অসমৰ গায়ক-গায়িকাৰ তালিকাখনত থকা এটা উল্লেখনীয় নাম হৈছে দীক্ষু শৰ্মাৰ। গীতসমূহক ব্যতিক্ৰমী ৰূপত প্ৰস্তুত কৰি ৰাইজৰ মাজত উলিয়াই দিয়া এই গায়ক গৰাকীৰ জন্মদিনত ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁক জনাইছো অশেষ শুভকামনা।
জন্মদিনৰ দিনাই তেওঁৰ পৰা লোৱা এটা টেলিফোনিক ইণ্টাৰভিউত তেওঁ আমাক জনাইছে তেওঁৰ দিনটোৰ পৰিকল্পনা অথবা তেওঁৰ আহিবলগীয়া প্ৰজেক্ট সম্বন্ধে। চাওঁচোন আহক-

প্ৰশ্নঃ- আজিৰ দিনটো অৰ্থাৎ আপোনাৰ জন্মদিনটো আপুনি কেনেদৰে উদযাপন কৰিব বিছাৰে??
দীক্ষুঃ আজিৰ দিনটোৰ আৰম্ভণি আচলতে খুবেই ধুনীয়া। ব্যক্তিগতভাৱে, আজিৰ দিনটোত কিছুমান বিশেষ কাম কৰিহে ভাল পাওঁ যেনে ধৰক গীতানগৰ ফালে বৃক্ষ ৰোপনেৰে দিনটোৰ আৰম্ভণি কৰি খুব ভাল লাগিল। তাৰ পিছত বৃদ্ধাশ্ৰম গৈ আইতাসকলৰ লগত কেক কাটিলো,স্ফূৰ্তি কৰিলো, গান গালো। এনেকুৱা বোৰ কাম কৰি মনত শান্তি পাওঁ। আজি বুলিয়েই নহয়; প্ৰত্যেকজন ব্যক্তিয়ে যদি এডালকৈ গছপুলি ৰোৱে,তেনেহ’লে পৃথিৱীৰ যিটো গ্ল’ৱেল ৱাৰ্মিং তাৰ পৰা নিশ্চয়কৈ হাঁত সাৰিব পৰা যাব। যিহেতু গছ থাকিলেহে মানুহ থাকিব।
প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম?
দীক্ষুঃ উমম… আগন্তুক প্ৰজেক্ট মানে; কংকন ৰাজখোৱাৰ দ্বাৰা পৰিচালিত “ৰতনপুৰ” নামৰ চিনেমাখনত মই অভিনয় কৰি আছো লগতে সেই ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বতো আছো। গতিকে বৰ্তমান চিনেমাখনৰ কাম চলি আছে আৰু খুব সম্ভৱ নৱেম্বৰ মানলৈ চিনেমাখনে মুক্তি লাভ কৰিব। ইয়াৰ পিছত, “পাৰিজাত” বুলি এটা নতুন গীতৰ কাম কৰি আছো যিটো অতি সোনকালেই ৰাইজৰ মাজত ভি.ডি.অ আকাৰে উলিয়াই দিম।
আৰু, এখন নতুন ছবিৰ পৰিকল্পনা কৰি আছো; নামটো এতিয়ালৈ ঠিক হোৱা নাই বাৰু। নৱেম্বৰৰ পৰা সেইখনৰ শ্বুটিং আৰম্ভ কৰাৰ কথা ভাৱিছো। এই তিনিটাই মূখ্য প্ৰজেক্ট বুলি ক’ব পাৰো লগতে আৰু গান আছে কিছু; যিবোৰ লাহে লাহে আহি থাকিব ৰাইজৰ মাজলৈ।

প্ৰশ্নঃ . আপোনাৰ প্ৰায় সকলো গানেই ৰাইজে আঁকোৱালি লৈছে অথবা ৰাইকে শুনি ভাল পায়। আপুনি প্ৰথম গান গোৱাৰ প্ৰেৰণা ক’ৰ পৰা পাইছিলে?
দীক্ষুঃ প্ৰথম গীত মই আৰম্ভ কৰিছিলো ২০০৫ চনত “চেম্পিয়ন” নামৰ এলবামটিৰ জৰিয়তে আৰু ইয়াত অনুপ্ৰেৰণা বুলিলে মই বহুত কেইজন ব্যক্তিৰ কথাই উল্লেখ কৰিব লাগিব।
মা-দেউতাৰ মৰম, বিশ্বাস,আশীৰ্বাদটো সদায় লগত আছেই লগতে মোৰ পত্নী বিজিয়েতা পাটগিৰী; তেওঁ সেই সময়ত এজনী বান্ধৱী হিচাপে মোক যথেষ্ট সহায় কৰিছিল। তাৰ পিছত সংগীত পৰিচালক পলাশ গগৈ; তেওঁৰ মোৰ ওপৰত থকা মৰম-বিশ্বাসৰ বাবে “চেম্পিয়ন” এলবামটো ৰাইজৰ মাজত উলিয়াই আনিবলৈ মই সক্ষম হৈছিলো। লগতে,মোৰ বন্ধু যিখিনি আছে তেওঁলোকেও এইক্ষেত্ৰত অৰিহণা যোগাইছিল।
প্ৰশ্নঃ আপোনাৰ প্ৰিয় গায়ক/ গায়িকা?
দীক্ষুঃ গায়ক/গায়িকা বুলি ক’লে সকলোৰে গান ভাল লাগে। সকলোৱে ধুনীয়া গান গায়। বলীউডৰ আটাইতকৈ মই ভাল পাওঁ কিশোৰ কুমাৰৰ গান। নতুনৰ ভিতৰত অৰিজিৎ লগতে শ্ৰেয়া ঘোষালৰ গান শুনি ভাল লাগে।
অসমৰ ভিতৰত শান্তা উজীৰ বাইদেউৰ গানবোৰ ভাল পাওঁ। জুবিন দাৰ গান ভাল পাওঁ। আচলতে, প্ৰায়বোৰ শিল্পীৰে কোনোবা নহয় কোনোবাটো গীত ভাল লাগে।

প্ৰশ্নঃ আপোনাৰ কাপোৰ পিন্ধনত এটা “unique style” আছে। এইক্ষেত্ৰত আপুনি কাৰোবাক ফ’ল’ কৰেনে নিজে পিন্ধে?
দীক্ষুঃ কাৰোবাক ফ’ল’ কৰা বুলি ঠিক ক’ব নোৱাৰি কাৰণ মই যিখিনি কাপোৰ পিন্ধো বা কাপোৰৰ ডিজাইন বোৰ মোৰ পত্নী বিজিয়েতাই চায়। লগতে জুৰি; তেওঁ এইবাৰ বিহুত মোৰ কাপোৰ যথেষ্ট চাই দিছিলে। কিছুক্ষেত্ৰত মইও কিছুমান “আইডিয়া” তেওঁলোকৰ আগত কওঁ গতিকে সেইমতে তেওঁলোকে মোৰ কাপোৰ বনাই দিয়ে।
… ধন্যবাদ দাদা। জন্মদিনৰ অলেখ শুভকামনা জনোৱাৰ লগতে আপোনাৰ আগন্তুক সকলো কামেই যাতেই সফল হয় আৰু ৰাইজে আঁকোৱালি তাৰেই কামনা কৰিছো।
দীক্ষুঃ ধন্যবাদ।
Add comment