Rupaliparda.com
পত্নীৰ নামেৰেই প্ৰাঞ্জল পৰশৰ আগন্তুক গীত "ৰুমা"- 1

পত্নীৰ নামেৰেই প্ৰাঞ্জল পৰশৰ আগন্তুক গীত “ৰুমা”-

কেইবাটাও জনপ্ৰিয় গীতেৰে দৰ্শকক আকৰ্ষিত কৰি ৰখা কন্ঠশিল্পী প্ৰাঞ্জল পৰশৰ কন্ঠৰে আহি আছে “ৰুমা”। তেওঁৰ পত্নীৰ নামেৰেই নামাকৰণ কৰা উক্ত গীতটি হৈছে কন্ঠশিল্পী গৰাকীৰ “ৰুমা” ৰ প্ৰথমটো সংস্কৰণৰ শীৰ্ষ গীত। বিগত বৰ্ষত মুক্তিপ্ৰাপ্ত প্ৰাঞ্জল পৰশৰ “ৰমলা”শীৰ্ষক গীতটিয়ে ইতিমধ্যে ইউটিউবত লাভ কৰিছে ১১ লাখতকৈও অধিক ভিউৱাৰচ।

View this post on Instagram

Releasing tomorrow #lyrical

A post shared by PRANJAL PARASH (@pranjalparash) on

পত্নীৰ নামেৰেই প্ৰাঞ্জল পৰশৰ আগন্তুক গীত "ৰুমা"- 2


প্ৰায়ে ব্যতিক্ৰমী পৰিকল্পনাৰে আগবঢ়া এই গৰাকী কন্ঠশিল্পীৰ আগন্তুক গীত “ৰুমা” ক লৈ উৎসাহিত হৈ পৰিছে তেওঁৰ অনুৰাগী। অহা ১২ জানুৱাৰী তাৰিখে গীতটিৰ লিৰিকেল অডিঅ’টোৱে মুক্তি লাভ কৰিব। এই গীতটি লিখাৰ লগতে সুৰ দিছে বিদ্যুৎ বিকাশে লগতে ইয়াত সংগীত বিজয় শংকৰ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform