অসমীয়া ছবিৰ অনুৰাগী সকলৰ বাবে সুখবৰ। ইখনৰ পিছত সিখনকৈ মুক্তি পাবলৈ ধৰিছে অসমীয়া ছবি। জুবিন, যতীনকে ধৰি অসমীয়া ছবিক এক গতি প্ৰদান কৰাৰ চেষ্টা কৰিছে ভিন্ন জন পৰিচালকেও। এইবাৰ এই তালিকাত অন্তভূৰ্ক্ত হ’বলৈ ওলাইছে পৰিচালক প্ৰণৱজ্যোতি ভৰালীও। তেওঁৰ দ্বাৰা পৰিচালিত পূৰ্বৰ ছবি “ৰণাংগন”-এ দৰ্শকৰ পৰা সঁহাৰি লাভ কৰা পিছত তেওঁৰ এই ছবিখনৰ সুফল আশা কৰিব পৰা যায়।

নৱেম্বৰ ১৫ তাৰিখে মুক্তি দিবলৈ প্ৰচেষ্টা চলোৱা “ইপাৰ-সিপাৰ” ছবিখনক লৈ যথেষ্ট আশাবাদী পৰিচালক গৰাকী। কমেডী-ট্ৰেজেদী আদিৰ সম্পূৰ্ণ সমাৱেশ ঘটা উক্ত ছবিখন এখন গাঁৱক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে। গাঁৱত অনুষ্ঠিত এখন ভাওঁনাত গাওঁবাসীৰ মাজত হোৱা ভুল বুজাবুজিক লৈয়ে ঘূৰিব চিনেমাখনৰ কাহিনীভাগ।


ৰূপালী পৰ্দাৰ লগত হোৱা কথা বতৰাত পৰিচালক গৰাকীয়ে জনাই যে, “মোৰ ছবিখনৰ কাহিনীভাগ গাওঁ অঞ্চলৰ হ’লেও তাত কমেডী-ট্ৰেজেডীৰ সম্পূৰ্ণ সমাৱেশ ঘটিব। ছবিগৃহত দৰ্শক সকল ছবিখন চাবলৈ যিমান দেৰিয়ে বহিব; তেওঁলোক নিৰাশ নহয় বুলি মই একাষাৰে ক’ব পাৰিম।”

ছবিখনৰ প্ৰচাৰ ক্ষেত্ৰতো তেওঁ কয় যে, “প্ৰিন্ট মিডিয়া, চচিয়েল মিডিয়াত যিমান পাৰো প্ৰচাৰ চলাবলৈ চেষ্টা কৰিম আমি”।

ছবিখনত অভিনয় কৰিছে অমৃতা গগৈ, উদয়ন দুৱৰা,পল ফুকন, ৰূপজ্যোতি, কাশ্মিৰী শইকীয়া আৰু প্ৰণৱ দত্তই।
Add comment