Rupaliparda.com
অহা বৰ্ষৰ প্ৰথমটো মাহতেই আহিব আপোনাৰ "বন্ধু"- 1

অহা বৰ্ষৰ প্ৰথমটো মাহতেই আহিব আপোনাৰ “বন্ধু”-

কন্নড় ছবিৰ পৰিচালক চুড়িয়া চত্তিশ লগতে ত্ৰিদীপ লাহনৰ পৰিচালনাৰে তথা অমিত জৈনৰ প্ৰযোজনাৰে অহা বৰ্ষৰ ৩১ জানুৱাৰী তাৰিখে ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি “বন্ধু”। “কোঁৱৰপুৰৰ কোঁৱৰ” ৰ পিছত আকৌ এবাৰ ডাঙৰ পৰ্দাত দেখিবলৈ পোৱা যাব অভিনেতা নয়ন নীলিমক।

অহা বৰ্ষৰ প্ৰথমটো মাহতেই আহিব আপোনাৰ "বন্ধু"- 2


নয়ন নীলিমৰ সৈতে ছবিখনত অভিনয় কৰিছে বিবেক বৰা,জ্যোতিস্মান শৰ্মা, ইপ্সিতা,ৰাছনা(কন্নড় অভিনেত্ৰী), সিদ্ধাৰ্থ মূখাৰ্জী, পুনম, কস্তুৰী আৰু বনী দেউৰীয়ে। ছবিখনত সংলাপ ড° নয়নজ্যোতি তালুকদাৰৰ। । কলেজীয়া জীৱনৰ ওপৰত আধাৰিত এই ছবিখনৰ নামটোৱে আচলতে কাহিনীভাগৰ সুক্ষ্ম আভাষ দি গৈছে দৰ্শকক।

অহা বৰ্ষৰ প্ৰথমটো মাহতেই আহিব আপোনাৰ "বন্ধু"- 3


দীপক প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখনে ইতিমধ্যে তেওঁলোকৰ ফেচবুক পেজ যোগে বিভিন্ন ধৰণৰ পোষ্ট আপলোড কৰি দৰ্শকক আকৰ্ষিত কৰি ৰখাৰ চেষ্টা কৰিছে। অহা বৰ্ষৰ প্ৰথমটো মাহতেই অসমীয়া ছবিৰ মুক্তিৰ খবৰে এতিয়া উৎসাহিত কৰি ৰাখিছে অসমীয়া ছবিপ্ৰেমী দৰ্শকক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.