে ৩৯ কোটি টকা আৰু ২১ কোটি টকাৰ ৰেকৰ্ড ভাঙে ছলমান খানৰ “ভাৰতে”। সম্প্ৰতি “খান কা কামাল” সঁচাকৈ চলিছে বলীউড জগতত। বাহুবলীৰ পিছতেই চাৰি নম্বৰ স্থান লাভ কৰিছে উক্ত চিনেমাখনে।

Add comment

Leave a Reply

Most popular