আজি ৯ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ শ্রীশ্রীমাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত মঞ্চস্থ হয় অসমৰ অন্যতম অভিনয় শিক্ষা প্রতিষ্ঠান নর্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) -ৰ প্ৰযোজনা “তাই হেনো পাটমাদৈ”।
থোৰতে: অনুভৱী লেখিকা শিৱানী বৰাৰ উপন্যাসৰ আধাৰত বিনয় শইকীয়াই নাট্যৰূপ দিয়া “তাই হেনো পাটমাদৈ” আহোম ইতিহাসৰ এক হৃদয়স্পর্শী অধ্যায়ৰ শিল্পীত নাট্যৰূপ। ইতিহাস, প্রেম, ষড়যন্ত্র, ত্যাগ আৰু মানৱ মুক্তিৰ আকুল আহ্বান- এই সকলো উপাদানৰ সমন্বয়ত নাটকখন গঢ় লৈ উঠিছে।
বিজয়গড়ৰ ৰাজকুমাৰী ৰূপহী কুঁৱৰী ৰাজনৈতিক চুক্তিৰ বলি হৈ আহোম স্বৰ্গদেউ বিচিত্ৰ সিংহৰ সৈতে বিবাহসূত্রত আবদ্ধ হয়। কিন্তু তেওঁ হৃদয় উজাৰি ভালপোৱা ব্যক্তিজন আছিল আহোম সেনাপতি দ্বিগ্বজয় ডেকাফুকন। ৰাজনীতি, ষড়যন্ত্ৰ আৰু ক্ষমতাৰ খেলত তেওঁলোকৰ প্ৰেম অপূৰ্ণ হৈ ৰয়। বিচিত্ৰ সিংহৰ মৃত্যুৰ পিছত পৰম্পৰাৰ নামত পাটমাদৈ ৰূপহী কুঁৱৰীকে ধৰি বহু জীয়া মানুহক মৃত ৰজাৰ সৈতে মৈদামত জীৱন্ত সমাধি দিয়া হয়।মৈদামৰ অন্ধকাৰৰ মাজত মৃত্যুৰ অপেক্ষা, অতীতৰ স্মৃতি, অপূর্ণ প্রেম, বিশ্বাসঘাতকতা, অনুশোচনা, কুসংস্কাৰৰ বিৰুদ্ধে বিদ্রোহ আৰু জীৱনৰ প্রতি অদম্য আকাংক্ষাই ক্রমে এক শক্তিশালী নাট্যসংঘাতৰ সৃষ্টি কৰে। শেষত মৈদাম ভাঙি মুক্তি লাভৰ বাবে কৰা মানুহৰ সংগ্ৰাম কেৱল জীৱন ৰক্ষাৰ চেষ্টা নহয়, বৰং অমানৱীয় পৰম্পৰা, অন্ধবিশ্বাস আৰু অত্যাচাৰৰ বিৰুদ্ধে মানৱতাৰ জয়গান হিচাপে প্রতিধ্বনিত হয়।
পৰিচালক সীমান্ত ফুকনৰ টোকাঃ ‘তাই হেনো পাটমাদৈ’ কেৱল এখন ঐতিহাসিক নাটক নহয়; ই মানুহৰ স্বাধীনতা, মর্যাদা আৰু জীৱনৰ অধিকাৰৰ এক কালজয়ী দলিল। অনুভৱী লেখিকা শিৱানী বৰাৰ উপন্যাসৰ আধাৰত বিনয় শইকীয়াই এই নাট্যৰূপ নির্মাণ কৰিছে। ইতিহাসৰ তথ্য, সাহিত্যিক কল্পনা আৰু নাট্যভাষাৰ সুন্দৰ সমন্বয়ে নাটকখনক এক গভীৰ মানৱীয় আখ্যানলৈ ৰূপ দিছে।
এই নাটকৰ কেন্দ্ৰবিন্দুত আছে পাটমাদৈ ৰূপহী কুঁৱৰী-এগৰাকী নাৰী, যি ৰাজনীতি, পৰম্পৰা আৰু ষড়যন্ত্ৰৰ বলি। তেওঁৰ ব্যক্তিগত প্রেম, যন্ত্ৰণা আৰু আত্মসংগ্ৰামৰ মাজেৰে নাটকখনে এক বৃহত্তৰ সামাজিক সত্য উন্মোচন কৰে। মানুহৰ জীৱন, স্বাধীনতা আৰু মৰ্যাদাতকৈ কোনো পৰম্পৰা বা ক্ষমতা ডাঙৰ হ’ব নোৱাৰে।
মৈদাম এই নাটকত কেৱল সমাধি নহয়; কুসংস্কাৰ, অত্যাচাৰ, ভয় আৰু শোষণৰ প্ৰতীক। আনহাতে, মৈদাম ভাঙিবলৈ হাতুৰী তুলি লোৱা মানুহবোৰ মানৱ মুক্তি, যুক্তিবাদ আৰু নতুন সমাজ গঢ়াৰ প্ৰতীক। এই প্রযোজনাত ইতিহাসৰ বাহ্যিক আড়ম্বৰতকৈ চৰিত্ৰসমূহৰ অন্তর্জগত, নীৰৱ বেদনা, স্মৃতি, সংগীত, ছাঁ-পোহৰ আৰু মঞ্চভাষাক অধিক গুৰুত্ব দিয়া হৈছে। আশা কৰোঁ, নাটকখনে দৰ্শকৰ মনত কেৱল অতীতৰ ইতিহাস হিচাপে নহয়, বর্তমান সময়ৰ বাবেও এক গভীৰ আত্মজিজ্ঞাসাৰ সৃষ্টি কৰিব।
অভিনয় কৰিছে–
পাটমাদৈ (ৰূপহী কুঁৱৰী): ইতি ফুকন
ৰূপহী কুঁৱৰী (যুৱতী) : ত্রিদিশা বৰঠাকুৰ
দিগ্বজয় ডেকাফুকন: পৰাগ বৰুৱা
বাখৰ ফুকন: বিদ্যুৎ বিকাশ শৰ্মা ঠাকুৰ
জেউতি: স্নিগ্ধা শিখা শইকীয়া
বগিটী: চয়নিকা বৰা
ৰঙিলী: কুঁহি কটকী
ভোগাই: নীৰজ চৌধুৰী
ভাদৈ : প্রয়াসী হাজৰিকা
সৰুকণ: অংকণ প্রিয়ম দত্ত
ৰহদৈ : প্রত্যাশা বৰা
টলৌ: দিব্যজ্যোতি বৰা
শেৱালি: প্রতীক্ষা বৰা
কেংকৈ: শুভাংকৰ ৰাজখোৱা
চাংমাই: ময়ূৰ চুমন
বগাই : দেবাশীষ নেওগ
কলিমন : সুদর্শন শইকীয়া
লেটেং: সৌৰভ ভট্টাচার্য
সহযোগী চৰিত্ৰ: ৰঞ্জু পাঠক, মৃদুল শইকীয়া, বিজু দুৱৰা, চাহিন আখতাৰ, হিয়াংগী ফুকন
মঞ্চৰ আঁৰত—
পৰিকল্পনা আৰু পৰিচালনা: সীমান্ত ফুকন
সহকাৰী পৰিচালক: স্নিগ্ধা শিখা শইকীয়া
সংগীত পৰিচালক: বেদান্ত বৰপাত্র
সংগীত সহযোগী: অলতাজ সন্দিকৈ
মঞ্চসজ্জা: নুৰুদ্দিন আহমেদ
লাইট ডিজাইন: ডিম্পল দাস
ৰূপ সজ্জা : নিতুল ঠেঙাল
সাজ সজ্জা : জুবেল আহমেদ, গীতিকা ফুকন, পবিত্রা ফুকন।
সমালোচক উৎপল মেনাৰ টোকা:
পৰিচালনাৰ পৰিপাটিতাই নাটখনৰ অন্যতম শক্তিশালী দিশ। অভিনয়ৰ লগতে প্ৰথমে উল্লেখ কৰিব পৰা ইতিবাচক দিশ হৈছে– পোহৰ আৰু সংগীতৰ সুসমন্বিত প্ৰয়োগেৰে নিৰ্মিত ‘নাট্য-পৰিবেশ’। পোহৰ-সংগীতৰ এই নান্দনিক বিন্যাসে মঞ্চৰ পৰিসৰক দৃশ্যগতভাৱে সমৃদ্ধ কৰিছে, নাট্য-আৱহটোকো অধিক সংবেদনশীল আৰু অৰ্থৱহ কৰি তুলিছে।
আনহাতে, নাট্য-কাহিনীৰ গতি আৰু উপস্থাপনাত ব্যৱহৃত চিনেমাটিক কৌশলসমূহ বিশেষভাৱে দৃষ্টি আকৰ্ষণ কৰে। এই কৌশলৰ সৃষ্টিশীল প্ৰয়োগে নাট্য-ভাষাত এক গতিশীলতা সংযোজন কৰাৰ লগতে নাটখনৰ নান্দনিক সৌন্দৰ্যও বৃদ্ধি কৰিছে। বিশেষকৈ কাহিনী কোৱাৰ প্ৰক্ৰিয়াত ফ্লেছবেকৰ ব্যৱহাৰ এটা উল্লেখযোগ্য ইতিবাচক দিশ। অতীত আৰু বৰ্তমানৰ মাজত দৃশ্যগত আৰু আখ্যানগত সংযোগ স্থাপন কৰি ফ্লেছবেকে কাহিনীৰ স্তৰসমূহ উন্মোচনত সহায় কৰিছে; ফলত নাট্য-কাহিনীয়ে লাভ কৰিছে এক অধিক সংহত আৰু বহুমাত্ৰিক ৰূপ।









Add comment