Rupaliparda.com

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে-

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন ছবি “জয়মতী” ৰ অভিনেত্ৰী আইদেউ সন্দিকৈ অৰ্থাৎ আইদেউ নীলম্বৰ সন্দিকৈৰ জন্ম হৈছিল ১৯১৫ চনত এটা দুখীয়া পৰিয়ালত। গোলাঘাটস্থিত পানীদিহিঙিয়া নামে ঠাইত জন্মলাভ কৰা আইদেউ আছিল বোলছবিত অভিনয় কৰা প্ৰথমগৰাকী নাৰী। সেইসময়ত এগৰাকী নাৰী বোলছবিত অভিনয় কৰাক লৈ আইদেউ নিজ সমাজতেই হৈ পৰিছিল একাষৰীয়া। তেওঁৰ পৰিয়ালে সমাজত ক্ষমা বিছৰা স্বত্বেও তেওঁলোকক পানী খাবলৈও বেলেগ পুখুৰীৰ ব্যৱস্থা কৰি দিয়া হৈছিল।

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে- 1


পূৰ্বতে বোলছবি এখনত নাৰীৰ চৰিত্ৰও কৰা হৈছিল পুৰুষৰ দ্বাৰা। কোনো নাৰীয়ে অভিনয় কৰিবলৈ সাহসো নাছিল আৰু পৰিয়ালবৰ্গই অনুমতিও প্ৰদান কৰা নাছিল। তেনেস্থলত আইদেউ সন্দিকৈয়ে অভিনয় কৰা লগতে নিজ সহঃঅভিনেতাক “বঙহৰদেউ” সম্বোধন কৰাটো সমাজে সহ্য কৰিব পৰা নাছিল। ফলত তেওঁ অভিনয় কৰা বোলছবি “জয়মতী” খনো নিজে চাব পৰা নাছিল।

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে- 2


পৰৱৰ্তী সময়ত যেতিয়া ১৯৮৫ চনত অসমীয়া চলচিত্ৰৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল তেতিয়াহে আইদেউ সন্দিকৈ অভিনীত “জয়মতী” ৰ ৰীল বিচাৰি পোৱা হৈছিল আৰু তাৰ পিছতেই চৰকাৰে আইদেউক ১০০০ টকাকৈ পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিল। “পদ্মশ্ৰী বঁটা” ৰ বাবে মনোনয়ন লাভ কৰিছিল যদিও কেৱল মাত্ৰ এখন ছবিতেই অভিনয় কৰাৰ বাবে তেওঁক প্ৰদান কৰা নহ’ল উক্ত বঁটাতো।

প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী আইদেউ ৰ কথাৰে- 3


উল্লেখ্য যে, আইদেউ সন্দিকৈৰ জীৱন সংগ্ৰামৰ ওপৰত ২০০৭ চনত অৰূপ পান্নাৰ পৰিচালনাৰে নিৰ্মিত কৰা হৈছিল এখন বোলছবি “আইদেউ” (Aideu – Behind the Screen) । ইয়াৰ উপৰিও ২০১৩ চনৰ ১৩ আগষ্টত প্ৰথমটো ভ্ৰাম্যমাণ ছবিঘৰ “আইদেউ টকীজ” ৰ নামেৰে স্থাপিত কৰা হৈছিল। ২০০২ চনৰ ১৭ ডিচেম্বৰত মৃত্যু আঁকোৱালি লোৱা এইগৰাকী অভিনেত্ৰীক জনসমাজে কাহানিও পাহৰিব নোৱাৰে।

1 comment

Leave a Reply

  • এটা ভুল পালো ৷ পুৰ্বতে বোলছবিত নাৰীয়ে অভিনয় নকৰা কথাটো। জয়মতীৰ পুৰ্বসুৰী অসমীয়া বোলছবি নাইয়েই ৷

The Ultimate Managed Hosting Platform