Rupaliparda.com

স্মৃতিৰ দলিচাৰ পৰা বুটলি- “ইন্দ্ৰমালতী”-

অসমীয়া বোলছবি জগতৰ এখন আপুৰুগীয়া ছবি। জ্যোতিপ্ৰসাদৰ পৰিচালনা তথা প্ৰযোজনাৰ দ্বিতীয়খন অসমীয়া বোলছবি “ইন্দ্ৰমালতী”। বহুতেই কয় যে, জয়মতীত হোৱা লোকচানৰ বান্ধ মাৰিবলৈ এই ছবিখন প্ৰস্তুত কৰা হৈছিল। আছলতে, জ্যোতিপ্ৰসাদে নিজেও কৈছে “ফিল্মখনৰ অৰ্থক্ষতি আৰু সৌন্দৰ্য্য হানি কৰিও খৰচ কমাই ৰখা হৈছে। টকা খৰচ কমাবলৈকে ছবিখনৰ বহুত ঠাইত কথাৰ বহুলতা কমাই পেলোৱা হৈছে আৰু তাৰ বাবে ছবিখনৰ সৌন্দৰ্য্য হানি নোহোৱাকৈ থকা নাই।”

স্মৃতিৰ দলিচাৰ পৰা বুটলি- "ইন্দ্ৰমালতী"- 1


দৰাচলতে ছবিখন এটা প্ৰেম কাহিনীৰ ওপৰত আধাৰিত। জ্যোতিপ্ৰসাদৰ স্বৰচিত কাহিনী এটাৰ চিত্ৰৰূপ আছিল এই ছবিখন। বহিঃদৃশ্যৰ শ্বুটিং সম্পন্ন কৰা হৈছিল তেজপুৰৰ মিছন চাৰিআলিত আৰু অন্তঃদৃশ্যৰ শ্বুটিং কৰা হৈছিল কলিকতাৰ নাৰিকেলডোংগাৰ অৰোৰা ষ্টুডিঅ’ত।

স্মৃতিৰ দলিচাৰ পৰা বুটলি- "ইন্দ্ৰমালতী"- 2
স্মৃতিৰ দলিচাৰ পৰা বুটলি- "ইন্দ্ৰমালতী"- 3


ছবিখনৰ মূখ্য চৰিত্ৰ দুটাৰ নাম আছিল ইন্দ্ৰ+মালতী। আৰু, নাম দুটা লৈয়ে ছবিখনৰ নাম দিয়া হৈছিল। ছবিখনৰ সম্পূৰ্ণ অংশ বৰ্তমান নাই। ছবিখনত জ্যোতিপ্ৰসাদ আগৰৱালাই নিজেও অভিনয় কৰিছিল। ইয়াৰ লগতে ছবিখনত অভিনয় কৰিছে মনোভিৰাম বৰুৱা,ফণী শৰ্মা, জ্ঞানদাভিৰাম বৰুৱা, ডাঃ ললিত মোহন চৌধুৰী,থানু বৰা ,ভূপেন হাজৰিকা,ৰাসেশ্বৰী বৰুৱা,উপা কটক, অন্ন বুজৰবৰুৱা,বেদানন্দ শৰ্মা,খৰ্গেশ্বৰ আগৰৱালা,মণি লাহিড়ী,গজেন বৰুৱা,কাশীকান্ত শইকীয়া,শুভ বৰুৱা,হেমলতা কলিতা,আৰু ঘনকান্ত সিংহই।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.