Rupaliparda.com
চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 1

চামেলি মেমচা’ব আৰু দুই চামেলি –উৎপল মেনা

চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 2পঢ়িছিলোঁ– “চামেলি মেমচা’ব। নিৰোদ চৌধুৰীৰ গল্প। নিৰোদ চৌধুৰীৰ “শব্দ-চয়ন”, নিৰোদ চৌধুৰীৰ “কাহিনী”ৰ যিমান আকৰ্ষণ শক্তি, সিমানেই চিনে শক্তি একে নামৰ অসমীয়া চিনেমা খনৰ।

“অসম দেশৰ বাগিচাৰে ছোৱালী…” (ঊষা মংগেশকাৰ) “জিগিজা গিজাও …” (ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), “হাৱা নাই বতাচ নাই…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “হায়ৰে প্ৰাণেৰ বাচা মোৰ…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “অ’ বিদেশী বন্ধু” (ভূপেন হাজৰিকা) — গীতকেইটা, গীত কেইটাৰ চিত্রায়ন আজিও মনত সেউজ হৈ আছে। প্রথমবাৰ যেতিয়া চাইছিলোঁ ‘চায়াবাজি’ বুলিয়ে চাইছিলোঁ। ১৯৭৮-৮০। সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ ‘ছায়াবাজি’ আহিছিল। বিভিন্ন তথ্যচিত্র দেখুৱাইছিল। মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল। এদিন চাইছিলোঁ ‘অসম দেশৰ বাগিচাৰে ছোৱালী…’ গীতটো আৰু নাটকীয় কিছু অংশ। পাছত, চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত ৰূপালী গল্পটো চাইছিলোঁ। সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো। পৰবৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য। ৰূপালী গল্পটো চাহ বাগিছা এখনৰ। আৰু ‘নায়ক’ ব্রিটিছ। (কাহিনী: পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন। এদিন চিনাকি হয় ব্রিটিছ চাহাব বার্কলীৰ সৈতে। আচহুৱা প্ৰকৃতিৰ। সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল; কিন্তু বাগিছা এৰা নাছিল। চাকৰি তেতিয়া এৰি দিছিল, যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। সমাজে কয়, চামেলিৰ মাকে ভাবে –চামেলীয়ে বাকলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে।
চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 3
— কোন চামেলি! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলি। অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলি, তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব। চামেলীৰ ঘৰৰ, সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্রহণ কৰিছিল। এদিন চামেলি মা হবলৈ ওলাল। গর্ভবতী অৱস্থাত ধৰা পৰে চামেলিৰ– দেহত কুষ্ঠৰোগ। এনে বেয়া সময়তে তাই মা হয়। এজনী ছোৱালী সন্তান জন্ম দিয়ে। সন্তানটোক লৈ বার্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে। বুজিব নোৱাৰিলে মাতৃৰ মমতা! সন্তানটোক চাবলৈ নাপায়, ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে।

আৰু সন্তানটো!

চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 4সন্তানটো শাৰীৰিকভাবে বাধাগ্রস্থ। চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে।) অসমত থকা ব্রিটিছ চাহাব এজনে যেনেধৰণৰ ‘ভাষা’ ক’ব পাৰে, চাহ বাগিছাৰ ‘চৰিত্ৰ’বোৰে যেনেধৰণৰ ভাষা কয়, তেনে ধৰণৰ সংলাপ চিনেমাখনত ব্যৱহাৰ কৰিছে। যাৰ বাবে দর্শকে প্রতিটো চৰিত্ৰক ‘বাস্তৱ’ত দেখিছে।
“অসম দেশৰ বাগিচাৰে ছোৱালী…” (ঊষা মংগেশকাৰ) “জিগিজা গিজাও …” (ভূপেন হাজৰিকা, ঊষা মংগেশকাৰ), “হাৱা নাই বতাচ নাই…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “হায়ৰে প্ৰাণেৰ বাচা মোৰ…” (ভূপেন হাজৰিকা ঊষা মংগেশকাৰ), “অ’ বিদেশী বন্ধু” (ভূপেন হাজৰিকা) — গীতকেইটা, গীত কেইটাৰ চিত্রায়ন আজিও মনত সেউজ হৈ আছে। প্রথমবাৰ যেতিয়া চাইছিলোঁ ‘চায়াবাজি’ বুলিয়ে চাইছিলোঁ। ১৯৭৮-৮০। সেই সময়ত আমাৰ গাওঁ বেলশৰলৈ ‘ছায়াবাজি’ আহিছিল। বিভিন্ন তথ্যচিত্র দেখুৱাইছিল। মাজে সময়ে অসমীয়া চিনেমাৰ অংশ বিশেষো দেখুৱাইছিল। এদিন চাইছিলোঁ ‘অসম দেশৰ বাগিচাৰে ছোৱালী…’ গীতটো আৰু নাটকীয় কিছু অংশ। পাছত, চিনেমা বুজা বয়সত ডিব্ৰুগড়ৰ ৰংঘৰ চিত্ৰগৃহত ৰূপালী গল্পটো চাইছিলোঁ। সেই সময়ত চিনেমা খনৰ সংলাপ হজম কৰিব পৰা নাছিলো। পৰবৰ্তী সময়ত বুজিলো সংলাপ সমূহেই আছিল চিনেমা খনৰ সৌন্দৰ্য। ৰূপালী গল্পটো চাহ বাগিছা এখনৰ। আৰু ‘নায়ক’ ব্রিটিছ। (কাহিনী: পাঠশালা স্কুলৰ শিক্ষক গৰাকী চাহ বাগিছাত নতুন। এদিন চিনাকি হয় ব্রিটিছ চাহাব বার্কলীৰ সৈতে। আচহুৱা প্ৰকৃতিৰ। সেইখন বাগিছাৰে মেনেজাৰ আছিল। মেনেজাৰী এৰি দিছিল; কিন্তু বাগিছা এৰা নাছিল। চাকৰি তেতিয়া এৰি দিছিল, যেতিয়া পত্নী চামেলিয়ে আত্মহত্যা কৰিছিল। সমাজে কয়, চামেলিৰ মাকে ভাবে –চামেলীয়ে বাকলী চাহাবৰ দোষতে আত্মহত্যা কৰিছে।
চামেলি মেমচা'ব আৰু দুই চামেলি --উৎপল মেনা 5— কোন চামেলি! একেখন বাগিছাৰে চৰ্দাৰৰ জীয়েক চামেলি। অসম দেশৰ বাগিছাৰ চঞ্চলা চামেলি, তাইৰ প্ৰেমত পৰিছিল বাৰ্কলী চাহাব। চামেলীৰ ঘৰৰ, সমাজৰ বিৰোধৰ পিছততো তাইক পত্নীৰূপে গ্রহণ কৰিছিল। এদিন চামেলি মা হবলৈ ওলাল। গর্ভবতী অৱস্থাত ধৰা পৰে চামেলিৰ– দেহত কুষ্ঠৰোগ। এনে বেয়া সময়তে তাই মা হয়। এজনী ছোৱালী সন্তান জন্ম দিয়ে। সন্তানটোক লৈ বার্কলী চাহাবৰ ভয় হয়, যদি তাইৰ দেহলৈয়ো কুষ্ঠৰোগ আহে! মাতৃৰ পৰা সন্তানক আঁতৰত ৰাখে বাৰ্কলী চাহাবে। বুজিব নোৱাৰিলে মাতৃৰ মমতা! সন্তানটোক চাবলৈ নাপায়, ওচৰত নাপায় চামেলীয়ে আত্মহত্যা কৰে।

আৰু সন্তানটো!
সন্তানটো শাৰীৰিকভাবে বাধাগ্রস্থ। চিকিৎসকে কৈছে সন্তানটো আৰু ভাল নহয়। সন্তানটোৰ জীৱনৰ শেষ দিনটোলৈ বাৰ্কলী চাহাবে বাগিছা এৰিব নোৱাৰে।) অসমত থকা ব্রিটিছ চাহাব এজনে যেনেধৰণৰ ‘ভাষা’ ক’ব পাৰে, চাহ বাগিছাৰ ‘চৰিত্ৰ’বোৰে যেনেধৰণৰ ভাষা কয়, তেনে ধৰণৰ সংলাপ চিনেমাখনত ব্যৱহাৰ কৰিছে। যাৰ বাবে দর্শকে প্রতিটো চৰিত্ৰক ‘বাস্তৱ’ত দেখিছে।
–চিনেমাখনৰ চৰিত্ৰ নিৰ্মাণ আন এক যোগাত্মক দিশ। ব্ৰিটিছ চাহাবৰ চৰিত্ৰটোৰ বাবে জর্জ বেকাৰৰ বাহিৰে আন কোন হব পাৰে? বাকলী চাহাবৰ লগতে বিনীতা বৰগোহাঁইক লৈ চামেলি চৰিত্ৰটোও দর্শকক চুব পৰাকৈ নিৰ্মাণ কৰিছে। সাহিত্যৰ ভাষাৰ লগতে কেমেৰাৰ ভাষাৰো ব্যৱহাৰ সুপৰিকল্পিত।

চিনেমা খনৰ কেইটামান তথ্য:

— এই ক’লা-বগা অসমীয়া চিনেমা খন চিত্ৰগৃহলৈ আহিছিল ১০ অক্টোবৰ ১৯৭৫ ত। চিত্ৰনাট্যকাৰ-পৰিচালক: আব্দুল মজিদ। চিত্ৰগ্ৰহণ: বিজয় দে। সম্পাদক: প্ৰণৱ ঘোষ। বিনীতা বৰগোহাঁই, জৰ্জ বেকাৰৰ লগতে অভিনয় কৰিছিল হাদি আলম বৰা, আব্দুল মজিদ, ৰাণী পাঠক, তিলমিজুৰ ৰহমান আদিয়ে। এই চিনেমা খনৰ সংগীতৰ বাবে ড° ভূপেন হাজৰিকাই লাভ কৰিছিল শ্ৰেষ্ঠ সংগীত পৰিচালকৰ শিতানত (১৯৭৫ চনত) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (23rd National Film Awards)।

চিনেমা খনৰ (মুক্তিৰ সময়ত ) প্ৰিণ্টৰ সংখ্যা আছিল ৫টা। (সেই সময়ৰ “টকাৰ মূল্য”ত চিনেমা খন নিৰ্মাণত খৰচ হৈছিল প্ৰায় ১লাখ ১৫ হাজাৰ টকা। Box office Collection প্ৰায় ৪ লাখ টকা।) এটা প্ৰিণ্ট আজিৰ তাৰিখতো আছে– অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ আৰ্কাইভত। (প্ৰিণ্টটো চিনেমা খনৰ নিৰ্মাতাৰ পৰিয়ালৰ ফালৰ পৰা সংৰক্ষণৰ বাবে ASFFDC-ক দিছে। আনহাতে ডিজিটেল সংস্কৰণো কৰি ৰাখিছে পৰিচলকৰ পৰিয়ালে।
এই চিনেমা খন 48 IffI 2017 Homeg শিতানত প্ৰদৰ্শিত হৈছিল। যত পৰিয়ালৰ লোকো উপস্থিত আছিল।

বিশেষ তথ্য, যি “তথ্য” মনত ৰাখি আমি গৌৰৱ কৰিব পাৰোঁ– অসমীয়া “চামেলি মেমচা’বৰ সফলতাৰ পাছত নিৰ্মাণ হৈছিল আৰু দুখন– “চামেলি”।
হিন্দী আৰু বাংলা “চামেলি”। বাংলা “চামেলী মেমসাহেব”ৰ চিত্ৰনাট্য-পৰিচালনা ইন্দৰ সেনৰ। চামেলীৰ চৰিত্ৰটোত আভিনয় কৰিছিল ৰাখীয়ে। বাৰ্কলী চাহাবৰ চৰিত্ৰত জৰ্জ বেকাৰে বাংলা খনতো অভিনয় কৰিছে। অন্যান্য চৰিত্ৰত– অনিল চট্টোপাধ্যায়, তৰুণকুমায়, নিমু ভৌমিক, চিন্ময় ৰায়, গীতা দে, সংহিতা মুখোপাধ্যায় কুমকুম মুখোপাধ্যায় তপতী ভট্টাচার্য আদিয়ে। এই খনৰো সংগীত ভূপেন হাজৰিকাৰ। গীতৰ কথা: পুলক বন্দ্যোপাধ্যায় আৰু শিবদাস বন্দ্যোপাধ্যায়। গীত কেইটাত কণ্ঠদান কৰিছে ভূপেন হাজৰিকাৰ লগতে হেমন্ত মুখোপাধ্যায়, আশা ভোছলে, ঊষা মঙ্গেশকাৰ আৰতি মুখোপাধ্যায়ে। –অসমীয়া খনৰ দৰে এইখনো ব্যৱসায়িক দিশত সফল হৈছিল। মুক্তিৰ সময়ত প্ৰিণ্ট আছিল ১৫টা।
১৯৭৯ চনত চিত্ৰগৃহলৈ আহিছিল হিন্দী “চামেলি মেমেচা’ব” (चमेली मेमसाब)। চিত্ৰনাট্য-পৰিচালনা অজিত লাহিড়ীৰ। অভিনয় কৰিছিল টম অলটাৰ,মিঠুন চক্ৰৱৰ্তী, আভা ধুলীয়া, জন মেকেঞ্জী, সুসন্ত সন্যাল, অঞ্জন শ্ৰীবাস্তৱ, কেৰল ইভান্স অলটাৰ, মিচেছ ফ্ৰেডী ষ্ট্ৰাউড আদিয়ে। এই খনৰ সংগীত ভূপেন হাজৰিকা, ৰবিশঙ্কৰ শর্মাৰ (ৰবি)।

Utpal Mena

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform